মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

কাৰ্য্য আৰু উদ্দেশ্য

    1. পৰিকল্পনা সমন্বয়


      কৰ্ম আৰু কাৰ্যদক্ষতা:

      ১. ৰাজ্যিক বিত্ত বিভাগৰ অগ্ৰাধিকাৰ দিয়া উন্নয়নৰ ভিত্তিত (এছ.এফ.পি.ডি) (ক) ৰাজ্যিক অধিকৃত অগ্ৰাধিকাৰ উন্নয়ন আঁচনিসমূহ (এছ.অ’.পি.ডি), (খ) ৰাজ্যৰ অংশীদাৰিত্বৰ (i) কেন্দ্ৰীয় পোষকতাৰ আঁচনিসমূহ (চি.এছ.এছ), (ii) বাতিল নোহোৱা কেন্দ্ৰীয় চৰকাৰী ধন (এন.এল.চি.পি.আৰ), (iii) উত্তৰ-পূৱ পৰিষদ (এন.ই.চি.), (iv) গ্ৰামীণ আন্তঃগাঁথনি উন্নয়ন সম্পদ (আৰ.ই.ডি.এফ) (v) বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পক দিয়া অনুৰূপ পৰিমাণৰ বিত্ত (ই.এ.পি.), (vi) পাহাৰ অঞ্চল, (vii) বড়োলেণ্ড টেৰিটলিয়েল কাইন্সিল (বি.টি.চি),(viii) জনজাতীয় সভাসমূহকে ধৰি জনজাতীয় উপ-আঁচনিসমূহ (টি.এছ.পি.),(ix) অনুসূচিত জাতি উপ-আঁচনি (এছ.চি.এছ.পি.) আৰু (গ) আন তেনে ধৰণে বিত্তৰ অংশ নিৰূপন কৰা।

      ২. কেন্দ্ৰৰ পোষকতা আৰু কেন্দ্ৰীয় বিভাগে পোষকতা কৰা আৰু ৰাজ্য চৰকাৰৰ সেই বিভাগবোৰে সেই আঁচনিসমূহ ৰূপায়ণ কৰিছে নে নাই তাক নিৰীক্ষণ কৰা।

      ৩. কেন্দ্ৰৰ বিভাগীয় মন্ত্ৰালয় আৰু ৰাজ্যিক বিভাগৰ মাজত দ্বৈত সংযোগ স্থাপন কৰি কেন্দ্ৰৰ মন্ত্ৰালয় আৰু ৰজ্যিক বিভাগৰ মাজত সাৱলীল ৰূপায়ণৰ বাবে সমন্বয় স্থাপন কৰা।

      বিকেন্দ্ৰীকৃত আঁচনি


      বিভাগৰ কৰ্ম পদ্ধতি :

      বিকেন্দ্ৰীকৃত আঁচনিসমূহ ১৯৮৬ চনতে অসমৰ ভৈয়াম অঞ্চলৰ সকলো জিলাৰ মহকুমাত আৰম্ভ কৰা হয়, ইয়াকে ২০০৪-০৫ চনত জিলা পৰ্যায়লৈ উন্নীত কৰা হয়। সেই হিচাপে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহ বাদ দি জিলাভিত্তিক অভিযান চলাবলৈ প্ৰতিখন জিলাতে বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত আৰু চূড়ান্ত কৰাৰ বাবে একোখন জিলা পৰিকল্পনা আৰু নিৰীক্ষণ কমিটী গঠন কৰা হয়। প্ৰতিখন জিলাৰে সদৰৰ নিম্ন উল্লেখিত বিষয়া আৰু কৰ্মচাৰীক লৈ বিকেন্দ্ৰীকৃত পৰিকল্পনা কোষ একোটা জিলা ভিত্তিত স্থাপন কৰা হয়।

      ৰাজ্যিক পৰ্যায়ৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা বিভাগ – পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অধীনত এটা বিকেন্দ্ৰীকৃত পৰিকল্পনা বিভাগ খোলা হৈছে। এই বিকেন্দ্ৰীকৃত পৰিকল্পনা বিভাগৰ লক্ষ্য হৈছে পৰিকল্পনা প্ৰক্ৰিয়াৰ লগত জনগণক সাঙুৰি লোৱা, স্থানীয় চাহিদা মতে উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা আৰু জনগণৰ আশা-আকাংক্ষাৰ মতে জিলা ভিত্তিক সম্পদ সৃষ্টিৰ জৰিয়তে লাভজনক কৰ্ম সৃষ্টি কৰা। এই বিকেন্দ্ৰীকৃত পৰিকল্পনা বিভাগে (ডি.চি.পি.) ৰাজ্যিক পৰ্যায়ত বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ তত্বাৱধান কৰে। বিভাগীয় এজন বিষয়াই এই বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

      বিভিন্ন উন্নয়ন বিভাগে ৰূপায়ণ কৰা আঁচনিসমূহৰ পৰা ফালৰি কাটিও ৰাজ্যিক চৰকাৰে কিছুমান আঁচনি ন-কৈ ৰূপায়ণ কৰিছে। যেনে- আনন্দৰাম বৰুৱা পুৰস্কাৰ, ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা আঁচনি, ধৰ্মজ্যোতি, জ্ঞানজ্যোতি, কল্পতৰু, আনটাইড ফাণ্ড আৰু জিলা উন্নয়ন আঁচনি।

      সদৃশ পৰিকল্পনা/এন.এল.চি.পি.আৰ.


      বিভাগৰ কৰ্মপদ্ধতি :

      ৰাজ্যত সদৃশ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ এই বিভাগক ভাৰ দিয়া হৈছে। পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ এই সদৃশ পৰিকল্পনা বিভাগে বাতিল নোহোৱা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি তথা বি.টি.চিৰ বাবে ধাৰ্য কৰা বিশেষ অৰ্থনৈতিক পেকেজ অৰ্থাত্ ৰাজ্যিক পৰিকল্পনাৰ বাহিৰত থকা বিষয়সমূহ চোৱাচিতা কৰে। এই বিভাগটোৱেই এহাতে ড’নাৰ মন্ত্ৰালয়ৰ লগত আৱশ্যকীয় বিষয়সমূহ প্ৰত্যক্ষভাৱে যোগাযোগ কৰা আৰু আনহাতে ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কাম কৰা বিভাগসমূহৰ লগত যোগাযোগ ৰক্ষা কৰাৰ দায়িত্বত আছে।

      কেন্দ্ৰীয় চৰকাৰৰ অ-বাতিলকৃত পুঁজিৰ মুখ্য কাৰ্যসমূহ নিম্ন উল্লেখিত ধৰণৰ –

      • ৰাজ্য তথা আঁচনিসমূহৰ চাহিদা অনুসৰি ক্ষেত্ৰ নিৰ্বাচন কৰা।
      • আঁচনি মতে প্ৰস্তুত কৰা নিৰ্বাচিত প্ৰকল্পৰ নথি পৰীক্ষা কৰা আৰু সেইবিলাকক ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা।
      • ৰৈ যোৱা পৰিকল্পনাসমূহৰ আঁচনিবিলাকৰ পুংখনাপুংখ পৰীক্ষা আৰু সেইবিলাক ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা
      • আঁচনিসমূহ অনুমোদন কৰা আৰু বিভাগৰ চাহিদা মতে পুঁজি মুকলি কৰি দিয়া। ব্যৱহাৰিক প্ৰমাণ-পত্ৰ, ত্ৰৈমাসিক অগ্ৰগতিৰ খতিয়ান আৰু সম্পূৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা।
      • আঁচনি/প্ৰকল্পসমূহৰ প্ৰতি দুমাহৰ মূৰে মূৰে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিবৰ দ্বাৰা আৰু তিনি মাহৰ মূৰত মুখ্য সচিবৰ দ্বাৰা পুনৰীক্ষণ।
      • পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰীয়েও তেখেতৰ পৰ্যায়ত আঁচনিৰ অগ্ৰগতিৰ পুনৰীক্ষণ কৰিব পাৰে; আনহাতে মাননীয় মুখ্যমন্ত্ৰীয়েও তেখেতৰ যেতিযাই ইচ্ছা তেতিয়াই পুনৰীক্ষণ কাৰ্যত ভাগ লব পাৰে।
      • ক্ষেত্ৰীয় পৰ্যায়তো নিৰীক্ষণ কাৰ্য কৰা হয়।

      বড়োলেণ্ড স্বায়ত্ত শাসিত অঞ্চলৰ অৰ্থনৈতিক পেকেজৰ সন্দৰ্ভত কামসমূহ নিম্নোলিখিত ধৰণৰ –

      • অগ্ৰাধিকাৰৰ ভিত্তিত আঁচনিৰ সংলগ্ন নথিপত্ৰসমূহ ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা হব।
      • নিৰ্বাচিত আঁচনি/প্ৰকল্পসমূহ বিভাগৰ পৰা পোৱা কাৰিকৰী অৰ্থনৈতিক পৰীক্ষণৰ উল্লেখিত প্ৰতিবেদন মতে বিশদভাৱে পৰীক্ষা কৰি অনুমোদনৰ বাবে ষ্টেণ্ডিং কমিটীৰ আগত দাখিল কৰা।
      • বি.টি.চিত যোগান ধৰিবলগীয়া পুঁজিৰ অনুমোদন কৰা আৰু মোকলাই দিয়া।
      • ব্যৱহাৰিক প্ৰমাণ-পত্ৰ, ত্ৰৈমাসিক অগ্ৰগতিৰ খতিয়ান আৰু সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা।
      • আঁচনিৰ ক্ষেত্ৰীয় নিৰীক্ষণ।

      বিভাগৰ কৰ্ম পদ্ধতি (সদৃশ আঁচনি বিভাগ) –

      অ-বাতিলকৃত কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ (এন.এল.চি.পি.আৰ.) সৃষ্টি হৈছে ভাৰত চৰকাৰৰ মন্ত্ৰালয়সমূহৰ অব্যৱহৃত বাজেটৰ ১০ শতাংশ পুঁজিৰে উত্তৰ-পূৱ অঞ্চলৰ উন্নয়নৰ বাবে ১৯৯৮-৯৯ চনত সৃষ্ট এক পুঁজি। কেন্দ্ৰীয় মন্ত্ৰালয়সমূহে তেওঁলোকৰ এই অব্যৱহৃত পুঁজি ড’নাৰ মন্ত্ৰালয়ে পৰিচালনা কৰা অ-বাতিলকৃত পুঁজিলৈ হস্তান্তৰ কৰে।

