মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্ব

  • বিভাগৰ কৰ্ম পদ্ধতি

    প্ৰস্তাৱনা

                    একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনত আন্তঃগাঁথনি উন্নয়নৰ কৌশলত প্ৰতীয়মান হৈছে যে আন্তঃগাঁথনি উন্নয়নৰ বাবে দৰকাৰ হোৱা পুঁজি ৰাজহুৱা খণ্ডত লগা পুঁজিৰ ক্ষমতাতকৈ বেছি। গতিকে সৰ্বমুঠ দৰকাৰ পুঁজিৰ মোকাবিলা কৰিবলৈ সঠিকভাৱে পি.পি.পি. পুঁজি, আহৰণ কৰা দৰকাৰ ৰাষ্ট্ৰীয় আৰু উপ-ৰাষ্ট্ৰীয় উভয় পৰ্যায়ত পি.পি.পি.ৰ জৰিয়তে আন্তঃগাঁথনিৰ বাবে আগবঢ়োৱা সেৱা চৰকাৰী আৰু আনুসঙ্গিক বিভাগবোৰৰ বাবে দৰকাৰী অধিকাৰ। তেওঁলোকে এইটো খণ্ডত প্ৰচুৰ পুঁজি খটুৱাব পৰা সক্ষমতাৰ উপৰিও লগত সংযুক্ত হল কাৰ্যদক্ষ হিচাপে সেৱা আগবঢ়োৱা। নব্য কাৰিকৰী ধাৰণা আৰু মূল্যমানৰ অভিযান্ত্ৰিকতাই আশা কৰা মতে দায়-দায়িত্বৰ ফল নিৰূপণ কৰিব পাৰে।

    অসমত পি.পি.পি.

                    অৰ্থনৈতিক দিশত অসম দেশ যথেষ্ট পিছ পৰি থকা কথাটো ধৰি ললে দেশৰ আন আন অংশৰ লগত ফেৰ মাৰিবলৈ অসমে অৰ্থনৈতিক উন্নয়নৰ ত্বৰণ ঘটাব লাগিব। দেশৰ এচুকত থকা এই ৰাজ্যখনৰ ক্ষেত্ৰীয় পৰিকাঠামোৰ উন্নত কৰিবলৈ একেজোপা ঔদ্যোগিক উন্নয়ন কৰিবৰ বাবে এক বহুল বিস্তাৰিত পৰিকাঠামোৰ দৰকাৰ। অসম চৰকাৰে এই উদ্দেশ্যে পি.পি.পি.ৰ সৈতে ব্যক্তিগত খণ্ডৰ পুঁজি যোগানেৰে ৰাজ্যৰ পৰিকাঠামোৰ উন্নয়নৰ বাবে নিৰ্ধাৰণ কৰা এক সূচনা। পৰিকাঠামো এই খণ্ডত পি.পি.পি.ৰ আগমন এইবাবেই এক শুভ লক্ষণ যে ই ৰাজহুৱা আটকীয়া পুঁজিৰ পৰিপূৰক, যথেষ্ট প্ৰতিযোগিতামূলক অৱস্থা সৃষ্টিৰ লগতে ব্যক্তিগত পৰিচালনাত কাৰ্যদক্ষতা বৃদ্ধি কৰে।

    অসমত পি.পি.পি.ৰ যুক্তিযুক্ততা

                    পঞ্চ বাৰ্ষিক পকিলপ্নৰা গাঠনিত বিশেষভাৱে উল্লেখিত ভিন ভিন বিষয়সমূহৰ লক্ষ্যত উপনীত হব পৰা গেজেট নটিফিকেশ্যন ২০০৮ত অসম চৰকাৰে চৰকাৰী-বেচৰকাৰী অংশদীদাৰিত্ব নীতি অন্তৰ্ভুক্ত কৰিছে।

                    ইয়ে সময় মতে প্ৰকল্পসমূহৰ সেউজ সংকেত দিয়া আৰু পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অন্তৰ্গত পি.পি.পি. কোষৰ সহায়ত উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ লগ হৈ প্ৰতিষ্ঠাপিত প্ৰকল্পসমূহৰ বাবে কাৰ্যকৰী কলা-কৌশল চিনাক্ত কৰে।

