মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

উত্তৰ-পূৱ পৰিষদ

  • বিভাগৰ কৰ্ম পদ্ধতি

                ১৯৭১ চনত সংসদত গৃহীত হোৱা উত্তৰ-পূৱ পৰিষদ আইন নং ৮৪ মৰ্মে ১৯৭২ চনৰ আগষ্ট মাহত মন্ত্ৰণাদাতা সংস্থা হিচাপে উত্তৰ-পূৱ পৰিষদ (এন.ই.চি.) গঠন হয়। এই এন.ই.চিখন এন.ই.চি. এক্ট ২০০২ মৰ্মে পুনৰগঠন কৰি সংশোধন ঘটাই আঞ্চলিক পৰিকল্পনা সংস্থা হিচাপে গ্ৰহণ কৰা হয়। এই উত্তৰ-পূৱ পৰিষদত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰা –এই আঠখন ৰাজ্য অন্তৰ্ভুক্ত হৈ আছে। দেশৰ এই উত্তৰ পূৰ্বাঞ্চলৰ সমতুল্য আৰু সামূহিক গোট হিচাপে অৰ্থনৈতিক অগ্ৰসৰতাই হৈছে এই পৰিষদৰ মুখ্য উদ্দেশ্য। এই উত্তৰ-পূৱ পৰিষদে উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা, জলসম্পদ, শক্তি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, কৃষি খণ্ড, উদ্যোগ আৰু বাণিজ্য, পশুপালন বিভাগ আদিলৈ পুঁজিৰ যোগান ধৰিছে আৰু এই পুঁজিৰ ৯০ শতাংশ অনুদান আৰু ১০ শতাংশ ঋণ হিচাপে ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। উত্তৰ-পূৱ পৰিষদে ঘাইকৈ অঞ্চলটোৰ বুনিয়াদী আন্তঃগাঁথনিৰ চাহিদা অনুসৰি সমন্বয় আৰু সামূহিক আঁচনি প্ৰস্তুত কৰে।

                পৰিকল্পনা আৰু উন্নয়ন বিভাগেই হৈছে অসমৰ বাবে সংযোগী বিভাগ। আঞ্চলিক চৰিত্ৰ বিশিষ্টতা থকা প্ৰকল্পসমূহৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবেই এন.ই.চিয়ে সাধাৰণতে পুঁজিৰ যোগান ধৰে। পি. এণ্ড ডি. বিভাগৰ এন.ই.চি কোষেই বিভাগটোৰ বাবে সমন্বয়ক বিভাগ হিচাপে কাম কৰে। এইবাবেই বিভিন্ন বিভাগ, প্ৰকল্পটোৰ লগত সংপৃক্ত বিভাগসমূহে তেওঁলোকৰ প্ৰস্তাৱবিলাক পৰীক্ষা-নিৰীক্ষা কৰি উঠি পি. এণ্ড ডি. বিভাগে ছিলঙত থকা এন.ই.চি কাৰ্যালয়লৈ বিবেচনাৰ বাবে পঠায়। প্ৰকল্পটো অনুমোদনৰ পিছত এন.ই.চিয়ে ৯০:১০ হাৰ ভিত্তিত প্ৰথম কিস্তি মুকলি কৰি দিয়ে। পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ জৰিয়তে প্ৰথম কিস্তিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ পোৱাৰ পিছত এন.ই.চিয়ে পিছৰ কিস্তিটো মুকলি কৰি দিয়ে।

     

    কোষৰ কৰ্ম পদ্ধতি

    • বিভিন্ন বিভাগে দাখিল কৰা পঞ্চ বাৰ্ষিক আৰু বাৰ্ষিক আঁচনিসমূহ পৰীক্ষা কৰি বিবেচনা কৰা আৰু নিৰ্বাচিত আঁচনিসমূহ চৰকাৰী অনুমোদন সাপেক্ষে ছিলঙৰ এন.ই.চি কাৰ্যালয়লৈ পঠোৱা।
    • ডি.পি.আৰ. (Detail Project Report)ৰ লগতে এছ.এফ.চিৰ (ষ্টেণ্ডিং ফাইনেন্স কমিটী) স্মাৰক টোকা/ই.এফ.চি.ৰ (ইকনমিক ফানেন্স কমিটী) স্মাৰক টোকা/পি.আই.বিৰ (পাব্লিক ইনভেষ্ট বোৰ্ড) স্মাৰক টোকাসমূহ পৰীক্ষা আৰু বিবেচনা কৰি পযুক্ত যেন পালে সেইবোৰ বিবেচনাৰ বাবে পঠোৱা।
    • এন.ই.চি.ৰ আঁচনিৰ অধীনত কাৰ্যকৰী হব লগা আঁচনিসমূহৰ ক্ষেত্ৰভিত্তিক আৰু বিত্তীয় অগ্ৰগতিৰ কিউ.পি.আৰ. (ত্ৰৈমাসিক অগ্ৰগতিৰ খতিয়ান) সংগ্ৰহ আৰু সঞ্চলন কৰি ছিলঙৰ উত্তৰ-পূৱ পৰিষদৰ কাৰ্যালয় আৰু ভাৰত চৰকাৰলৈ পঠোৱা।
    • কাৰ্যকৰী কৰিবলগী আঁচনিসমূহৰ অগ্ৰগতিৰ মূল্যাংকন কৰিবলৈ মাজে সময়ে বিভিন্ন বিভাগৰ লগত পুনৰীক্ষণৰ বাবে সভা আহ্বান কৰিব লাগে।
    • পৰিষদৰ সভাসমূহৰ সংক্ৰান্তত মাননীয় মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বাবে খচৰা প্ৰস্তুত কৰা (বছৰত দুবাৰ পৰিষদৰ সভা হব লাগে)। তদুপৰি পৰিষদৰ সভাৰ লগতে পথ প্ৰদৰ্শকীয় (Steering Committee) সভা আৰু আহ্বায়িত আন আন সভাৰ কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰা।

    এনে ধৰণৰ সভাসমূহত লোৱা সিদ্ধান্ত অনুসৰণ কৰি নিম্নোল্লেখিত প্ৰতিবেদন প্ৰস্তুত/সঞ্চলন কৰিবলৈ ব্যৱস্থা কৰা।

    • বিভাগসমূহে হিচাপ পৰীক্ষণৰ/ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিলৰ অৱস্থা।
    • এন.ই.চি. আৰু লগতে ৰাজ্যিক চৰকাৰে পুঁজি মোকলাই দিয়া অৱস্থা।
    • বাৰ্ষিক/পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত এন.ই.চিলৈ প্ৰস্তাৱ দাখিলৰ অৱস্থা।
    • ৰাজ্যিক বিত্ত (বাজেট) বিভাগলৈ সেই নিৰ্দিষ্ট বছৰত ৰাজ্যিক বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তাৱ দাখিল কৰা।
    • সময়ে সময়ে দৰকাৰ হোৱা প্ৰতিবেদনসমূহ
    • এন.ই.চিৰ অধীনস্থ আন আন প্ৰকল্পৰ বাবে স্বায়ত্ত শাসিত পৰিষদ/ট্ৰাষ্ট/বেচৰকাৰী সংস্থা/উদ্যোগী গোটসমূহে বিততীয় সাহায্যৰ বাবে দাখিল কৰা প্ৰস্তাৱসমূহ পৰীক্ষা আৰু বিবেচনা কৰা।