মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

জন শক্তি

  • বিভাগৰ কৰ্ম পদ্ধতি –

                পৰিচালনা আৰু উন্নয়ন বিভাগ, দিছপুৰ, গুৱাহাটী-৬ৰ অন্তৰ্গত ৯টা বিভাগৰ এটা হৈছে জন শক্তি বিভাগ। এই বিভাগৰ কাৰ্য্য পদ্ধতি হৈছে ৰাজ্যত জনশক্তি মূল্যাংকনৰ ওপৰত গৱেষণা কৰা। এই বিভাগে নতুন দিল্লীৰ এপ্লাইড ম্যানপাৱাৰ ৰিছাৰ্চ ইনষ্টিটিউটৰ সহযোগত ৰাজ্যিক স্তৰৰ বিষয়াসকলৰ বাবে প্ৰশিক্ষণ শিবিৰ স্থাপন কৰে। বিভিন্ন শিক্ষাৰে শিক্ষিত আৰু কৌশলী শ্ৰেণীৰ বিষয়াৰ যোগান আৰু চাহিদাৰ প্ৰাক্-কলন কৰে গোটেই ৰাজ্যৰে প্ৰাক্-কলন সৰ্বমুঠ কৰি মিল কৰাই একগোট কৰে।

    • সময়ে সময়ে বিভিন্ন শ্ৰেণীৰ জনশক্তি গোটৰ তালিকা বনোৱা। বিশেষকৈ (ক) অভিযন্তা (খ) মেডিকেল আৰু পেৰা মেডিকেলৰ ব্যক্তি, (গ) কৃষি স্নাতক, (ঘ) শিক্ষক, (ঙ) বৈজ্ঞানিক বিষয়া আৰু (চ) আন শ্ৰেণীৰ শিক্ষিত জনশক্তিৰ বিষয়ে।
    • জন শক্তিৰ ওপৰত এখন তথ্যপুথি (Fact Book) প্ৰস্তুত কৰি একেৰাহে সেইখন উন্নত কৰি যোৱা।
    • বিভিন্ন বিভাগৰ জন শক্তিৰ যোগান সম্পৰ্কে অধ্যয়ন আৰু কৰ্মচাৰীৰ নিয়োগ আৰু প্ৰশিক্ষণৰ কামত পৰামৰ্শ আগবঢ়োৱা।
    • জনশক্তি সম্বন্ধে অন্য বিভাগবিলাকৰ লগত উদাহৰণস্বৰূপে অৰ্থনীতিক আৰু পৰিসংখ্যা সঞ্চালকালয়, উদ্যোগ, শিক্ষা আৰু কৃষি আদি বিভাগৰ লগত যোগাযোগ ৰাখিব লাগে।
    • আঁচনিৰ দ্বাৰা নিয়োগৰ সুবিধা সৃষ্টিৰ মূল্যাংকন।
    • ৰাজ্যৰ উদ্যোগ অনুযায়ী ব্যক্তিগত আৰৰু ৰাজহুৱা খণ্ডত নিয়োগৰ ধৰণৰ বিষয়ে অধ্যয়ন কৰা।

    বিভাগৰ কৰ্ম পদ্ধতি –

                জনশক্তি বিভাগৰ ওপৰত ন্যস্ত কৰা প্ৰধান কাম হৈছে ৰাজ্যত জনশক্তিৰ চাহিদাৰ মূল্যাংকনৰ ওপৰত অধ্যয়ন কৰা। এই বিভাগৰ অধ্যয়নসমূহ ঘাইকৈ নিয়োগ সৃষ্টি আৰু আকে আগবঢ়াই থকা। বৰ্তমানে এই বিভাগে নিম্নোক্ত কামসমূহ হাতত লৈছে-

    • জনশক্তিৰ পৰিসংখ্যাৰ ওপৰত অধ্যয়ন
    • ৰাজ্যত প্ৰয়োজন হোৱা জনশক্তিৰ অৱস্থাৰ প্ৰতিবেদনৰ ওপৰত ভেটি প্ৰতিষ্ঠা কৰা।