      কৰে। এই পুঁজিৰ উদ্দেশ্য হৈছে অঞ্চলটোৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰা। এই পুঁজিৰে উন্নয়ন সাধন কৰিবলগীয়া প্ৰকল্প ক্ষেত্ৰকেইটা হৈছে, পথ আৰু দলং, শক্তি, স্বাস্থ্য, শিক্ষা, পানী যোগান, জলসম্পদ, খেল আৰু অসামৰিক উৰণ ইত্যাদি। ইয়াৰে ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰৰ অনুদান আৰু ৰাজ্যিক চৰকাৰে পৰিশোধ কৰিবলগীয়া ১০ শতাংশ ঋণ।

      উত্তৰ-পূৱ পৰিষদ


      বিভাগৰ কৰ্ম পদ্ধতি :

      ১৯৭১ চনত সংসদত গৃহীত হোৱা উত্তৰ-পূৱ পৰিষদ আইন নং ৮৪ মৰ্মে ১৯৭২ চনৰ আগষ্ট মাহত মন্ত্ৰণাদাতা সংস্থা হিচাপে উত্তৰ-পূৱ পৰিষদ (এন.ই.চি.) গঠন হয়। এই এন.ই.চিখন এন.ই.চি. এক্ট ২০০২ মৰ্মে পুনৰগঠন কৰি সংশোধন ঘটাই আঞ্চলিক পৰিকল্পনা সংস্থা হিচাপে গ্ৰহণ কৰা হয়। এই উত্তৰ-পূৱ পৰিষদত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰা –এই আঠখন ৰাজ্য অন্তৰ্ভুক্ত হৈ আছে। দেশৰ এই উত্তৰ পূৰ্বাঞ্চলৰ সমতুল্য আৰু সামূহিক গোট হিচাপে অৰ্থনৈতিক অগ্ৰসৰতাই হৈছে এই পৰিষদৰ মুখ্য উদ্দেশ্য। এই উত্তৰ-পূৱ পৰিষদে উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা, জলসম্পদ, শক্তি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি খণ্ড, উদ্যোগ আৰু বাণিজ্য, পশুপালন বিভাগ আদিলৈ পুঁজিৰ যোগান ধৰিছে আৰু এই পুঁজিৰ ৯০ শতাংশ অনুদান আৰু ১০ শতাংশ ঋণ হিচাপে ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। উত্তৰ-পূৱ পৰিষদে ঘাইকৈ অঞ্চলটোৰ বুনিয়াদী আন্তঃগাঁথনিৰ চাহিদা অনুসৰি সমন্বয় আৰু সামূহিক আঁচনি প্ৰস্তুত কৰে।

      পৰিকল্পনা আৰু উন্নয়ন বিভাগেই হৈছে অসমৰ বাবে সংযোগী বিভাগ। আঞ্চলিক চৰিত্ৰ বিশিষ্টতা থকা প্ৰকল্পসমূহৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবেই এন.ই.চিয়ে সাধাৰণতে পুঁজিৰ যোগান ধৰে। পি. এণ্ড ডি. বিভাগৰ এন.ই.চি কোষেই বিভাগটোৰ বাবে সমন্বয়ক বিভাগ হিচাপে কাম কৰে। এইবাবেই বিভিন্ন বিভাগ, প্ৰকল্পটোৰ লগত সংপৃক্ত বিভাগসমূহে তেওঁলোকৰ প্ৰস্তাৱবিলাক পৰীক্ষা-নিৰীক্ষা কৰি উঠি পি. এণ্ড ডি. বিভাগে ছিলঙত থকা এন.ই.চি কাৰ্যালয়লৈ বিবেচনাৰ বাবে পঠায়। প্ৰকল্পটো অনুমোদনৰ পিছত এন.ই.চিয়ে ৯০:১০ হাৰ ভিত্তিত প্ৰথম কিস্তি মুকলি কৰি দিয়ে। পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ জৰিয়তে প্ৰথম কিস্তিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ পোৱাৰ পিছত এন.ই.চিয়ে পিছৰ কিস্তিটো মুকলি কৰি দিয়ে।

      কোষৰ কৰ্ম পদ্ধতি :

      • বিভিন্ন বিভাগে দাখিল কৰা পঞ্চ বাৰ্ষিক আৰু বাৰ্ষিক আঁচনিসমূহ পৰীক্ষা কৰি বিবেচনা কৰা আৰু নিৰ্বাচিত আঁচনিসমূহ চৰকাৰী অনুমোদন সাপেক্ষে ছিলঙৰ এন.ই.চি কাৰ্যালয়লৈ পঠোৱা।.
      • ডি.পি.আৰ. (Detail Project Report)ৰ লগতে এছ.এফ.চিৰ (ষ্টেণ্ডিং ফাইনেন্স কমিটী) স্মাৰক টোকা/ই.এফ.চি.ৰ (ইকনমিক ফানেন্স কমিটী) স্মাৰক টোকা/পি.আই.বিৰ (পাব্লিক ইনভেষ্ট বোৰ্ড) স্মাৰক টোকাসমূহ পৰীক্ষা আৰু বিবেচনা কৰি পযুক্ত যেন পালে সেইবোৰ বিবেচনাৰ বাবে পঠোৱা।
      • এন.ই.চি.ৰ আঁচনিৰ অধীনত কাৰ্যকৰী হব লগা আঁচনিসমূহৰ ক্ষেত্ৰভিত্তিক আৰু বিত্তীয় অগ্ৰগতিৰ কিউ.পি.আৰ. (ত্ৰৈমাসিক অগ্ৰগতিৰ খতিয়ান) সংগ্ৰহ আৰু সঞ্চলন কৰি ছিলঙৰ উত্তৰ-পূৱ পৰিষদৰ কাৰ্যালয় আৰু ভাৰত চৰকাৰলৈ পঠোৱা।
      • কাৰ্যকৰী কৰিবলগী আঁচনিসমূহৰ অগ্ৰগতিৰ মূল্যাংকন কৰিবলৈ মাজে সময়ে বিভিন্ন বিভাগৰ লগত পুনৰীক্ষণৰ বাবে সভা আহ্বান কৰিব লাগে।
      • পৰিষদৰ সভাসমূহৰ সংক্ৰান্তত মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বাবে খচৰা প্ৰস্তুত কৰা (বছৰত দুবাৰ পৰিষদৰ সভা হব লাগে)। তদুপৰি পৰিষদৰ সভাৰ লগতে পথ প্ৰদৰ্শকীয় (Steering Committee) সভা আৰু আহ্বায়িত আন আন সভাৰ কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰা।

      এনে ধৰণৰ সভাসমূহত লোৱা সিদ্ধান্ত অনুসৰণ কৰি নিম্নোল্লেখিত প্ৰতিবেদন প্ৰস্তুত/সঞ্চলন কৰিবলৈ ব্যৱস্থা কৰা।:

      • বিভাগসমূহে হিচাপ পৰীক্ষণৰ/ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিলৰ অৱস্থা।
      • এন.ই.চি. আৰু লগতে ৰাজ্যিক চৰকাৰে পুঁজি মোকলাই দিয়া অৱস্থা।.
      • বাৰ্ষিক/পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত এন.ই.চিলৈ প্ৰস্তাৱ দাখিলৰ অৱস্থা।
      • ৰাজ্যিক বিত্ত (বাজেট) বিভাগলৈ সেই নিৰ্দিষ্ট বছৰত ৰাজ্যিক বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱ দাখিল কৰা।
      • সময়ে সময়ে দৰকাৰ হোৱা প্ৰতিবেদনসমূহ
      • এন.ই.চিৰ অধীনস্থ আন আন প্ৰকল্পৰ বাবে স্বায়ত্ত শাসিত পৰিষদ/ট্ৰাষ্ট/বেচৰকাৰী সংস্থা/উদ্যোগী গোটসমূহে বিততীয় সাহায্যৰ বাবে দাখিল কৰা প্ৰস্তাৱসমূহ পৰীক্ষা আৰু বিবেচনা কৰা।

      চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্ব


      বিভাগৰ কৰ্ম পদ্ধতি:

      প্ৰস্তাৱনা:

      একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনত আন্তঃগাঁথনি উন্নয়নৰ কৌশলত প্ৰতীয়মান হৈছে যে আন্তঃগাঁথনি উন্নয়নৰ বাবে দৰকাৰ হোৱা পুঁজি ৰাজহুৱা খণ্ডত লগা পুঁজিৰ ক্ষমতাতকৈ বেছি। গতিকে সৰ্বমুঠ দৰকাৰ পুঁজিৰ মোকাবিলা কৰিবলৈ সঠিকভাৱে পি.পি.পি. পুঁজি, আহৰণ কৰা দৰকাৰ ৰাষ্ট্ৰীয় আৰু উপ-ৰাষ্ট্ৰীয় উভয় পৰ্যায়ত পি.পি.পি.ৰ জৰিয়তে আন্তঃগাঁথনিৰ বাবে আগবঢ়োৱা সেৱা চৰকাৰী আৰু আনুসঙ্গিক বিভাগবোৰৰ বাবে দৰকাৰী অধিকাৰ। তেওঁলোকে এইটো খণ্ডত প্ৰচুৰ পুঁজি খটুৱাব পৰা সক্ষমতাৰ উপৰিও লগত সংযুক্ত হল কাৰ্যদক্ষ হিচাপে সেৱা আগবঢ়োৱা। নব্য কাৰিকৰী ধাৰণা আৰু মূল্যমানৰ অভিযান্ত্ৰিকতাই আশা কৰা মতে দায়-দায়িত্বৰ ফল নিৰূপণ কৰিব পাৰে।

      অসমত পি.পি.পি.:

      অৰ্থনৈতিক দিশত অসম দেশ যথেষ্ট পিছ পৰি থকা কথাটো ধৰি ললে দেশৰ আন আন অংশৰ লগত ফেৰ মাৰিবলৈ অসমে অৰ্থনৈতিক উন্নয়নৰ ত্বৰণ ঘটাব লাগিব। দেশৰ এচুকত থকা এই ৰাজ্যখনৰ ক্ষেত্ৰীয় পৰিকাঠামোৰ উন্নত কৰিবলৈ একেজোপা ঔদ্যোগিক উন্নয়ন কৰিবৰ বাবে এক বহুল বিস্তাৰিত পৰিকাঠামোৰ দৰকাৰ। অসম চৰকাৰে এই উদ্দেশ্যে পি.পি.পি.ৰ সৈতে ব্যক্তিগত খণ্ডৰ পুঁজি যোগানেৰে ৰাজ্যৰ পৰিকাঠামোৰ উন্নয়নৰ বাবে নিৰ্ধাৰণ কৰা এক সূচনা। পৰিকাঠামো এই খণ্ডত পি.পি.পি.ৰ আগমন এইবাবেই এক শুভ লক্ষণ যে ই ৰাজহুৱা আটকীয়া পুঁজিৰ পৰিপূৰক, যথেষ্ট প্ৰতিযোগিতামূলক অৱস্থা সৃষ্টিৰ লগতে ব্যক্তিগত পৰিচালনাত কাৰ্যদক্ষতা বৃদ্ধি কৰে।

