মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

কুৰি দফীয়া আঁচনি

  • বিভাগৰ কৰ্ম আঁচনি

                আমাৰ উন্নয়ন আঁচনিৰ মূল উদ্দেশ্যই হৈছে দাৰিদ্ৰতা নিৰ্মূলকৰণ আৰু লগতে জীৱন ধাৰণৰ মান উন্নতকৰণ। এই কথাটোকে মনত ৰাখি বিভিন্ন আঁচনিৰ সূত্ৰসমূহ উদ্ভাৱন কৰা হৈছে। কুৰি দফীয়া আঁচনি হৈছে এনেদৰে চিনাক্ত কৰা আঁচনিৰ সংমিশ্ৰণ যে কাৰ্যকৰীকৰণ পদ্ধতিত বিশেষ ধৰণে হেঁচা দিবলৈ ইয়াক এটা ছাতিৰ তলতে ৰখা হৈছে। কুৰি দফীয়া আঁচনি (টি.পি.পি.) ভাৰত চৰকাৰে ১৯৭৫ চনত আৰম্ভ কৰিছিল আৰু ১৯৮২, ১৯৮৬ আৰু আকৌ ২০০৬ চনত ইয়াক পুনৰ্গঠন কৰিলে। পুনৰ্গঠিত আঁচনিখন কুৰি দফীয়া আঁচনি (টি.পি.পি.),২০০৬ নামে জনা যায় আৰু ই ২০০৭ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হয়।

                দাৰিদ্ৰতা নিবাৰণ, মহিলাৰ প্ৰতি অসমতা নিবাৰণ, অনুসূচিত জাতি/জনজাতিৰ প্ৰতি ন্যায় প্ৰদান, খোৱাপানীৰ ব্যৱস্থা, সকলোৰে বাবে স্বাস্থ্য, কৃষকৰ সহায়, শ্ৰমিক কল্যাণ, খাদ্য সুৰক্ষা, সকলোৰে বাবে ঘৰ, শিশু কল্যাণ, পাৰিপাৰ্শ্বিকতা ৰক্ষণ, সামাজিক সুৰক্ষা, গ্ৰাম্য পথ, প্ৰাথমিক শিক্ষাক বিশ্বজনীনতা, গাঁৱৰ বাবে শক্তি যোগান ধৰা আৰু উন্নত জীৱন ধাৰণৰ মান থকা, বিশেষকৈ গাঁও অঞ্চলৰ বাবে এই আঁচনিখনে বেছি জোৰ দিছে।

                কুৰি দফীয়া আঁচনি,২০০৬ৰ অধীনৰ সকলোবোৰ আঁচনি নিৰীক্ষণৰ কাম কুৰি দফীয়া আঁচনি কোষক ন্যস্ত কৰা হৈছে। নিয়ম অনুসৰি ৰাজ্যিক চৰকাৰৰ বিভাগবিলাকৰ পৰা পোৱা প্ৰস্তাৱবিলাকৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰৰ সেই বিভাগে বাৰ্ষিক ক্ষেত্ৰীয় লক্ষ্য স্থিৰ কৰে। মন্ত্ৰালয়বিলাকে লক্ষ্য চূড়ান্ত কৰি উঠি ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰে। তাৰ পাছত পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে বাৰ্ষিক ক্ষেত্ৰীয় লক্ষ্যসমূহ ৰাজ্যিক চৰকাৰলৈ প্ৰেৰণ কৰে। ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ৰ পৰা বাৰ্ষিক ক্ষেত্ৰীয় লক্ষ্য পোৱাৰ পিছত পৰিকল্পনা আৰু উন্নয়ন বিভাগে সেইবিলাক নিৰ্দিষ্ট বিভাগ/টি.পি.পি.-২০০৬ৰ ৰূপায়ণ বিভাগৰ মুৰব্বীলৈ প্ৰেৰণ কৰে, যাতে তাৰ ওপৰত দৰকাৰী ব্যৱস্থা লব পৰা যায়। ৰাজ্যিক লক্ষ্যখিনি জিলাভিত্তিত ভাগ কৰা যায়। উন্নয়নৰ লাভালাভৰ ভাগ-বটোৱাৰাৰ আঞ্চলিক অসমতা দূৰ কৰিবলৈ জিলাৰ অংশটো আকৌ উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়ত স্তৰত ভাগ ভাগ কৰা হয়। জিলা লক্ষ্যসমূহ উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়ত স্তৰত ভাগ কৰি উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়তৰ বিষয়াৰ মাজত জাৰি কৰিবলৈ জিলাবিলাকৰ উপায়ুক্তৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছে।

