মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

বিকেন্দ্ৰীকৃত আঁচনি

  • বিভাগৰ কৰ্ম পদ্ধতি

                বিকেন্দ্ৰীকৃত আঁচনিসমূহ ১৯৮৬ চনতে অসমৰ ভৈয়াম অঞ্চলৰ সকলো জিলাৰ মহকুমাত আৰম্ভ কৰা হয়, ইয়াকে ২০০৪-০৫ চনত জিলা পৰ্যায়লৈ উন্নীত কৰা হয়। সেই হিচাপে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহ বাদ দি জিলাভিত্তিক অভিযান চলাবলৈ প্ৰতিখন জিলাতে বাৰ্ষিক পৰিকল্পনা প্ৰস্তুত আৰু চূড়ান্ত কৰাৰ বাবে একোখন জিলা পৰিকল্পনা আৰু নিৰীক্ষণ কমিটী গঠন কৰা হয়। প্ৰতিখন জিলাৰে সদৰৰ নিম্ন উল্লেখিত বিষয়া আৰু কৰ্মচাৰীক লৈ বিকেন্দ্ৰীকৃত পৰিকল্পনা কোষ একোটা জিলা ভিত্তিত স্থাপন কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা বিভাগ – পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অধীনত এটা বিকেন্দ্ৰীকৃত পৰিকল্পনা বিভাগ খোলা হৈছে। এই বিকেন্দ্ৰীকৃত পৰিকল্পনা বিভাগৰ লক্ষ্য হৈছে পৰিকল্পনা প্ৰক্ৰিয়াৰ লগত জনগণক সাঙুৰি লোৱা, স্থানীয় চাহিদা মতে উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা আৰু জনগণৰ আশা-আকাংক্ষাৰ মতে জিলা ভিত্তিক সম্পদ সৃষ্টিৰ জৰিয়তে লাভজনক কৰ্ম সৃষ্টি কৰা। এই বিকেন্দ্ৰীকৃত পৰিকল্পনা বিভাগে (ডি.চি.পি.) ৰাজ্যিক পৰ্যায়ত বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ তত্বাৱধান কৰে। বিভাগীয় এজন বিষয়াই এই বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

                বিভিন্ন উন্নয়ন বিভাগে ৰূপায়ণ কৰা আঁচনিসমূহৰ পৰা ফালৰি কাটিও ৰাজ্যিক চৰকাৰে কিছুমান আঁচনি ন-কৈ ৰূপায়ণ কৰিছে। যেনে- আনন্দৰাম বৰুৱা পুৰস্কাৰ, ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা আঁচনি, ধৰ্মজ্যোতি, জ্ঞানজ্যোতি, কল্পতৰু, আনটাইড ফাণ্ড আৰু জিলা উন্নয়ন আঁচনি।