      অসমত পি.পি.পি.ৰ যুক্তিযুক্ততা:

      পঞ্চ বাৰ্ষিক পকিলপ্নৰা গাঠনিত বিশেষভাৱে উল্লেখিত ভিন ভিন বিষয়সমূহৰ লক্ষ্যত উপনীত হব পৰা গেজেট নটিফিকেশ্যন ২০০৮ত অসম চৰকাৰে চৰকাৰী-বেচৰকাৰী অংশদীদাৰিত্ব নীতি অন্তৰ্ভুক্ত কৰিছে।

      ইয়ে সময় মতে প্ৰকল্পসমূহৰ সেউজ সংকেত দিয়া আৰু পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অন্তৰ্গত পি.পি.পি. কোষৰ সহায়ত উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ লগ হৈ প্ৰতিষ্ঠাপিত প্ৰকল্পসমূহৰ বাবে কাৰ্যকৰী কলা-কৌশল চিনাক্ত কৰে।

      শীৰ্ষ প্ৰাধিকাৰ:

      মুখ্যমন্ত্ৰী এই বিভাগৰ অধ্যক্ষ আৰু বিত্ত মন্ত্ৰী, নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী, ৰাজহ মন্ত্ৰী, উদ্যোগ মন্ত্ৰী, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই তেখেতক সহায় কৰে; মুখ্য সিচ ডাঙৰীয়া হৈছে সদস্য আৰু পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব ডাঙৰীয়া হৈছে সদস্য আহ্বায়ক। প্ৰকল্পটো যিটো বিভাগত পৰে সেই বিভাগৰ মন্ত্ৰীজনা শীৰ্ষ প্ৰাধিকাৰীৰ মনোনীত সদস্য হয়। শীৰ্ষ প্ৰাধিকাৰীয়ে নীতিগতভাৱে সকলো পি.পি.পি. প্ৰকল্পক অনুমোদন দিব, যিবিলাক প্ৰকল্পৰ অদৃশ্যভাৱে থকা সম্পদকে ধৰি সকলো সম্পদৰ মূল্য ১০০ কোটি টকাতকৈ অধিক হৈ পুঁজিৰ লগতে বিকাশকাৰীৰ বাবে শীৰ্ষ প্ৰাধিকাৰীৰ অনুমোদন লাগিব।

      ক্ষমতাসম্পন্ন কমিটী

      মখ্য সচিব ডাঙৰীয়া হৈছে ক্ষমতাপন্ন কমিটীখনৰ অধ্যক্ষ আৰু বিত্ত, ৰাজহ, বন, বিধান মণ্ডলৰ উপৰিও প্ৰকল্পটোৰ বিভাগীয় মুখ্য কাৰ্যবাহী বিষয়াজন হৈছে সদস্য। পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিবজন হৈছে সদস্য আহ্বায়ক। নিম্ন উল্লেখিত বিষয়সমূহেই হৈছে ক্ষমতাসম্পন্ন কমিটীৰ প্ৰাথমিক কৰ্ম পদ্ধতি –-

      • পি.পি.পি.ৰ প্ৰকল্পৰ খাপত তুলি তাতে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱসমূহৰ অনুমোদন কৰা.
      • প্ৰকল্প উন্নয়ন ফাণ্ডৰ (পি.ডি.এফ.) সাহায্য পাবলৈ প্ৰকল্পসমূহ অনুমোদন কৰা।.
      • শীৰ্ষ প্ৰাধিকাৰীয়ে নীতিগতভাৱে অনুমোদন দিবলৈ বুলি প্ৰস্তাৱসমূহৰ বাবে পৰামৰ্শ দিয়া।
      • ডাক দিয়াৰ নীতি আৰু ডাক দিয়াৰ নিয়মসমূহ অনুমোদন কৰা।.
      • ১০০ কোটি টকালৈ থকা প্ৰকল্পৰ পুঁজি যোগানকাৰীক অনুমোদন।

      পি.পি.পি. কোষ:

      পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অন্তৰ্গত পি.পি.পি. কোষে ক্ষমতাসম্পন্ন কমিটীক নিম্নোল্লেখিত বিষয়সমূহত সহায় কৰিব –

      • প্ৰকল্প ৰূপায়ণ কৰিবলগা বিভাগৰ সৈতে আলোচনা মৰ্মে প্ৰকল্পসমূহ চিনাক্তকৰণ, ধাৰণা দিয়া আৰু সৃষ্টি কৰাৰ বাবে এটা খলপা বনোৱা আৰু তেনেকৈ সৃষ্ট প্ৰকল্পসমূহ ক্ষমতাসম্পন্ন কমিটী। পি.পি.পি.ৰ শীৰ্ষ মহলৰ পৰা অনুমোদন লাভ কৰা।
      • ভিন ভিন চৰকাৰী বিবাগে প্ৰাক্-সম্ভাৱনীয়তা প্ৰতিবেদন বিভাগে নিজেই হওক বা কোনো পৰামৰ্শদাতাৰ জৰিয়তে হওক প্ৰস্তুত কৰা কাৰ্যত সহায় কৰা।
      • পি.পি.পি. প্ৰকল্পসমূহ আৰ্থিক আৰু আইনী দিশৰ ফালৰ পৰা মূল্যায়ন কৰা
      • ক্ষমতাপন্ন কমিটী/পি.পি.পি.ৰ শীৰ্ষ মহলক বিত্তীয়, আইনী ক্ষেত কাৰিকৰী সাহায্য দিয়া।
      • বিভাগসমূহে প্ৰকল্প আঁচনি প্ৰস্তুত কৰাত সাহায্য কৰা।
      • যোগানকাৰী নিৰ্বাচন কৰোতে ডাক দিয়া পদ্ধতিত বিভাগসমূহক সহায় কৰা।
      • ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, বিত্ত মন্ত্ৰালয়ৰ প্ৰকল্পটোৰ কাৰ্যদক্ষতাৰ দোষ-গুণসমূহ (ভি.জি.এফ.) পৰ্যালোচনা কৰি অনুমোদন কৰোৱা।
      • ৰাজ্যত পি.পি.পি.ৰ দক্ষতা বৃদ্ধিত সংযোগী এজেন্সী হিচাপে কাম কৰা।

      পি.পি.পি. পথ-নিৰ্দেশনাৰ হাতপুঁথি:

      প্ৰকল্প উন্নয়ন কাৰ্য আৰু পৰামৰ্শদাতা আৰু ব্যক্তিগত কাৰিকৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ নিয়ম পদ্ধতিসমূহ বিশদভাৱে লিপিবদ্ধ কৰা পি.পি.পি.ৰ কৌশলৰ নিৰ্দেশনাৰ এখন হাতপুঁথি প্ৰণয়ন কৰা হৈছে।

      প্ৰকল্প উন্নয়ন পুঁজি:

      ৰাজ্যিক বাজেটৰ সহায়ত পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অধীনত প্ৰকল্প উন্নয়ন কাৰ্যৰ কাৰণে পি.ডি.এফৰ অনুমোদন আৰু ব্যৱহাৰিক নিয়মৰ সৃষ্টি কৰি পি.ডি.এফৰ উন্নয়ন সাধন কৰা হৈছে।

      যোগ্যতা গঠন :

      অসমত পি.পি.পি.ৰ যোগ্যতা গঠনৰ উন্নয়নৰ কামত আগভাগ লবলৈ পৰিকল্পনা আৰু উন্নয়ন বিভাগে বহুমুখী কৰ্মৰে আগভাগ লৈছে –

         (ক) কৰ্মশালাৰ যোগেদি সজাগতাকৰণ:

      পি.পি.পি. কোষে সজাগতা আঁচনিৰ বাবে ২০১০ চনত কেইবাখনো কৰ্মশালাৰ লগতে প্ৰতিনিধিত্বমূলক কৰ্মশালা অনুষ্ঠিত হৈছে। তদুপৰি পি.পি.পি.ৰ লগত ঔদ্যোগিক অংশীদাৰসকলক লৈ বিভিন্ন বিষয়ৰ ওপৰত এখন আঞ্চলিক কৰ্মশালা ২০১১ চনৰ জুন মাহত অনুষ্ঠিত কৰিবলৈ যো-জা কৰা হৈছে। এই কৰ্মশালাই সুযোগৰ সদব্যৱহাৰ আৰু প্ৰত্যাহ্বানসমূহ বুদ্ধি পাবলৈ সহায় কৰিব আৰু ৰাজ্যত পি.পি.পি. প্ৰকল্পৰ পৰিবেশ সৃষ্টিৰ কাৰক হব এইটোৱে ৰাজ্যৰ পৰিকাঠামোত লেখত লবলগীয়া উন্নয়নত অংশীদাৰিত্বৰ যুক্তিযুক্ততা উজলোৱাত সহায়ক হব।

         (খ)পি.পি.পি.ৰ সজাগতাৰ প্ৰশিক্ষণ আৰু প্ৰকল্প চিনাক্তকৰণ –

      • বিভাগীয় বিষয়াসকলক চৰকাৰৰ বিভিন্ন আঁচনিৰ বিত্তীয়/কাৰিকৰী সাহায্যত প্ৰকল্প উন্নয়ন কামৰ দায়িত্ব গ্ৰহণৰ সুযোগ লবলৈ সজাগতা সৃষ্টি কৰাৰ বাবে পি. এণ্ড ডি. বিভাগে ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সৈতে এখন পাঁচ-দিনীয়া কৰ্মশালাৰ ব্যৱস্থা কৰিছিল। এই কৰ্মশালাত প্ৰস্তুত কৰা তালিকাত নতুনকৈ ১৮টা প্ৰকল্প চিনাক্তকৰণ হৈছিল আৰু ভাৰত চৰকাৰৰ পৰা এই আঁচনিৰ বাবে সাহায্য বিচৰা হৈছিল।
      • পি.পি.পি.ৰ লগত সংপৃক্ত ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ বাবে এটা দুদিনীয়া সজাগতা প্ৰশিক্ষণ ২০১১ চনৰ ১০ আৰু ১১ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু ইয়াত নতুন দিল্লীৰ নেচনেল কেপাচিটি বিল্ডিং ট্ৰাষ্টে পৰিচালনা কৰিছিল।

