মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

আমাৰ বুৰঞ্জী

  •             ১৯৪৪ চনৰ শেষৰ ফালে অসমত পৰিকল্পনা আৰু উন্নয়ন বিভাগটো স্থাপন কৰা হয়।  জন কল্যাণ বিভাগৰ সৃষ্টি নোহোৱালৈকে এই পৰিকল্পনা আৰু উন্নয়ন বিভাগেই জন কল্যাণৰ কামৰ বাবে দায়ী আছিল। যিয়ে হওক, এই পৰিকল্পনা আৰু উন্নয়ন বিভাগে স্থানীয় কামৰ উন্নয়ন, উমট্ৰু জলবিদ্যুত্ প্ৰকল্প আৰু বিদেশী জলপানি আঁচনিৰ উপৰিও সমাজ কল্যাণৰ বাবে প্ৰশাসনীয় বিভাগ বনাইছে।

                ১৯৫৮ চনত আৰু তাৰ পাছত বহুলভাৱে হোৱা পুনৰগঠনত অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, মূল্যায়ন আৰু নিৰীক্ষণ বিভাগ, আঁচনি সমন্বয়ক বিভাগ, জন শক্তি বিভাগ, বিকেন্দ্ৰীকৃত আঁচনি বিভাগ, কুৰি দফীয়া আঁচনি, উত্তৰ-পূৱ পৰিষদ কোষ, কম্পিউটাৰ প্ৰয়োগ বিভাগ আৰু পি. এণ্ড ডি. পুথিভঁড়াল প্ৰশাসনীয় বিভাগলৈ উন্নীত কৰা হয়।

                সূত্ৰ উদঘাটন আৰু ৰাজ্যিক আঁচনিৰ কাৰ্যকৰীকৰণৰ কথাটো চিন্তা কৰিলে এই পৰিকল্পনা আৰু উন্নয়ন বিভাগেই হৈছে হৃদপিণ্ড আৰু ই ৰাজ্যৰ সেই শাৰীত থকা বিভাগসমূহক সূত্ৰ উদ্ঘাটন, কাৰ্যকৰীকৰণ পুনৰীক্ষণৰ লগে লগে ক্ষেত্ৰীয় উন্নয়ন আৰু বিত্তীয় কৰ্মৰ সাব্যস্তকৰণ/ৰেকৰ্ড ৰখাৰ পথ প্ৰদৰ্শক। প্লেনিং কমিচনৰ পথ প্ৰদৰ্শনৰ মতে আৰু জনসাধাৰণৰ আশা-আকাংক্ষাৰ মতে এই বিভাগে বাৰ্ষিক আৰু পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰে। বিবেচিত পঞ্চবাৰ্ষিক আঁচনি বা বাৰ্ষিক আঁচনিৰ বাবে আহিবলগীয়া পুঁজিৰ প্ৰাচুৰ্য চূড়ান্ত হোৱাৰ পাছত বিভাগটোৱে বিভিন্ন ধৰণৰ উপ-আঁচনি, যেনে- পাৰ্বত্য আঁচনি, জনজাতীয় উপ-আঁচনি (TSP), অনুসূচিত জাতি সংযোগী আঁচনি  (SCCP) আৰু বড়ো স্বায়ত্ত শাসিত (BTC) আঁচনিসমূহলৈ পুঁজি নিৰ্গমন কৰায়। অৱশিষ্টখিনিৰ পৰা বিভাগে পঞ্চবাৰ্ষিক আৰু বাৰ্ষিক পৰিকল্পনাৰ বাবে সাধাৰণ অঞ্চলৰ কাৰণে খৰচ বহন কৰে।