                টি.পি.পি.-২০০৬ৰ অধীনত নিৰ্বাচন কৰা আঁচনিসমূহৰ কামৰ মাহিলী অগ্ৰগতি নিৰূপণ কৰি ভাৰত চৰকাৰে বিধান দিয়া ফৰমেটত ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়লৈ পঠাবলৈ এটা পদ্ধতি দিছে। আন আন কথাৰ ভিতৰতে, সেই বিষয়টোৰ লক্ষ্যৰ প্ৰসঙ্গত কোন শাৰীত স্থান লাভ কৰিছে তাকে দেখুৱাইছে। তদুপৰি বাৰ্ষিক অগ্ৰগতিৰ খতিয়ান সঞ্চলন কৰি ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ত দাখিল কৰা হয়।

                ৰাজ্যিক স্তৰত টি.পি.পি.-২০০৬ৰ অধীনত ৰূপায়ণ কৰা আঁচনিসমূহৰ অগ্ৰগতি পুনৰীক্ষণ কৰিবলৈ ৰাজ্যিক স্তৰত টি.পি.পি-২০০৬ৰ এখন পৰামৰ্শদাতা কমিটী আছে যিখনৰ অধ্যক্ষ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া; কমিটীখন চৰকাৰী অধিসূচনা নং পি.ডি.পি.(২০-পি) ৫/২০০৭/৬ তাৰিখ ২২/১১/০৭ মৰ্মে পুনৰগঠন কৰা হৈছে। তাতে এজন পূৰ্ণকালীন উপাধ্যক্ষ আছে (মুখ্যমন্ত্ৰীৰ মনোনীত)। মন্ত্ৰীসকল, ৰাজ্যিক মন্ত্ৰীসকল, সাংসদসকল, মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিবসকল, প্ৰধান সচিবসকল/বিভাগীয় আয়ুক্ত আৰু সচিবসকল আৰু সমাজকৰ্মীসকল, শিক্ষাবিদসকল (মুখ্যমন্ত্ৰীৰ মনোনীত) হৈছে এই এছ.এল.এ.চিৰ সদস্য।

    কুৰিদফীয়া আঁচনিৰ ওপৰত থকা ৰাজ্যিক স্তৰৰ পৰামৰ্শদাতা কমিটীৰ কাৰ্যসমূহ –

                বিভিন্ন আঁচনি ৰূপায়ণত যাতে স্থানীয় সমস্যাসমূহৰ প্ৰতি সংবেদনশীলতা, প্ৰয়োজন আৰু আশা-আকাংক্ষা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে মানুহ স্বতঃস্ফুৰ্ত্তভাৱে আগবাঢ়ি আহে সেই কথা মনত ৰাখি কুৰি-দফীয়া আঁচনিখনৰ বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বাবে পৰামৰ্শ দিব লাগিব।