    শীৰ্ষ প্ৰাধিকাৰী

                    মুখ্যমন্ত্ৰী এই বিভাগৰ অধ্যক্ষ আৰু বিত্ত মন্ত্ৰী, নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী, ৰাজহ মন্ত্ৰী, উদ্যোগ মন্ত্ৰী, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই তেখেতক সহায় কৰে; মুখ্য সিচ ডাঙৰীয়া হৈছে সদস্য আৰু পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঙৰীয়া হৈছে সদস্য আহ্বায়ক। প্ৰকল্পটো যিটো বিভাগত পৰে সেই বিভাগৰ মন্ত্ৰীজনা শীৰ্ষ প্ৰাধিকাৰীৰ মনোনীত সদস্য হয়। শীৰ্ষ প্ৰাধিকাৰীয়ে নীতিগতভাৱে সকলো পি.পি.পি. প্ৰকল্পক অনুমোদন দিব, যিবিলাক প্ৰকল্পৰ অদৃশ্যভাৱে থকা সম্পদকে ধৰি সকলো সম্পদৰ মূল্য ১০০ কোটি টকাতকৈ অধিক হৈ পুঁজিৰ লগতে বিকাশকাৰীৰ বাবে শীৰ্ষ প্ৰাধিকাৰীৰ অনুমোদন লাগিব।

    ক্ষমতাসম্পন্ন কমিটী

                    মখ্য সচিব ডাঙৰীয়া হৈছে ক্ষমতাপন্ন কমিটীখনৰ অধ্যক্ষ আৰু বিত্ত, ৰাজহ, বন, বিধান মণ্ডলৰ উপৰিও প্ৰকল্পটোৰ বিভাগীয় মুখ্য কাৰ্যবাহী বিষয়াজন হৈছে সদস্য। পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিবজন হৈছে সদস্য আহ্বায়ক। নিম্ন উল্লেখিত বিষয়সমূহেই হৈছে ক্ষমতাসম্পন্ন কমিটীৰ প্ৰাথমিক কৰ্ম পদ্ধতি –

    • পি.পি.পি.ৰ প্ৰকল্পৰ খাপত তুলি তাতে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱসমূহৰ অনুমোদন কৰা
    • প্ৰকল্প উন্নয়ন ফাণ্ডৰ (পি.ডি.এফ.) সাহায্য পাবলৈ প্ৰকল্পসমূহ অনুমোদন কৰা।
    • শীৰ্ষ প্ৰাধিকাৰীয়ে নীতিগতভাৱে অনুমোদন দিবলৈ বুলি প্ৰস্তাৱসমূহৰ বাবে পৰামৰ্শ দিয়া।
    • ডাক দিয়াৰ নীতি আৰু ডাক দিয়াৰ নিয়মসমূহ অনুমোদন কৰা।
    • ১০০ কোটি টকালৈ থকা প্ৰকল্পৰ পুঁজি যোগানকাৰীক অনুমোদন।

    পি.পি.পি. কোষ

    পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অন্তৰ্গত পি.পি.পি. কোষে ক্ষমতাসম্পন্ন কমিটীক নিম্নোল্লেখিত বিষয়সমূহত সহায় কৰিব –

    • প্ৰকল্প ৰূপায়ণ কৰিবলগা বিভাগৰ সৈতে আলোচনা মৰ্মে প্ৰকল্পসমূহ চিনাক্তকৰণ, ধাৰণা দিয়া আৰু সৃষ্টি কৰাৰ বাবে এটা খলপা বনোৱা আৰু তেনেকৈ সৃষ্ট প্ৰকল্পসমূহ ক্ষমতাসম্পন্ন কমিটী। পি.পি.পি.ৰ শীৰ্ষ মহলৰ পৰা অনুমোদন লাভ কৰা।
    • ভিন ভিন চৰকাৰী বিবাগে প্ৰাক্-সম্ভাৱনীয়তা প্ৰতিবেদন বিভাগে নিজেই হওক বা কোনো পৰামৰ্শদাতাৰ জৰিয়তে হওক প্ৰস্তুত কৰা কাৰ্যত সহায় কৰা।
    • পি.পি.পি. প্ৰকল্পসমূহ আৰ্থিক আৰু আইনী দিশৰ ফালৰ পৰা মূল্যায়ন কৰা
    • ক্ষমতাপন্ন কমিটী/পি.পি.পি.ৰ শীৰ্ষ মহলক বিত্তীয়, আইনী ক্ষেত কাৰিকৰী সাহায্য দিয়া।
    • বিভাগসমূহে প্ৰকল্প আঁচনি প্ৰস্তুত কৰাত সাহায্য কৰা।
    • যোগানকাৰী নিৰ্বাচন কৰোতে ডাক দিয়া পদ্ধতিত বিভাগসমূহক সহায় কৰা।
    • ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, বিত্ত মন্ত্ৰালয়ৰ প্ৰকল্পটোৰ কাৰ্যদক্ষতাৰ দোষ-গুণসমূহ (ভি.জি.এফ.) পৰ্যালোচনা কৰি অনুমোদন কৰোৱা।
    • ৰাজ্যত পি.পি.পি.ৰ দক্ষতা বৃদ্ধিত সংযোগী এজেন্সী হিচাপে কাম কৰা।