      পি.পি.পি.ৰ বিস্তাৰিত সামৰ্থ্য গঠন আঁচনি:

      নেচনেল কেপাচিটি বিল্ডিং ট্ৰাষ্টৰ লগত এখন চুক্তি (জ্ঞাপন-MoU) (I-CAP) স্বাক্ষৰ কৰা হৈছে যাতে ৰাজ্যৰ বিষয়াসকলে পি.পি.পি.ৰ ওপৰত সামৰ্থ্য গঠনৰ বাবে প্ৰশিক্ষণ লব পাৰে। প্ৰশিক্ষণৰ বাবে দৰকাৰী নিৰ্ধাৰণ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু বিভিন্ন স্তৰৰ ৰাজ্যিক চৰকাৰী বিষয়াসকলৰ প্ৰশিক্ষণৰ পাঠ্যক্ৰম চূড়ান্ত কৰা হৈছে। প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ ২০১১ চনৰ মাৰ্চ মাহত সম্পূৰ্ণ হব আৰু ৰাজ্য চৰকাৰৰ কৰ্মকৰ্তাসকলৰ নিয়মীয়া প্ৰশিক্ষণ ২০১১ চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হব।

      অসমত পি.পি.পি. প্ৰকল্প:

      ২০১০ চনৰ ডিচেম্বৰত অসম চৰকাৰে বিভিন্ন বিভাগৰ ৬০টা প্ৰকল্প পি.পি.পি. ধৰণে আৰম্ভ কৰিছিল, যিকেইটা এতিয়া কাৰ্যক্ষম হোৱাৰ বিভিন্ন অৱস্থাত আছে, যেনে- ডাক দিয়া বন্ধ কৰা, প্ৰস্তুতি পৰ্ব আৰু বোধগম্যতা। ইয়াৰে ১৮টা প্ৰকল্প ভাৰত চৰকাৰে সাধাৰণ ধাৰণাৰ ভিত্তিত অনুমোদন দিছে, যাতে জি.ডি.ডি, শক্তি, পৰ্যটন, শ্ৰমিক কল্যাণ, নগৰ উন্নয়ন, আই.টি. আৰু স্বাস্থ্য বিভাগৰ দৰে ৭টা বিভাগে অগ্ৰণী প্ৰকল্প সূত্ৰপাত কৰি প্ৰকল্প উন্নয়নৰ কাম কৰিব পাৰে

      পি.পি.পি.ৰ পৰিকল্পনা পদ্ধতি:

      কোষৰ ৱেব পোৰ্টেল প্ৰতিষ্ঠা কৰা হৈছে, যেনে- http://www.assamppp.gov.in আৰু ৰাজ্যৰ পি.পি.পি.ৰ কৰ্মৰাজি সমগ্ৰ অগ্ৰগতি নিৰীক্ষণ কৰিব পৰাকৈ উন্নত কৰি প্ৰতিষ্ঠা কৰা হৈছে যাতে অংশীদাৰ আৰু বিশেষকৈ জনসাধাৰণে ইয়াত ভাগ লব পাৰে। এই সন্দৰ্ভত (ক) বেচিক প্ৰজেক্ট ডাটা, (খ) কণ্টেক্ট ইনফৰমেশ্যন, (গ) বিডিং ইনফৰমেশ্যন, (ঘ) ফিনানচিয়েল ডিটেইল, (ঙ) লীগেল ইনফৰমেশ্যন আদিৰ দৰে বিভিন্ন প্ৰকল্পৰ সঁজুলি বহলভাৱে বোধগম্য ডাটাবেছ এন.আই.টি., অসমৰ সহযোগত উন্নীত কৰা হৈছে। এই ডাটাবেছৰ সহায়ত এই ৱেবছাইট ব্যৱহাৰ কৰি সেই বিভাগবোৰে প্ৰকল্পৰ বিশদ বিৱৰণ সাব্যস্ত কৰিব পাৰে। ৰাজ্যিক চৰকাৰৰ এনে চেষ্টাৰ উপৰিও, পি.পি.পি., পৰিবেশ উন্নতকৰণ প্ৰক্ৰিয়াত চৰকাৰে তালিকা অনুসাৰে সহায় কৰ আছে। কাৰিকৰীভাৱে সহায়কাৰী ভালেখিনি তালিকা সংলগ্ন কৰি, যিখিনিয়ে পি.পি.পি.ৰ পৰিবেশ সৃষ্টিৰ বাবে এক উদগত প্ৰয়োজনৰ চাহিদা পূৰাবলৈ উন্নীত কৰা হৈছে, সেইবোৰ নিম্ন লিখিত ধৰণৰ-.

      • অগ্ৰণী প্ৰকল্পৰ সূত্ৰপাত – পূৰ্বতে নিৰ্ধাৰিত কোনো সন্থা/সন্থাৰ থূলৰ জৰিয়তে পৰামৰ্শদাতা নিয়োগৰ বাবে, যিটোৱে পি.পি.পি.ক এবাৰতে প্ৰকল্পৰ ধাৰণা সৃষ্টি আৰু উন্নয়ন, মূল্যমানৰ কাৰিকৰী পুনৰীক্ষণ, বিত্তীয় আৰ্হি, পি.পি.পি. ইচ্ছাধীনতাৰ ব্যাখ্যা আৰু সদৌ শেষত কোনো ব্যক্তিগত খণ্ডক প্ৰদান ইত্যাদি কামৰ বাবে ডি.ই.এ.ৰ এটা প্ৰকল্প উন্নয়ন ফাণ্ড আছে (১০০ শতাংশ অনদান)।
      • আই.আই.পি.ডি.এফ. – পৰামৰ্শদাতা সন্থাক প্ৰকল্প উন্নয়ন নিয়োগ কৰা কাৰ্যৰ বা ডি.ই.এৰ এটা প্ৰকল্প উন্নয়ন ফাণ্ড আছে (৭৫ শতাংশ অনুদান)। অৱশিষ্ট ২৫ শতাংশ ৰাজ্য চৰকাৰে বহন কৰে। এইবাবে ৰাজ্যৰ পি.ডি.এফৰ পৰাও এই সুবিধা লব পাৰি।
      • আইনী পৰামৰ্শ – ই হৈছে পি.পি.পি.ৰ দ্বাৰা পূৰ্বতে যোগ্যতা নিৰূপিত ভাৰত আৰু বিদেশত থকা এক সংস্থা, যিয়ে হ্ৰস্বকালীন পুনৰীক্ষণ/প্ৰকল্প নথিৰ আইনী মূল্যায়ন/অগ্ৰগামী পি.পি.পি. প্ৰকল্পসমূহৰ উন্নয়নৰ আইনী পৰামৰ্শ দিয়ে। ১০০ শতাংশ ভাৰত চৰকাৰৰ অনুদান আছে।
      • কাৰ্যদক্ষতাৰ দোষ-গুণৰ বাবে ফাণ্ড – প্ৰকল্প নিৰ্মাণ হৈ থকা অৱস্থাতে মূলধনী অনুদান হিচাপে ভি.জি.এফৰ অধীনত আৰ্থিক সাহায্য দিয়া যায়। ভি.জি.এফৰ পৰিমাণ হৈছে মূলধনৰ ওপৰত দিয়া অৰ্থসাহায্যৰ নিম্নতম ডাকৰ সমান আৰু ই মুঠ প্ৰকল্প মূল্যৰ সৰ্বোচ্চ ২০ শতাংশ। যদিহে সহায়ক মন্ত্ৰালয়/ৰাজ্যিক চৰকাৰ/সংসদৰ আইনমতে সৃষ্ট কোনো সন্থাই উক্ত ভি.জি.এফৰ অনুদানৰ উপৰিও বিত্তীয় সাহায্য দিব খোজে, তেন্তে সেই পৰিমাণ আকৌ মুঠ প্ৰকল্প মূল্যৰ ২০ শতাংশতকৈ অধিক হব নোৱাৰিব।

      কম্পিউটাৰ প্ৰয়োগ


      বিভাগৰ কৰ্ম পদ্ধতি :

      এই বিভাগৰ মূল কেন্দ্ৰ হৈছে ইনফৰমেশ্যন ব্যৱহাৰৰ আয়োজন কৰা; যিয়ে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ সিদ্ধান্তসমূহ লোৱাত সহায়ক হব, আৰু চৰকাৰৰ কাৰ্যদক্ষ আৰু ফলদায়ক সেৱাসমূহ প্ৰকাশ কৰিব পাৰিব। এই বিভাগে বিভাগত লগা হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ আৱশ্যকতা নিৰ্ধাৰণ কৰি সাধাৰণ প্ৰশাসনীয় শাখাৰ জৰিয়তে এইবিলাক পাবলৈ পদক্ষেপ লব। বিভাগৰ ওপৰত ন্যস্ত দায়িত্ব/কৰ্মসমূহ হৈছে পৰিচালনা, বিভাগৰ লোকেল এৰিয়া নেটৱৰ্কৰ সাব্যস্তকৰণ আৰু তত্বাৱধান, আই.পি. এড্ৰেছৰ সৈতে নেট সংযোগ বহুওৱা/পুনৰ বহুওৱা, ইয়াৰ ছাৰ্ভাৰৰ লগত সংযোগ স্থাপন কৰা, হোষ্টিং এজেন্সিৰ জৰিয়তে পোৱা সংবাদ/ডাটা সমূহ নিয়মিতভাৱে আপলোড আৰু আপডেট কৰি বিভাগৰ ৱেবছাইটটো পৰিচালনা কৰা, ৱৰ্ড প্ৰচেছিং, ব্ৰাউজিং লগতে এফ.টি.এছ, ডি.টি.এছ., লাইব্ৰেৰী ছফ্টৱেৰ আৰু পঞ্চ বাৰ্ষিক আৰু বাৰ্ষিক পৰিকল্পনা আৰু বিভাগে সময়ে সময়ে প্ৰকাশ কৰা প্ৰতিবেদনসমূহ বেচিক আই.টি. প্ৰয়োগৰ ক্ষেত্ৰত বিভাগৰ বিষয়া/কৰ্মচাৰী ৰাষ্ট্ৰীয় ইনফৰমেটিকছ চেণ্টাৰ (এন.আই.চি.)ৰ অসম ৰাজ্যিক গোট আৰু অসম ইলেকট্ৰনিক ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ লগত এটা ওচৰ সম্পৰ্ক স্থাপন কৰি নিম্নোল্লেখিত দৰকাৰী কাৰ্যসমূহ সম্পাদন কৰা কাৰ্যত এটা উল্লেখযোগ্য ভূমিকা লৈছে-