    • ৰাজ্যৰ পৰিস্থিতি আৰু বিশেষ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আৰু লগতে জাতীয় প্ৰক্ষাপটৰ আধাৰত অগ্ৰাধিকাৰ ভিত্তিত বিভিন্ন আঁচনিৰ কাৰ্যকৰীকৰণৰ ওপৰত পৰামৰ্শ দিব লাগিব।
    • কুৰি দফীয়া আঁচনিৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতিৰ সময়তে মূল্যাংকন কৰি প্ৰয়োজন সাপেক্ষে এৰা-ধৰাকৈ লক্ষ্যত উপনীত হব পৰাকৈ পথৰ সন্ধান দিব।
    • সাধাৰণতে বিভিন্ন আঁচনি আৰু প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত পোৱা বাধাসমূহ চিনাক্ত কৰা আৰু বিশেষভাৱে লভ্যাংশ উপভোক্তাৰ দলে উদ্যোগ লোৱা আঁচনিসমূহে পোৱা অসুবিধাসমূহৰ নিৰাময়ৰ বাবে প্ৰয়োজনীয় সঠিক পথ দেখুওৱা।
    • বিভিন্ন বিভাগ/এজেন্সি/অনুষ্ঠানৰ মাজত সহযোগিতা স্থাপন কৰিব পৰা স্থানৰ চিনাক্ত কৰা আৰু আঁচনিৰ এক অৰ্থবহ কাৰ্যকৰীকৰণৰ বাবে কাৰ্যকৰী সহযোগিতাৰ বাবে পৰামৰ্শ দিয়া।
    • অতিৰিক্ত সদস্য মনোনীত কৰিবলৈ কমিটীখনৰ ক্ষমতা আছে। আগতে জিলা পৰ্যায়ত উপায়ুক্তৰ অধ্যক্ষতাত গঠিত জিলা উন্নয়ন কমিটীয়ে এই প্ৰকল্প চোৱাচিতা কৰিছিল। উন্নয়ন বিভাগৰ জিলাৰ সকলো মুৰব্বীয়ে এই ডি.ডি.চি.ৰ সদস্য আছিল। ২০০৩-০৪ চনত জিলা স্তৰত প্ৰতিখন জিলাত পৰামৰ্শদাতা কমিটী একোখনকৈ উপায়ুক্তৰ অধ্যক্ষতাত গঠন কৰা হয়, যিখনৰ কাম হৈছে কুৰি দফীয়া আঁচনি ৰূপায়ণৰ কাম একচেতীয়াভাৱে চোৱাচিতা কৰা। কুৰি-দফীয়া আঁচনি-২০০৬ৰ জিলা স্তৰৰ পৰামৰ্শদাতা কমিটীখন জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীৰ অধ্যক্ষতাত চৰকাৰী অধিসূচনা নং পি.ডি.পি.(২০-পি) ৫/২০০৭/৭ তাৰিখ ২২/১১/০৭ৰ মৰ্মে পুনৰগঠন কৰা হয়। জিলাৰ সকলো বিধায়ক/সাংসদ, উন্নয়ন বিভাগৰ সকলোবিলাক জিলাৰ মুৰব্বী, জিলা পৰিষদৰ সভাপতি, মহিলা মৰ্চাৰ সভানেত্ৰী, সংখ্যালঘু সম্প্ৰদায়ৰ সভাপতি, অনুসূচিত জাতি/জনজাতি উন্নয়ন পৰিষদৰ সভাপতি, মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি, প্ৰাক্তন সৈনিক সন্মিলনৰ সভাপতি, আই.টি.ডি.পিৰ প্ৰকল্প সঞ্চালক, এজন সমাজকৰ্মী (উপায়ুক্তৰ মনোনীত) এই ডি.এল.এ.চিৰ সদস্য। কমিটীখনে টি.পি.পি-২০০৬ আঁচনিৰ আধাৰত জিলা পৰ্যায়ত প্ৰকল্পসমূহৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতিৰ পুনৰীক্ষণ কৰে আৰু যাতে আঁচনিসমূহ স্থানীয় চাহিদা, আশা-আকাংক্ষাৰ প্ৰতি সংবেদনশীল হোৱা বাবে প্ৰকল্পসমূহ কৃতকাৰ্যতাৰে কাৰ্যকৰীকৰণত স্বতঃস্ফুৰ্ত্তভাৱে মানুহ আগবাঢ়ি আহে, তাৰ বাবে পৰামৰ্শ দিব লাগিব। জিলা স্তৰৰ পৰামৰ্শদাতা কমিটীৰ পৰা ৰাজ্যিক স্তৰৰ পৰামৰ্শদাতা কমিটীলৈ মাহিলী প্ৰতিবেদন দিয়াটো নিয়ম। তাতে এই প্ৰতিবেদনসমূহ পৰীক্ষা কৰা হয় আৰু তাতে চেপা মাৰা অংশ আছে নেকি চোৱা আৰু দৰকাৰ মতে সেইবিলাক শুদ্ধ কৰা।

    ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলৰ বাবে টি.পি.পি.-২০০৬ আঁচনিখনৰ জিলা স্তৰৰ পৰামৰ্শদাতা কমিটীখন স্বায়ত্ত শাসিত পৰিষদ/বি.টি.চিৰ মুখ্য কাৰ্যবাহী সদস্যৰ অধ্যক্ষতাত চৰকাৰী অধিসূচনা নং পি.ডি.পি. (২০-পি) ৫/২০০৭/৯ তাৰিখ ২৬/১১/২০০৭ মৰ্মে পুনৰগঠন কৰা হয়। বিভাগসমূহৰ সকলো জিলা মুৰব্বী, স্থানীয় বিধায়ক/সাংসদ, এছ.চি./এছ.টি./অ’বি.চি. উন্নয়ন পৰিষদৰ সভাপতি, মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি, প্ৰাক্তন সৈনিক সন্মিলনৰ সভাপতি আৰু এজন সমাজকৰ্ম্মী (প্ৰধান সচিবে মনোনীত কৰা) হৈছে ডি.এল.এ.চিৰ সদস্য। কমিটীখনে চি.পি.পি-২০০৬ আঁচনিখনৰ প্ৰকল্পসমূহ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহত কাৰ্যকৰীভাৱে আগুৱাইছে নে নাই তাকে পুনৰীক্ষণ কৰে আৰু আঁচনিসমূহ স্থানীয় সমস্যা প্ৰয়োজনীয়তা আৰু আকাংক্ষা পূৰণ কৰাৰ লগতে স্বতঃস্ফূৰ্ত্তভাৱে মানুহ আগুৱাই আহি কৃতকাৰ্য্যতাৰে কাৰ্য্যকৰী কৰিবলৈ পৰামৰ্শ আগবঢায়।  

    টি.পি.পি.-২০০৬ আঁচনিখন ব্লকৰ স্তৰত কাৰ্যসূচীৰ অগ্ৰগতিৰ নিৰীক্ষণ আৰু পুনৰীক্ষণ কৰিবলৈও ব্লকৰ স্তৰত নিৰীক্ষণ কমিটী এখন গঠন কৰা হৈছে। কুৰি-দফীয়া আঁচনিখন সঠিকভাৱে ৰূপায়ণ হোৱাটো নিৰীক্ষণ কৰিবলৈ সচিবালয় আৰু সঞ্চালকালয়ৰ পৰা এজন এজন বিষয়া সংযোগী বিষয়া হিচাপে চিহ্নিত কৰা হৈছে। এই বিভাগকেইটাৰ সহযোগী বিষয়াকেইজন বিভাগৰ তৰফৰ পৰা নিৰীক্ষণ কাৰ্য্যৰ বাবে দায়বদ্ধ।

    কুৰি-দফীয়া আঁচনি কোষে ২০১০-১১ সময়চোৱাত কৰা আৰু কৃতকাৰ্য্য হোৱা কাম

    • টি.পি.পি.-২০০৬ আঁচনিৰ ৰাজ্যিক পৰ্য্যায়ত নিৰ্বাচিত ২৫টা আঁচনিৰ মাহিলী প্ৰতিবেদন ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়লৈ নিয়মিত পঠোৱা।
    • টি.পি.পি. কেষে প্ৰতি মাহে কৰা কামৰ খতিয়ান সঞ্চলন কৰি পিছৰ মাহৰ ৩ তাৰিখে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ জৰিয়তে অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়ালৈ প্ৰেৰণ কৰা।
    • টি.পি.পি.ৰ সকলো সংকলিত প্ৰতিবেদন ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি কাৰ্যকৰণ মন্ত্ৰালয়লৈ পঠোৱা।
    • টি.পি.পি.ৰ লগত সম্পৰ্ক থকা বিভাগসমূহৰ লগত পুনৰীক্ষণৰ সভাখন ২০১০ চনৰ ১৪ ডিচেম্বৰত আৰু টি.পি.পি.ৰ ৰাজ্যিক স্তৰৰ সভাখন ২০১১ চনৰ ২১ জানুৱাৰী তাৰিখে পতা হয়।