মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

পুথিভঁড়াল

  • বিভাগৰ কৰ্মপদ্ধতি

                পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ পুথিভঁড়ালটো ১৯৭৬-৭৭ চনত বিশেষ পুথিভঁড়াল হিচাপে স্থাপন কৰা হয়। পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ এই বিশেষ পুথিভঁড়ালটোৱে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ এটা বিশেষ বিষয় বা ভালেকেইটা বিষয় বা এবিধ বিশেষ ধৰণৰ নথি থকা, লগতে  ই আঁচনি আৰু উন্নয়ন বিভাগৰ দৰে মূল গোট আৰু আন আন উন্নয়ন বিভাগলৈও সেৱা  আগবঢ়ায়।

    পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ পুথিভঁড়ালৰ মূল উদ্দেশ্য –

    • পৰিকল্পনা আৰু উন্নয়নৰ ক্ষেত্ৰখনৰ উল্লেখযোগ্য অগ্ৰগতি আৰু গোটেই চৰকাৰখনৰ উন্নয়ন, অৰ্থনীতি আৰু আন আন বিষয় সামৰি উল্লেখনীয় উন্নয়নসমূহৰ লগত সংগঠনৰ কৰ্মচাৰীসকলৰ যোগাযোগ ৰাখিবলৈ সমৰ্থবান কৰাৰ বাবে সংবাদ সেৱা আগবঢ়োৱা।
    • পুথি বিচৰা আৰু পঢ়ুৱৈক যুক্তিযুক্ত সংবাদ যোগান ধৰা।
    • ব্যৱহাৰকাৰীক আগ্ৰহী কৰি তোলাৰ বাবে ভাল সেৱাৰ সমমানৰ সংগ্ৰহ।
    • ব্যৱহাৰকাৰীয়ে যেতিয়াই বিচাৰে তেতিয়াই সংবাদ প্ৰেৰণৰ ব্যৱস্থা।

    পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ পুথিভঁড়ালটোৱে দেশৰ যিকোনো আধুনিক পুথিভঁড়ালৰ মানৰ সকলো সেৱা আগবঢ়াব লাগিব; যেনে- পঢ়ুৱৈ আৰু বিভাগৰ প্ৰয়োজন মতে নিদৰ্শন কিতাপ, কিতাপ ধাৰলৈ দিয়া ইত্যাদি, নথি আৰু সংবাদ সংৰক্ষণৰ সুবিধা, পুথিৰ তালিকা প্ৰস্তুত আদি।

                বৰ্তমানে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ পুথিভঁড়ালত মুঠ ৫০০০ৰ পৰা ৬০০০ কিতাপ, আলোচনী, প্ৰতিবেদন, বাতৰি কাকত ইত্যাদি আছে। কিতাপ বিলাক ক্ৰমিক নম্বৰ অনুসৰি আৰু প্ৰতিবেদনসমূহ বিষয় অনুসৰি লোৰ আলমাৰীত ৰখা হৈছে।