      • বিভাগৰ বাবে ছফ্টৱেৰ প্ৰয়োগৰ বাবে নিৰ্দিষ্ট মানৰ ঠাচ বহুওৱা
      • গোটেই বিভাগটোৰ মাজত ছফ্টৱেৰৰ নিৰ্দিষ্ট মান আৰু পদ্ধতিৰ প্ৰশাসন আৰু পৰিচালনা প্ৰয়োগ কৰা
      • ছফ্টৱেৰ চল্যুছনৰ উন্নয়ন আৰু পৰিপালনৰ বাবে আগত আঁচনি আৰু সুসাধ্য অধ্যয়নৰ বাবে উদ্যোগ লোৱা।
      • বিভিন্ন চৰকাৰী খণ্ডত সততে দৰকাৰ হোৱা ছফ্টৱেৰ প্ৰয়োগত উন্নয়ন, পৰিপালন আৰু সাব্যস্তকৰণত কেন্দ্ৰীভূত কৰা।
      • পৰিপালিত হোৱা চল্যুচনৰ অন্তিম ব্যৱহাৰকাৰীক প্ৰশিক্ষণ আৰু সাহায্য দিয়া।
      • বিভাগৰ আন আন অংশবিলাকত ছফ্টৱেৰ চল্যুচনৰ উন্নয়ন আৰু পৰিচালনাত সহায় কৰা আঁচনি।
      • ছফ্টৱেৰ উন্নয়ন প্ৰকল্পটো তৃতীয় কৰ্তৃপক্ষই (বাহিৰৰ পক্ষ) আঁচনি কৰা, নিৰীক্ষণ কৰা আৰু মূল্যায়ন কৰা (সম্পূৰ্ণ প্ৰকল্প পৰিচালনা)গাত লবলৈ উদ্যোগ লব লাগিব।
      • বিভাগৰ ভিতৰত আই.চি.টিৰ পৰিকাঠামো প্ৰতিষ্ঠা কৰি নিৰ্ধাৰিত নিয়ম প্ৰয়োগ কৰা, বিভাগত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ পৰিকাঠামোৰ পদ্ধতি পৰিপালন আৰু প্ৰতিপালন কৰা।
      • পৰিকাঠামো পদ্ধতি ব্যৱহাৰ কৰা কৰ্মচাৰীৰ প্ৰশিক্ষণত যোগদান কৰা আৰু সকলো স্তৰৰ কাৰিকৰী কুশলী ব্যক্তিক উন্নত কৰা।
      • বিভাগে আয়োজন কৰা সকলো ঘটনাতে প্ৰয়োজন অনুসৰি কাৰিকৰী সাহায্য আগবঢ়োৱা।

      পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ লোকেল এৰিয়া নেটৱৰ্ক।বিভাগে ইতিমধ্যে এটা উচ্চ গাঁথনিৰ এল.এ.এন পদ্ধতিৰ উন্নয়ন সাধন কৰি বিভাগৰ সকলো বিষয়া আৰু কৰ্মচাৰীলৈ সংযোগ প্ৰসাৰ কৰিছে।

      মূল্যায়ন আৰু নিৰীক্ষণ


      বিভাগৰ কৰ্ম পদ্ধতি:

      ৰাজ্যিক মূল্যায়ন কমিটী আৰু লগে লগে আন আন বিভাগৰ লগতে চৰকাৰৰ শীৰ্ষ নেতৃত্বই কৰা অনুৰোধ মৰ্মে মূল্যায়ন আৰু নিৰীক্ষণ বিভাগক বিভিন্ন আঁচনি/প্ৰকল্পৰ বাবে মূল্যায়ন অধ্যয়নৰ কাম কৰিবলৈ দিয়া হয়। একে সময়তে বিভিন্ন উন্নয়ন আঁচনিৰ ক্ষেত্ৰীয় নিৰীক্ষণৰ কামো নিয়ম মতে কৰা হয়। তাৰোপৰি উন্নয়ন বিভাগ আৰু চৰকাৰৰ অধীনস্থ পৰিষদ/নিগমসমূহে দাখিল কৰা মাহিলী আৰু ত্ৰৈমাসিক অগ্ৰগতিৰ খতিয়ানসমূহ নিয়মীয়াকৈ বিশদভাৱে পৰীক্ষা কৰা হয়। যোৱা কেইবছৰমানৰ পৰা ক্ষেত্ৰীয় নিৰীক্ষণ কঠোৰভাৱে কৰা হৈছে।

      ডি.ডি.চি সভাৰ প্ৰস্তাৱসমূহ আৰু ভৈয়ামৰ জিলাসমূহৰ বিভিন্ন স্তৰৰ নিৰীক্ষণ কমিটীৰ প্ৰস্তাৱসমূহো পৰীক্ষা কৰা হয় আৰু দৰকাৰী সিদ্ধান্তসমূহ নিৰ্দিষ্ট বিভাগলৈ উপযুক্ত ব্যৱস্থা লোৱাৰ বাবে যোগাযোগ কৰা হয়। অন্য বিভাগৰ থকাৰ দৰেকৈ এই বিভাগৰ পৰিপালন কৰিবলগীয়া নিজা কোনো আঁচনি বা আয়োজন নাই।

      সাংগঠনিক গাঠনি:

      মূল্যায়ন আৰু নিৰীক্ষণ বিভাগটো হৈছে প্ৰকল্প আৰু উন্নয়ন বিভাগৰ প্ৰশাসনিক এক্তিয়াৰৰ অন্তৰ্গত। অসম চৰকাৰৰ প্ৰকল্প আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিবজনাই হৈছে মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ একমাত্ৰ প্ৰাধিকাৰী।

      মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ শীৰ্ষ নেতৃত্বত ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া এজন আছে (তেওঁ যুটীয়া সচিবতকৈ নিম্ন পদাধিকাৰী নহয়), তেওঁ বিভাগৰ সঞ্চালক, তেওঁৰ সাহায্যকাৰীসকল হল অতিৰিক্ত সঞ্চালক, বিভাগৰ প্ৰধান, বিভাগৰ উপ-প্ৰধান, গৱেষণা বিষয়া, সহকাৰী গৱেষণা বিষয়া আৰু কনিষ্ঠ কাৰিকৰী কৰ্মচাৰী।

      মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ যোৰহাট, শিলচৰ, তেজপুৰ আৰু ডিফুত চাৰিটা আঞ্চলিক ক্ষেত্ৰীয় কাৰ্যালয় আছে। ক্ষেত্ৰীয় কাৰ্যালয়ৰ মুৰব্বী হৈছে বিভাগৰ মুৰব্বীজন (তেওঁ যুটীয়া সঞ্চালক সমপৰ্যায়ৰ), তেওঁৰ সহায়ক হৈছে এজন গৱেষণা বিষয়া, সহঃ গৱেষণা বিষয়া আৰু কনিষ্ঠ কৰ্মচাৰীবৃন্দ।

      মুখ্য কাৰ্য্যদক্ষতাসমূহ

      এই বিভাগৰ মুখ্য কাম হৈছে মূল্যায়ন অধ্যয়ন আৰু ক্ষেত্ৰীয় নিৰীক্ষণ কৰি তাৰ ওপৰত চৰকাৰক প্ৰতিবেদন দাখিল কৰা যাতে আঁচনিসমূহ কাৰযকৰী কৰোতে ৰৈ থকা সুৰুঙা/অসুবিধাসমূহ শুদ্ধিকৰণৰ বাবে ব্যৱস্থা লব পৰা যায়। এনে অধ্যয়নে আঁচনিৰ আকৌ পুনৰাগমনত ব্যৱহাৰ হব। এনেকৈয়ে মূল্যায়ন আৰু কেন্দ্ৰীয় নিৰীক্ষণৰ প্ৰতিবেদনে উন্নয়ন বিভাগক আঁচনি কাৰ্যকৰীকৰণত সহায়ক হব।

      বিভাগৰ কাৰ্য সম্পাদন:

      • বিভাগটোৰ আৰম্ভণীৰে পৰা ২০৫খন মূল্যায়ন অধ্যয়ন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু আন ১৫খন অধ্যয়নৰ প্ৰতিবেদন ৰাজ্যিক মূল্যায়ন কমিটীৰ সভাত গৃহীত হবলৈ বাকী আছে।
      • আঁচনি আৰু প্ৰকল্পসমূহৰ ক্ষেত্ৰীয় নিৰীক্ষণ কাৰ্য্য ১৯৮৬-৮৭ৰ পৰা কৰা হৈছে। ২০০৮ চনৰ মাৰ্চ মাহলৈকে ১২০০ প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰা হৈছে।
      • বিভাগটোৱে ২০০৮-০৯ সময়ছোৱাত এন.এল.চি.পি.আৰ আৰু অসম বিকাশ যোজনাকে ধৰি ৬৯৭টা ক্ষেত্ৰীয় নিৰীক্ষণ সম্পূৰ্ণ কৰিছে।
      •  ২০০৯-১০ সময়চোৱাত বিভাগটোৱে ১৫টা উন্নয়ন বিভাগ/খণ্ডৰ প্ৰায় ১২০০টা ক্ষেত্ৰীয় নিৰীক্ষণ সম্পূৰ্ণ কৰিছে।
      •  ২০০৯-১১ সময়চোৱাত ২৫টা বশেষ নিৰীক্ষণ পৰিচালনা কৰি প্ৰতিবেদন দাখিল কৰা হৈছে।
      •  ২০১০-১১ সময়চোৱাত এম.পি.এল.এ.ডি., এম.এল.এ.এ.ডি আৰু এ.বি.ৱাইকে ধৰি ৯৩২টা ক্ষেত্ৰীয় নিৰীক্ষণ সম্পূৰ্ণ কৰা হল; ইয়াৰ বাবে আংশিকভাৱে প্ৰতিবেদন দাখিল কৰা হৈছে আৰু বাকীখিনিও দাখিল কৰাৰ পথত আছে।
      •  এন.এল.চি.পি.আৰৰ ক্ষেত্ৰীয় নিৰীক্ষণ চলি আছে।
      • বিভাগটোৱে ২০০৯-১০ সময়চোৱাত মূল্যায়ন আৰু নিৰীক্ষণৰ ওপৰত এখন সহায়ক পুথি সঞ্চলন কৰে।
      •  সম্পূৰ্ণ হোৱা মূল্যায়ন অধ্যয়নৰ প্ৰতিবেদনৰ ওপৰত গৃহীত/অনুধাৱন কৰা কাৰ্য্যৰ বিষয়ে ৰাজ্যিক মূল্যায়ন কমিটীৰ সভাখন হবলগীয়া হৈ আছে।