     

    পি.পি.পি. পথ-নিৰ্দেশনাৰ হাতপুঁথি:

                প্ৰকল্প উন্নয়ন কাৰ্য আৰু পৰামৰ্শদাতা আৰু ব্যক্তিগত কাৰিকৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ নিয়ম পদ্ধতিসমূহ বিশদভাৱে লিপিবদ্ধ কৰা পি.পি.পি.ৰ কৌশলৰ নিৰ্দেশনাৰ এখন হাতপুঁথি প্ৰণয়ন কৰা হৈছে।

    প্ৰকল্প উন্নয়ন পুঁজি:

                ৰাজ্যিক বাজেটৰ সহায়ত পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অধীনত প্ৰকল্প উন্নয়ন কাৰ্যৰ কাৰণে পি.ডি.এফৰ অনুমোদন আৰু ব্যৱহাৰিক নিয়মৰ সৃষ্টি কৰি পি.ডি.এফৰ উন্নয়ন সাধন কৰা হৈছে।

    যোগ্যতা গঠন:

                অসমত পি.পি.পি.ৰ যোগ্যতা গঠনৰ উন্নয়নৰ কামত আগভাগ লবলৈ পৰিকল্পনা আৰু উন্নয়ন বিভাগে বহুমুখী কৰ্মৰে আগভাগ লৈছে

                (ক) কৰ্মশালাৰ যোগেদি সজাগতাকৰণ

                পি.পি.পি. কোষে সজাগতা আঁচনিৰ বাবে ২০১০ চনত কেইবাখনো কৰ্মশালাৰ লগতে প্ৰতিনিধিত্বমূলক কৰ্মশালা অনুষ্ঠিত হৈছে। তদুপৰি পি.পি.পি.ৰ লগত ঔদ্যোগিক অংশীদাৰসকলক লৈ বিভিন্ন বিষয়ৰ ওপৰত এখন আঞ্চলিক কৰ্মশালা ২০১১ চনৰ জুন মাহত অনুষ্ঠিত কৰিবলৈ যো-জা কৰা হৈছে। এই কৰ্মশালাই সুযোগৰ সদব্যৱহাৰ আৰু প্ৰত্যাহ্বানসমূহ বুদ্ধি পাবলৈ সহায় কৰিব আৰু ৰাজ্যত পি.পি.পি. প্ৰকল্পৰ পৰিবেশ সৃষ্টিৰ কাৰক হব এইটোৱে ৰাজ্যৰ পৰিকাঠামোত লেখত লবলগীয়া উন্নয়নত অংশীদাৰিত্বৰ যুক্তিযুক্ততা উজলোৱাত সহায়ক হব।

                (খ)পি.পি.পি.ৰ সজাগতাৰ প্ৰশিক্ষণ আৰু প্ৰকল্প চিনাক্তকৰণ

                বিভাগীয় বিষয়াসকলক চৰকাৰৰ বিভিন্ন আঁচনিৰ বিত্তীয়/কাৰিকৰী সাহায্যত প্ৰকল্প উন্নয়ন কামৰ দায়িত্ব গ্ৰহণৰ সুযোগ লবলৈ সজাগতা সৃষ্টি কৰাৰ বাবে পি. এণ্ড ডি. বিভাগে ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সৈতে এখন পাঁচ-দিনীয়া কৰ্মশালাৰ ব্যৱস্থা কৰিছিল। এই কৰ্মশালাত প্ৰস্তুত কৰা তালিকাত নতুনকৈ ১৮টা প্ৰকল্প চিনাক্তকৰণ হৈছিল আৰু ভাৰত চৰকাৰৰ পৰা এই আঁচনিৰ বাবে সাহায্য বিচৰা হৈছিল।

