মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

কম্পিউটাৰ প্ৰয়োগ

  • বিভাগৰ কৰ্ম পদ্ধতি

                এই বিভাগৰ মূল কেন্দ্ৰ হৈছে ইনফৰমেশ্যন ব্যৱহাৰৰ আয়োজন কৰা; যিয়ে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ সিদ্ধান্তসমূহ লোৱাত সহায়ক হব, আৰু চৰকাৰৰ কাৰ্যদক্ষ আৰু ফলদায়ক সেৱাসমূহ প্ৰকাশ কৰিব পাৰিব। এই বিভাগে বিভাগত লগা হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ আৱশ্যকতা নিৰ্ধাৰণ কৰি সাধাৰণ প্ৰশাসনীয় শাখাৰ জৰিয়তে এইবিলাক পাবলৈ পদক্ষেপ লব। বিভাগৰ ওপৰত ন্যস্ত দায়িত্ব/কৰ্মসমূহ হৈছে পৰিচালনা, বিভাগৰ লোকেল এৰিয়া নেটৱৰ্কৰ সাব্যস্তকৰণ আৰু তত্বাৱধান, আই.পি. এড্ৰেছৰ সৈতে নেট সংযোগ বহুওৱা/পুনৰ বহুওৱা, ইয়াৰ ছাৰ্ভাৰৰ লগত সংযোগ স্থাপন কৰা, হোষ্টিং এজেন্সিৰ জৰিয়তে পোৱা সংবাদ/ডাটা সমূহ নিয়মিতভাৱে আপলোড আৰু আপডেট কৰি বিভাগৰ ৱেবছাইটটো পৰিচালনা কৰা, ৱৰ্ড প্ৰচেছিং, ব্ৰাউজিং লগতে এফ.টি.এছ, ডি.টি.এছ., লাইব্ৰেৰী ছফ্টৱেৰ আৰু পঞ্চ বাৰ্ষিক আৰু বাৰ্ষিক পৰিকল্পনা আৰু বিভাগে সময়ে সময়ে প্ৰকাশ কৰা প্ৰতিবেদনসমূহ বেচিক আই.টি. প্ৰয়োগৰ ক্ষেত্ৰত বিভাগৰ বিষয়া/কৰ্মচাৰী ৰাষ্ট্ৰীয় ইনফৰমেটিকছ চেণ্টাৰ (এন.আই.চি.)ৰ অসম ৰাজ্যিক গোট আৰু অসম ইলেকট্ৰনিক ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ লগত এটা ওচৰ সম্পৰ্ক স্থাপন কৰি নিম্নোল্লেখিত দৰকাৰী কাৰ্যসমূহ সম্পাদন কৰা কাৰ্যত এটা উল্লেখযোগ্য ভূমিকা লৈছে-

    • বিভাগৰ বাবে ছফ্টৱেৰ প্ৰয়োগৰ বাবে নিৰ্দিষ্ট মানৰ ঠাচ বহুওৱা
    • গোটেই বিভাগটোৰ মাজত ছফ্টৱেৰৰ নিৰ্দিষ্ট মান আৰু পদ্ধতিৰ প্ৰশাসন আৰু পৰিচালনা প্ৰয়োগ কৰা
    • ছফ্টৱেৰ চল্যুছনৰ উন্নয়ন আৰু পৰিপালনৰ বাবে আগত আঁচনি আৰু সুসাধ্য অধ্যয়নৰ বাবে উদ্যোগ লোৱা।
    • বিভিন্ন চৰকাৰী খণ্ডত সততে দৰকাৰ হোৱা ছফ্টৱেৰ প্ৰয়োগত উন্নয়ন, পৰিপালন আৰু সাব্যস্তকৰণত কেন্দ্ৰীভূত কৰা।
    • পৰিপালিত হোৱা চল্যুচনৰ অন্তিম ব্যৱহাৰকাৰীক প্ৰশিক্ষণ আৰু সাহায্য দিয়া।
    • বিভাগৰ আন আন অংশবিলাকত ছফ্টৱেৰ চল্যুচনৰ উন্নয়ন আৰু পৰিচালনাত সহায় কৰা আঁচনি।
    • ছফ্টৱেৰ উন্নয়ন প্ৰকল্পটো তৃতীয় কৰ্তৃপক্ষই (বাহিৰৰ পক্ষ) আঁচনি কৰা, নিৰীক্ষণ কৰা আৰু মূল্যায়ন কৰা (সম্পূৰ্ণ প্ৰকল্প পৰিচালনা)গাত লবলৈ উদ্যোগ লব লাগিব।
    • বিভাগৰ ভিতৰত আই.চি.টিৰ পৰিকাঠামো প্ৰতিষ্ঠা কৰি নিৰ্ধাৰিত নিয়ম প্ৰয়োগ কৰা, বিভাগত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ পৰিকাঠামোৰ পদ্ধতি পৰিপালন আৰু প্ৰতিপালন কৰা।
    • পৰিকাঠামো পদ্ধতি ব্যৱহাৰ কৰা কৰ্মচাৰীৰ প্ৰশিক্ষণত যোগদান কৰা আৰু সকলো স্তৰৰ কাৰিকৰী কুশলী ব্যক্তিক উন্নত কৰা।
    • বিভাগে আয়োজন কৰা সকলো ঘটনাতে প্ৰয়োজন অনুসৰি কাৰিকৰী সাহায্য আগবঢ়োৱা।

    পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ লোকেল এৰিয়া নেটৱৰ্ক

                বিভাগে ইতিমধ্যে এটা উচ্চ গাঁথনিৰ এল.এ.এন পদ্ধতিৰ উন্নয়ন সাধন কৰি বিভাগৰ সকলো বিষয়া আৰু কৰ্মচাৰীলৈ সংযোগ প্ৰসাৰ কৰিছে।