      ২০১০ৰ পৰা ২০১১ সময়ছোৱাত বিষয়া আৰু কৰ্মচাৰীৰ প্ৰশিক্ষণ –

      তৃণমূলল পৰ্য্যায়ৰ আঁচনি অধ্যয়নৰ বাবে মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ সঞ্চালকে ২০১০ চনৰ নৱেম্বৰৰ মাহত গুজৰাটলৈ আৰু ই. এণ্ড এম. বিভাগৰ অতিৰিক্ত সঞ্চালকে ২০১০ চনৰ অক্টোবৰত ত্ৰিপুৰা ভ্ৰমণ কৰে। ভাৰত চৰকাৰৰ ডি.অ’.পি.টিয়ে ২০১০ চনৰ আগষ্ট মাহত অসম প্ৰশাসনীয় মহাবিদ্যালয়, গুৱাহাটী-২২ত আয়োজন কৰা ৰাজ্যিক মধ্যমানৰ বিষয়াবৰ্গৰ বাবে যুগুতোৱা একাউণ্টছ মেনেজমেণ্ট অৱ অফিচ প্ৰচিডিয়ৰ পাঠ্যক্ৰমৰ পাঁচ-দিনীয়া প্ৰশিক্ষণ শিবিৰত তেজপুৰ আৰু ডিফু আঞ্চলিকে ক্ষেত্ৰীয় মূল্যায়ন গোটৰ গৱেষণা বিষয়া যথাক্ৰমে মিছ মৌচুমী দাস আৰু ডঃ ডেইজী বৈশ্যই প্ৰশিক্ষণ গ্ৰহণ কৰে। বিভাগীয় মুৰব্বী শ্ৰীমতী কমলা গোস্বামীয়ে হায়দৰাবাদৰ ষ্টাফ কলেজত প্ৰজেক্ট মেনেজমেণ্ট পাঠ্যক্ৰমৰ ওপৰত প্ৰশিক্ষণ লয়।

      মূল্যায়ন কমিটী:

      মুখ্য সচিব অধ্যক্ষতাত ৰাজ্যিক স্তৰৰ মূল্যায়ন কমিটী এখন আছে। বিত্ত বিভাগৰ আয়ুক্ত, কৃষি উত্পাদন বিভাগৰ আয়ুক্ত, পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব আকু পাৰ্বত্য অঞ্চলৰ উন্নয়ন আয়ুক্ত হৈছে সদস্য আৰু মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ সঞ্চালক এই কমিটীৰ সদস্য সচিব।

      বিভিন্ন স্তৰত নিৰীক্ষণ কমিটী – ১৯৮২ চনত পি. এণ্ড ডি. বিভাগে এই নিৰীক্ষণ কমিটী স্থাপনৰ বাবে প্ৰথম পদক্ষেপ লৈছিল আৰু ভৈয়ামৰ জিলাসমূহৰ উপায়ুক্তলৈ পি.ডি.এছ. ২৭/৮২/৭ তাৰিখ ২৮/৮/৮২ নং চিঠিৰ মৰ্মে জিলা উন্নয়ন কমিটী গঠন কৰিবলৈ পৰামৰ্শ দিছিল। কমিটীখনৰ অধ্যক্ষ হিচাপে উপায়ুক্ত ডাঙৰীয়া আছিল আৰু জিলা স্তৰত উন্নয়ন বিভাগৰ মুৰব্বীসকল জিলা উন্নয়ন কমিটীৰ সদস্য আছিল। ২০০২ চনত চৰকাৰী অধিসূচনা নং পি.ডি. (এম.ই.) ৭৫/২০০২/৩ তাৰিখ ১০/১০/২০০২ মৰ্মে স্তৰত নিৰীক্ষণ কমিটী এখন বেচিকৈ গঠন কৰা হয়।.

      ২০০২ চনত চৰকাৰী অধিসূচনা নং যথাক্ৰমে পি.ডি.(এম.ই.) ৭৫/২০০২/৩ তাৰিখ ১০/১০/২০০২ আৰু পি.ডি.(এম.ই.) ৭৫/২০০২/৩ তাৰিখ ১০/১০/২০০২ মৰ্মে মুখ্য সচিবৰ অধ্যক্ষতাত ৰাজ্যিক স্তৰৰ নিৰীক্ষণ কমিটী আৰু বিভাগীয় আয়ুক্তৰ অধ্যক্ষতাত চাৰিখন নিৰীক্ষণ কমিটী গঠন কৰা হয়। চৰকাৰী অধিসূচনা নং পি.ডি.ইউ. ২১/৬৯ পি.টি-২/২ তাৰিখ ১/১১/১৯৭৫ মৰ্মে মুখ্য সচিবৰ অধ্যক্ষতাত গঠন হোৱা ৰাজ্যিক স্তৰৰ মূল্যায়ন কমিটীখন এতিয়াও বাহাল আছে যদিও ১৯৮৮ চনৰ পৰা কোনো নিয়মীয়া সভা বহা অনুমোদনৰ বাবেহে গঠন কৰা হৈছিল।

      ই. এণ্ড. এম. বিভাগৰ অধীনস্থ বৰ্তমানে থকা কমিটীসমূহ –

      ৰাজ্যিক মূল্যায়ন কমিটী –:
      ক. মূল্যায়ন আৰু বিভাগীয় প্ৰতিবেদনবিলাক বিবেচনা কৰা আৰু প্ৰতিবেদনত অনুমোদন দিয়া মতে কাৰ্যব্যৱস্থা লবলৈ চৰকাৰক পৰামৰ্শ দিয়া।

      খ. মূল্যায়ন কৰা কাম সহজসাধ্য কৰিবলৈ বিভিন্ন বিভাগৰ পৰা সমন্বয় আৰু সহযোগিতা লাভ কৰা।

      ৰাজ্যিক স্তৰত নিৰীক্ষণ কমিটী –
      ৰাজ্যিক স্তৰত কৰ্ম বিভাগৰ বাবে নিৰীক্ষণৰ কৌশল উদ্ভাৱন কৰা।

      বিভাগীয় নিৰীক্ষণ কমিটী –:
      সকলো কৰ্ম বিভাগৰ বিভাগীয় আয়ুক্তৰ বাবে নিৰীক্ষণ কৌশল উদ্ভাৱন কৰা।

      জিলা উন্নয়ন কমিটী –
      আঁচনিসমূহৰ সূত্ৰ, অনুমোদন, কাৰ্যকৰীকৰণ আৰু নিৰীক্ষণ কাৰ্যৰ চোৱাচিতা কৰা আৰু আন্তঃবিভাগীয় কথাসমূহ বিধে বিধে ভাগ কৰা।

      জিলা স্তৰত নিৰীক্ষণ কমিটী –
      জিলা স্তৰত নিৰীক্ষণ কৌশল উদ্ভাৱন কৰা আৰু কৰ্ম বিভাগৰ দ্বাৰা মুকলি কৰা ফাণ্ড ব্যৱহাৰ কৰাটো পৰীক্ষা কৰা।

      কুৰি দফীয়া আঁচনি

      বিভাগৰ কৰ্ম আঁচনি:

                  আমাৰ উন্নয়ন আঁচনিৰ মূল উদ্দেশ্যই হৈছে দাৰিদ্ৰতা নিৰ্মূলকৰণ আৰু লগতে জীৱন ধাৰণৰ মান উন্নতকৰণ। এই কথাটোকে মনত ৰাখি বিভিন্ন আঁচনিৰ সূত্ৰসমূহ উদ্ভাৱন কৰা হৈছে। কুৰি দফীয়া আঁচনি হৈছে এনেদৰে চিনাক্ত কৰা আঁচনিৰ সংমিশ্ৰণ যে কাৰ্যকৰীকৰণ পদ্ধতিত বিশেষ ধৰণে হেঁচা দিবলৈ ইয়াক এটা ছাতিৰ তলতে ৰখা হৈছে। কুৰি দফীয়া আঁচনি (টি.পি.পি.) ভাৰত চৰকাৰে ১৯৭৫ চনত আৰম্ভ কৰিছিল আৰু ১৯৮২, ১৯৮৬ আৰু আকৌ ২০০৬ চনত ইয়াক পুনৰ্গঠন কৰিলে। পুনৰ্গঠিত আঁচনিখন কুৰি দফীয়া আঁচনি (টি.পি.পি.),২০০৬ নামে জনা যায় আৰু ই ২০০৭ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হয়।

                  দাৰিদ্ৰতা নিবাৰণ, মহিলাৰ প্ৰতি অসমতা নিবাৰণ, অনুসূচিত জাতি/জনজাতিৰ প্ৰতি ন্যায় প্ৰদান, খোৱাপানীৰ ব্যৱস্থা, সকলোৰে বাবে স্বাস্থ্য, কৃষকৰ সহায়, শ্ৰমিক কল্যাণ, খাদ্য সুৰক্ষা, সকলোৰে বাবে ঘৰ, শিশু কল্যাণ, পাৰিপাৰ্শ্বিকতা ৰক্ষণ, সামাজিক সুৰক্ষা, গ্ৰাম্য পথ, প্ৰাথমিক শিক্ষাক বিশ্বজনীনতা, গাঁৱৰ বাবে শক্তি যোগান ধৰা আৰু উন্নত জীৱন ধাৰণৰ মান থকা, বিশেষকৈ গাঁও অঞ্চলৰ বাবে এই আঁচনিখনে বেছি জোৰ দিছে।