    • পি.পি.পি.ৰ লগত সংপৃক্ত ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ বাবে এটা দুদিনীয়া সজাগতা প্ৰশিক্ষণ ২০১১ চনৰ ১০ আৰু ১১ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু ইয়াত নতুন দিল্লীৰ নেচনেল কেপাচিটি বিল্ডিং ট্ৰাষ্টে পৰিচালনা কৰিছিল।

    পি.পি.পি.ৰ বিস্তাৰিত সামৰ্থ্য গঠন আঁচনি

                নেচনেল কেপাচিটি বিল্ডিং ট্ৰাষ্টৰ লগত এখন চুক্তি (জ্ঞাপন-MoU) (I-CAP)  স্বাক্ষৰ কৰা হৈছে যাতে ৰাজ্যৰ বিষয়াসকলে পি.পি.পি.ৰ ওপৰত সামৰ্থ্য গঠনৰ বাবে প্ৰশিক্ষণ লব পাৰে। প্ৰশিক্ষণৰ বাবে দৰকাৰী নিৰ্ধাৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বিভিন্ন স্তৰৰ ৰাজ্যিক চৰকাৰী বিষয়াসকলৰ প্ৰশিক্ষণৰ পাঠ্যক্ৰম চূড়ান্ত কৰা হৈছে। প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ ২০১১ চনৰ মাৰ্চ মাহত সম্পূৰ্ণ হব আৰু ৰাজ্য চৰকাৰৰ কৰ্মকৰ্তাসকলৰ নিয়মীয়া প্ৰশিক্ষণ ২০১১ চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হব।

    অসমত পি.পি.পি. প্ৰকল্প

                ২০১০ চনৰ ডিচেম্বৰত অসম চৰকাৰে বিভিন্ন বিভাগৰ ৬০টা প্ৰকল্প পি.পি.পি. ধৰণে আৰম্ভ কৰিছিল, যিকেইটা এতিয়া কাৰ্যক্ষম হোৱাৰ বিভিন্ন অৱস্থাত আছে, যেনে- ডাক দিয়া বন্ধ কৰা, প্ৰস্তুতি পৰ্ব আৰু বোধগম্যতা। ইয়াৰে ১৮টা প্ৰকল্প ভাৰত চৰকাৰে সাধাৰণ ধাৰণাৰ ভিত্তিত অনুমোদন দিছে, যাতে জি.ডি.ডি, শক্তি, পৰ্যটন, শ্ৰমিক কল্যাণ, নগৰ উন্নয়ন, আই.টি. আৰু স্বাস্থ্য বিভাগৰ দৰে ৭টা বিভাগে অগ্ৰণী প্ৰকল্প সূত্ৰপাত কৰি প্ৰকল্প উন্নয়নৰ কাম কৰিব পাৰে।

    পি.পি.পি.ৰ পৰিকল্পনা পদ্ধতি

                 কোষৰ ৱেব পোৰ্টেল প্ৰতিষ্ঠা কৰা হৈছে, যেনে- http://www.assamppp.gov.in আৰু ৰাজ্যৰ পি.পি.পি.ৰ কৰ্মৰাজি সমগ্ৰ অগ্ৰগতি নিৰীক্ষণ কৰিব পৰাকৈ উন্নত কৰি প্ৰতিষ্ঠা কৰা হৈছে যাতে অংশীদাৰ আৰু বিশেষকৈ জনসাধাৰণে ইয়াত ভাগ লব পাৰে। এই সন্দৰ্ভত (ক) বেচিক প্ৰজেক্ট ডাটা, (খ) কণ্টেক্ট ইনফৰমেশ্যন, (গ) বিডিং ইনফৰমেশ্যন, (ঘ) ফিনানচিয়েল ডিটেইল, (ঙ) লীগেল ইনফৰমেশ্যন আদিৰ দৰে বিভিন্ন প্ৰকল্পৰ সঁজুলি বহলভাৱে বোধগম্য ডাটাবেছ এন.আই.টি., অসমৰ সহযোগত উন্নীত কৰা হৈছে। এই ডাটাবেছৰ সহায়ত এই ৱেবছাইট ব্যৱহাৰ কৰি সেই বিভাগবোৰে প্ৰকল্পৰ বিশদ বিৱৰণ সাব্যস্ত কৰিব পাৰে।