                  কুৰি দফীয়া আঁচনি,২০০৬ৰ অধীনৰ সকলোবোৰ আঁচনি নিৰীক্ষণৰ কাম কুৰি দফীয়া আঁচনি কোষক ন্যস্ত কৰা হৈছে। নিয়ম অনুসৰি ৰাজ্যিক চৰকাৰৰ বিভাগবিলাকৰ পৰা পোৱা প্ৰস্তাৱবিলাকৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰৰ সেই বিভাগে বাৰ্ষিক ক্ষেত্ৰীয় লক্ষ্য স্থিৰ কৰে। মন্ত্ৰালয়বিলাকে লক্ষ্য চূড়ান্ত কৰি উঠি ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰে। তাৰ পাছত পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে বাৰ্ষিক ক্ষেত্ৰীয় লক্ষ্যসমূহ ৰাজ্যিক চৰকাৰলৈ প্ৰেৰণ কৰে। ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ৰ পৰা বাৰ্ষিক ক্ষেত্ৰীয় লক্ষ্য পোৱাৰ পিছত পৰিকল্পনা আৰু উন্নয়ন বিভাগে সেইবিলাক নিৰ্দিষ্ট বিভাগ/টি.পি.পি.-২০০৬ৰ ৰূপায়ণ বিভাগৰ মুৰব্বীলৈ প্ৰেৰণ কৰে, যাতে তাৰ ওপৰত দৰকাৰী ব্যৱস্থা লব পৰা যায়। ৰাজ্যিক লক্ষ্যখিনি জিলাভিত্তিত ভাগ কৰা যায়। উন্নয়নৰ লাভালাভৰ ভাগ-বটোৱাৰাৰ আঞ্চলিক অসমতা দূৰ কৰিবলৈ জিলাৰ অংশটো আকৌ উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়ত স্তৰত ভাগ ভাগ কৰা হয়। জিলা লক্ষ্যসমূহ উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়ত স্তৰত ভাগ কৰি উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়তৰ বিষয়াৰ মাজত জাৰি কৰিবলৈ জিলাবিলাকৰ উপায়ুক্তৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হৈছে।

                  টি.পি.পি.-২০০৬ৰ অধীনত নিৰ্বাচন কৰা আঁচনিসমূহৰ কামৰ মাহিলী অগ্ৰগতি নিৰূপণ কৰি ভাৰত চৰকাৰে বিধান দিয়া ফৰমেটত ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়লৈ পঠাবলৈ এটা পদ্ধতি দিছে। আন আন কথাৰ ভিতৰতে, সেই বিষয়টোৰ লক্ষ্যৰ প্ৰসঙ্গত কোন শাৰীত স্থান লাভ কৰিছে তাকে দেখুৱাইছে। তদুপৰি বাৰ্ষিক অগ্ৰগতিৰ খতিয়ান সঞ্চলন কৰি ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ত দাখিল কৰা হয়।

                  ৰাজ্যিক স্তৰত টি.পি.পি.-২০০৬ৰ অধীনত ৰূপায়ণ কৰা আঁচনিসমূহৰ অগ্ৰগতি পুনৰীক্ষণ কৰিবলৈ ৰাজ্যিক স্তৰত টি.পি.পি-২০০৬ৰ এখন পৰামৰ্শদাতা কমিটী আছে যিখনৰ অধ্যক্ষ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া; কমিটীখন চৰকাৰী অধিসূচনা নং পি.ডি.পি.(২০-পি) ৫/২০০৭/৬ তাৰিখ ২২/১১/০৭ মৰ্মে পুনৰগঠন কৰা হৈছে। তাতে এজন পূৰ্ণকালীন উপাধ্যক্ষ আছে (মুখ্যমন্ত্ৰীৰ মনোনীত)। মন্ত্ৰীসকল, ৰাজ্যিক মন্ত্ৰীসকল, সাংসদসকল, মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিবসকল, প্ৰধান সচিবসকল/বিভাগীয় আয়ুক্ত আৰু সচিবসকল আৰু সমাজকৰ্মীসকল, শিক্ষাবিদসকল (মুখ্যমন্ত্ৰীৰ মনোনীত) হৈছে এই এছ.এল.এ.চিৰ সদস্য।

      কুৰিদফীয়া আঁচনিৰ ওপৰত থকা ৰাজ্যিক স্তৰৰ পৰামৰ্শদাতা কমিটীৰ কাৰ্যসমূহ –

                  বিভিন্ন আঁচনি ৰূপায়ণত যাতে স্থানীয় সমস্যাসমূহৰ প্ৰতি সংবেদনশীলতা, প্ৰয়োজন আৰু আশা-আকাংক্ষা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে মানুহ স্বতঃস্ফুৰ্ত্তভাৱে আগবাঢ়ি আহে সেই কথা মনত ৰাখি কুৰি-দফীয়া আঁচনিখনৰ বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বাবে পৰামৰ্শ দিব লাগিব।

      • ৰাজ্যৰ পৰিস্থিতি আৰু বিশেষ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আৰু লগতে জাতীয় প্ৰক্ষাপটৰ আধাৰত অগ্ৰাধিকাৰ ভিত্তিত বিভিন্ন আঁচনিৰ কাৰ্যকৰীকৰণৰ ওপৰত পৰামৰ্শ দিব লাগিব।
      • কুৰি দফীয়া আঁচনিৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতিৰ সময়তে মূল্যাংকন কৰি প্ৰয়োজন সাপেক্ষে এৰা-ধৰাকৈ লক্ষ্যত উপনীত হব পৰাকৈ পথৰ সন্ধান দিব।
      • সাধাৰণতে বিভিন্ন আঁচনি আৰু প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত পোৱা বাধাসমূহ চিনাক্ত কৰা আৰু বিশেষভাৱে লভ্যাংশ উপভোক্তাৰ দলে উদ্যোগ লোৱা আঁচনিসমূহে পোৱা অসুবিধাসমূহৰ নিৰাময়ৰ বাবে প্ৰয়োজনীয় সঠিক পথ দেখুওৱা।
      • বিভিন্ন বিভাগ/এজেন্সি/অনুষ্ঠানৰ মাজত সহযোগিতা স্থাপন কৰিব পৰা স্থানৰ চিনাক্ত কৰা আৰু আঁচনিৰ এক অৰ্থবহ কাৰ্যকৰীকৰণৰ বাবে কাৰ্যকৰী সহযোগিতাৰ বাবে পৰামৰ্শ দিয়া।
      • অতিৰিক্ত সদস্য মনোনীত কৰিবলৈ কমিটীখনৰ ক্ষমতা আছে। আগতে জিলা পৰ্যায়ত উপায়ুক্তৰ অধ্যক্ষতাত গঠিত জিলা উন্নয়ন কমিটীয়ে এই প্ৰকল্প চোৱাচিতা কৰিছিল। উন্নয়ন বিভাগৰ জিলাৰ সকলো মুৰব্বীয়ে এই ডি.ডি.চি.ৰ সদস্য আছিল। ২০০৩-০৪ চনত জিলা স্তৰত প্ৰতিখন জিলাত পৰামৰ্শদাতা কমিটী একোখনকৈ উপায়ুক্তৰ অধ্যক্ষতাত গঠন কৰা হয়, যিখনৰ কাম হৈছে কুৰি দফীয়া আঁচনি ৰূপায়ণৰ কাম একচেতীয়াভাৱে চোৱাচিতা কৰা। কুৰি-দফীয়া আঁচনি-২০০৬ৰ জিলা স্তৰৰ পৰামৰ্শদাতা কমিটীখন জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীৰ অধ্যক্ষতাত চৰকাৰী অধিসূচনা নং পি.ডি.পি.(২০-পি) ৫/২০০৭/৭ তাৰিখ ২২/১১/০৭ৰ মৰ্মে পুনৰগঠন কৰা হয়। জিলাৰ সকলো বিধায়ক/সাংসদ, উন্নয়ন বিভাগৰ সকলোবিলাক জিলাৰ মুৰব্বী, জিলা পৰিষদৰ সভাপতি, মহিলা মৰ্চাৰ সভানেত্ৰী, সংখ্যালঘু সম্প্ৰদায়ৰ সভাপতি, অনুসূচিত জাতি/জনজাতি উন্নয়ন পৰিষদৰ সভাপতি, মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি, প্ৰাক্তন সৈনিক সন্মিলনৰ সভাপতি, আই.টি.ডি.পিৰ প্ৰকল্প সঞ্চালক, এজন সমাজকৰ্মী (উপায়ুক্তৰ মনোনীত) এই ডি.এল.এ.চিৰ সদস্য। কমিটীখনে টি.পি.পি-২০০৬ আঁচনিৰ আধাৰত জিলা পৰ্যায়ত প্ৰকল্পসমূহৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতিৰ পুনৰীক্ষণ কৰে আৰু যাতে আঁচনিসমূহ স্থানীয় চাহিদা, আশা-আকাংক্ষাৰ প্ৰতি সংবেদনশীল হোৱা বাবে প্ৰকল্পসমূহ কৃতকাৰ্যতাৰে কাৰ্যকৰীকৰণত স্বতঃস্ফুৰ্ত্তভাৱে মানুহ আগবাঢ়ি আহে, তাৰ বাবে পৰামৰ্শ দিব লাগিব। জিলা স্তৰৰ পৰামৰ্শদাতা কমিটীৰ পৰা ৰাজ্যিক স্তৰৰ পৰামৰ্শদাতা কমিটীলৈ মাহিলী প্ৰতিবেদন দিয়াটো নিয়ম। তাতে এই প্ৰতিবেদনসমূহ পৰীক্ষা কৰা হয় আৰু তাতে চেপা মাৰা অংশ আছে নেকি চোৱা আৰু দৰকাৰ মতে সেইবিলাক শুদ্ধ কৰা।

      ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলৰ বাবে টি.পি.পি.-২০০৬ আঁচনিখনৰ জিলা স্তৰৰ পৰামৰ্শদাতা কমিটীখন স্বায়ত্ত শাসিত পৰিষদ/বি.টি.চিৰ মুখ্য কাৰ্যবাহী সদস্যৰ অধ্যক্ষতাত চৰকাৰী অধিসূচনা নং পি.ডি.পি. (২০-পি) ৫/২০০৭/৯ তাৰিখ ২৬/১১/২০০৭ মৰ্মে পুনৰগঠন কৰা হয়। বিভাগসমূহৰ সকলো জিলা মুৰব্বী, স্থানীয় বিধায়ক/সাংসদ, এছ.চি./এছ.টি./অ’বি.চি. উন্নয়ন পৰিষদৰ সভাপতি, মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি, প্ৰাক্তন সৈনিক সন্মিলনৰ সভাপতি আৰু এজন সমাজকৰ্ম্মী (প্ৰধান সচিবে মনোনীত কৰা) হৈছে ডি.এল.এ.চিৰ সদস্য। কমিটীখনে চি.পি.পি-২০০৬ আঁচনিখনৰ প্ৰকল্পসমূহ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহত কাৰ্যকৰীভাৱে আগুৱাইছে নে নাই তাকে পুনৰীক্ষণ কৰে আৰু আঁচনিসমূহ স্থানীয় সমস্যা প্ৰয়োজনীয়তা আৰু আকাংক্ষা পূৰণ কৰাৰ লগতে স্বতঃস্ফূৰ্ত্তভাৱে মানুহ আগুৱাই আহি কৃতকাৰ্য্যতাৰে কাৰ্য্যকৰী কৰিবলৈ পৰামৰ্শ আগবঢায়।  

      টি.পি.পি.-২০০৬ আঁচনিখন ব্লকৰ স্তৰত কাৰ্যসূচীৰ অগ্ৰগতিৰ নিৰীক্ষণ আৰু পুনৰীক্ষণ কৰিবলৈও ব্লকৰ স্তৰত নিৰীক্ষণ কমিটী এখন গঠন কৰা হৈছে। কুৰি-দফীয়া আঁচনিখন সঠিকভাৱে ৰূপায়ণ হোৱাটো নিৰীক্ষণ কৰিবলৈ সচিবালয় আৰু সঞ্চালকালয়ৰ পৰা এজন এজন বিষয়া সংযোগী বিষয়া হিচাপে চিহ্নিত কৰা হৈছে। এই বিভাগকেইটাৰ সহযোগী বিষয়াকেইজন বিভাগৰ তৰফৰ পৰা নিৰীক্ষণ কাৰ্য্যৰ বাবে দায়বদ্ধ।

      কুৰি-দফীয়া আঁচনি কোষে ২০১০-১১ সময়চোৱাত কৰা আৰু কৃতকাৰ্য্য হোৱা কাম –

      • টি.পি.পি.-২০০৬ আঁচনিৰ ৰাজ্যিক পৰ্য্যায়ত নিৰ্বাচিত ২৫টা আঁচনিৰ মাহিলী প্ৰতিবেদন ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়লৈ নিয়মিত পঠোৱা।
      • টি.পি.পি. কেষে প্ৰতি মাহে কৰা কামৰ খতিয়ান সঞ্চলন কৰি পিছৰ মাহৰ ৩ তাৰিখে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ জৰিয়তে অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়ালৈ প্ৰেৰণ কৰা।
      • টি.পি.পি.ৰ সকলো সংকলিত প্ৰতিবেদন ভাৰত চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি কাৰ্যকৰণ মন্ত্ৰালয়লৈ পঠোৱা।
      • টি.পি.পি.ৰ লগত সম্পৰ্ক থকা বিভাগসমূহৰ লগত পুনৰীক্ষণৰ সভাখন ২০১০ চনৰ ১৪ ডিচেম্বৰত আৰু টি.পি.পি.ৰ ৰাজ্যিক স্তৰৰ সভাখন ২০১১ চনৰ ২১ জানুৱাৰী তাৰিখে পতা হয়।

      জন শক্তি

      বিভাগৰ কৰ্ম পদ্ধতি –

                  পৰিচালনা আৰু উন্নয়ন বিভাগ, দিছপুৰ, গুৱাহাটী-৬ৰ অন্তৰ্গত ৯টা বিভাগৰ এটা হৈছে জন শক্তি বিভাগ। এই বিভাগৰ কাৰ্য্য পদ্ধতি হৈছে ৰাজ্যত জনশক্তি মূল্যাংকনৰ ওপৰত গৱেষণা কৰা। এই বিভাগে নতুন দিল্লীৰ এপ্লাইড ম্যানপাৱাৰ ৰিছাৰ্চ ইনষ্টিটিউটৰ সহযোগত ৰাজ্যিক স্তৰৰ বিষয়াসকলৰ বাবে প্ৰশিক্ষণ শিবিৰ স্থাপন কৰে। বিভিন্ন শিক্ষাৰে শিক্ষিত আৰু কৌশলী শ্ৰেণীৰ বিষয়াৰ যোগান আৰু চাহিদাৰ প্ৰাক্-কলন কৰে গোটেই ৰাজ্যৰে প্ৰাক্-কলন সৰ্বমুঠ কৰি মিল কৰাই একগোট কৰে।

      • সময়ে সময়ে বিভিন্ন শ্ৰেণীৰ জনশক্তি গোটৰ তালিকা বনোৱা। বিশেষকৈ (ক) অভিযন্তা (খ) মেডিকেল আৰু পেৰা মেডিকেলৰ ব্যক্তি, (গ) কৃষি স্নাতক, (ঘ) শিক্ষক, (ঙ) বৈজ্ঞানিক বিষয়া আৰু (চ) আন শ্ৰেণীৰ শিক্ষিত জনশক্তিৰ বিষয়ে।
      • জন শক্তিৰ ওপৰত এখন তথ্যপুথি (Fact Book) প্ৰস্তুত কৰি একেৰাহে সেইখন উন্নত কৰি যোৱা।
      • বিভিন্ন বিভাগৰ জন শক্তিৰ যোগান সম্পৰ্কে অধ্যয়ন আৰু কৰ্মচাৰীৰ নিয়োগ আৰু প্ৰশিক্ষণৰ কামত পৰামৰ্শ আগবঢ়োৱা।
      • জনশক্তি সম্বন্ধে অন্য বিভাগবিলাকৰ লগত উদাহৰণস্বৰূপে অৰ্থনীতিক আৰু পৰিসংখ্যা সঞ্চালকালয়, উদ্যোগ, শিক্ষা আৰু কৃষি আদি বিভাগৰ লগত যোগাযোগ ৰাখিব লাগে।
      • আঁচনিৰ দ্বাৰা নিয়োগৰ সুবিধা সৃষ্টিৰ মূল্যাংকন।
      • ৰাজ্যৰ উদ্যোগ অনুযায়ী ব্যক্তিগত আৰৰু ৰাজহুৱা খণ্ডত নিয়োগৰ ধৰণৰ বিষয়ে অধ্যয়ন কৰা।

      বিভাগৰ কৰ্ম পদ্ধতি –

                  জনশক্তি বিভাগৰ ওপৰত ন্যস্ত কৰা প্ৰধান কাম হৈছে ৰাজ্যত জনশক্তিৰ চাহিদাৰ মূল্যাংকনৰ ওপৰত অধ্যয়ন কৰা। এই বিভাগৰ অধ্যয়নসমূহ ঘাইকৈ নিয়োগ সৃষ্টি আৰু আকে আগবঢ়াই থকা। বৰ্তমানে এই বিভাগে নিম্নোক্ত কামসমূহ হাতত লৈছে-

      • জনশক্তিৰ পৰিসংখ্যাৰ ওপৰত অধ্যয়ন
      • ৰাজ্যত প্ৰয়োজন হোৱা জনশক্তিৰ অৱস্থাৰ প্ৰতিবেদনৰ ওপৰত ভেটি প্ৰতিষ্ঠা কৰা।

      পুথিভঁড়াল

      বিভাগৰ কৰ্মপদ্ধতি –

                  পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ পুথিভঁড়ালটো ১৯৭৬-৭৭ চনত বিশেষ পুথিভঁড়াল হিচাপে স্থাপন কৰা হয়। পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ এই বিশেষ পুথিভঁড়ালটোৱে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ এটা বিশেষ বিষয় বা ভালেকেইটা বিষয় বা এবিধ বিশেষ ধৰণৰ নথি থকা, লগতে  ই আঁচনি আৰু উন্নয়ন বিভাগৰ দৰে মূল গোট আৰু আন আন উন্নয়ন বিভাগলৈও সেৱা  আগবঢ়ায়।

      পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ পুথিভঁড়ালৰ মূল উদ্দেশ্য –

      • পৰিকল্পনা আৰু উন্নয়নৰ ক্ষেত্ৰখনৰ উল্লেখযোগ্য অগ্ৰগতি আৰু গোটেই চৰকাৰখনৰ উন্নয়ন, অৰ্থনীতি আৰু আন আন বিষয় সামৰি উল্লেখনীয় উন্নয়নসমূহৰ লগত সংগঠনৰ কৰ্মচাৰীসকলৰ যোগাযোগ ৰাখিবলৈ সমৰ্থবান কৰাৰ বাবে সংবাদ সেৱা আগবঢ়োৱা।
      • পুথি বিচৰা আৰু পঢ়ুৱৈক যুক্তিযুক্ত সংবাদ যোগান ধৰা।
      • ব্যৱহাৰকাৰীক আগ্ৰহী কৰি তোলাৰ বাবে ভাল সেৱাৰ সমমানৰ সংগ্ৰহ।
      • ব্যৱহাৰকাৰীয়ে যেতিয়াই বিচাৰে তেতিয়াই সংবাদ প্ৰেৰণৰ ব্যৱস্থা।

      পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ পুথিভঁড়ালটোৱে দেশৰ যিকোনো আধুনিক পুথিভঁড়ালৰ মানৰ সকলো সেৱা আগবঢ়াব লাগিব; যেনে- পঢ়ুৱৈ আৰু বিভাগৰ প্ৰয়োজন মতে নিদৰ্শন কিতাপ, কিতাপ ধাৰলৈ দিয়া ইত্যাদি, নথি আৰু সংবাদ সংৰক্ষণৰ সুবিধা, পুথিৰ তালিকা প্ৰস্তুত আদি।

                  বৰ্তমানে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ পুথিভঁড়ালত মুঠ ৫০০০ৰ পৰা ৬০০০ কিতাপ, আলোচনী, প্ৰতিবেদন, বাতৰি কাকত ইত্যাদি আছে। কিতাপ বিলাক ক্ৰমিক নম্বৰ অনুসৰি আৰু প্ৰতিবেদনসমূহ বিষয় অনুসৰি লোৰ আলমাৰীত ৰখা হৈছে।

      সাধাৰণ প্ৰশাসন

      বিভাগৰ কৰ্ম পদ্ধতি

                  বিভাগৰ সাধাৰণ প্ৰশাসনীয় শাখাত সকলো লাগতীয়াল বিভাগ/কোষ আৰিু সঞ্চালকালয়ৰ কৰ্মচাৰী আৰু সংস্থাপনৰ কামৰ লগতে চেক্ৰেটাৰীয়েল কামসমূহো কৰা হয়। প্ৰধান সচিব ডাঙৰীয়া হৈছে ইয়াৰ মুৰব্বী।এই বিভাগৰ বিষয়াবৰ্গক ভাৰতীয় প্ৰশাসনীয় সেৱা/অসম অসামৰিক সেৱা আৰু অসম বিত্তীয় সেৱা বিভাগৰ পৰা অনা হয়।

                  কৰ্মচাৰীসকলক অসম চৰকাৰৰ সচিবালয় প্ৰশাসন বিভাগৰ পৰা অনা হয়।