                ৰাজ্যিক চৰকাৰৰ এনে চেষ্টাৰ উপৰিও, পি.পি.পি., পৰিবেশ উন্নতকৰণ প্ৰক্ৰিয়াত চৰকাৰে তালিকা অনুসাৰে সহায় কৰ আছে। কাৰিকৰীভাৱে সহায়কাৰী ভালেখিনি তালিকা সংলগ্ন কৰি, যিখিনিয়ে পি.পি.পি.ৰ পৰিবেশ সৃষ্টিৰ বাবে এক উদগত প্ৰয়োজনৰ চাহিদা পূৰাবলৈ উন্নীত কৰা হৈছে, সেইবোৰ নিম্ন লিখিত ধৰণৰ-

    • অগ্ৰণী প্ৰকল্পৰ সূত্ৰপাত – পূৰ্বতে নিৰ্ধাৰিত কোনো সন্থা/সন্থাৰ থূলৰ জৰিয়তে পৰামৰ্শদাতা নিয়োগৰ বাবে, যিটোৱে পি.পি.পি.ক এবাৰতে প্ৰকল্পৰ ধাৰণা সৃষ্টি আৰু উন্নয়ন, মূল্যমানৰ কাৰিকৰী পুনৰীক্ষণ, বিত্তীয় আৰ্হি, পি.পি.পি. ইচ্ছাধীনতাৰ ব্যাখ্যা আৰু সদৌ শেষত কোনো ব্যক্তিগত খণ্ডক প্ৰদান ইত্যাদি কামৰ বাবে ডি.ই.এ.ৰ এটা প্ৰকল্প উন্নয়ন ফাণ্ড আছে (১০০ শতাংশ অনদান)।
    • আই.আই.পি.ডি.এফ. – পৰামৰ্শদাতা সন্থাক প্ৰকল্প উন্নয়ন নিয়োগ কৰা কাৰ্যৰ বা ডি.ই.এৰ এটা প্ৰকল্প উন্নয়ন ফাণ্ড আছে (৭৫ শতাংশ অনুদান)। অৱশিষ্ট ২৫ শতাংশ ৰাজ্য চৰকাৰে বহন কৰে। এইবাবে ৰাজ্যৰ পি.ডি.এফৰ পৰাও এই সুবিধা লব পাৰি।
    • আইনী পৰামৰ্শ – ই হৈছে পি.পি.পি.ৰ দ্বাৰা পূৰ্বতে যোগ্যতা নিৰূপিত ভাৰত আৰু বিদেশত থকা এক সংস্থা, যিয়ে হ্ৰস্বকালীন পুনৰীক্ষণ/প্ৰকল্প নথিৰ আইনী মূল্যায়ন/অগ্ৰগামী পি.পি.পি. প্ৰকল্পসমূহৰ উন্নয়নৰ আইনী পৰামৰ্শ দিয়ে। ১০০ শতাংশ ভাৰত চৰকাৰৰ অনুদান আছে।
    • কাৰ্যদক্ষতাৰ দোষ-গুণৰ বাবে ফাণ্ড – প্ৰকল্প নিৰ্মাণ হৈ থকা অৱস্থাতে মূলধনী অনুদান হিচাপে ভি.জি.এফৰ অধীনত আৰ্থিক সাহায্য দিয়া যায়। ভি.জি.এফৰ পৰিমাণ হৈছে মূলধনৰ ওপৰত দিয়া অৰ্থসাহায্যৰ নিম্নতম ডাকৰ সমান আৰু ই মুঠ প্ৰকল্প মূল্যৰ সৰ্বোচ্চ ২০ শতাংশ। যদিহে সহায়ক মন্ত্ৰালয়/ৰাজ্যিক চৰকাৰ/সংসদৰ আইনমতে সৃষ্ট কোনো সন্থাই উক্ত ভি.জি.এফৰ অনুদানৰ উপৰিও বিত্তীয় সাহায্য দিব খোজে, তেন্তে সেই পৰিমাণ আকৌ মুঠ প্ৰকল্প মূল্যৰ ২০ শতাংশতকৈ অধিক হব নোৱাৰিব।