মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

সদৃশ পৰিকল্পনা/এন.এল.চি.পি.আৰ.

  • বিভাগৰ কৰ্মপদ্ধতি

                ৰাজ্যত সদৃশ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ এই বিভাগক ভাৰ দিয়া হৈছে। পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ এই সদৃশ পৰিকল্পনা বিভাগে বাতিল নোহোৱা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি তথা বি.টি.চিৰ বাবে ধাৰ্য কৰা বিশেষ অৰ্থনৈতিক পেকেজ অৰ্থাত্ ৰাজ্যিক পৰিকল্পনাৰ বাহিৰত থকা বিষয়সমূহ চোৱাচিতা কৰে। এই বিভাগটোৱেই এহাতে ড’নাৰ মন্ত্ৰালয়ৰ লগত আৱশ্যকীয় বিষয়সমূহ প্ৰত্যক্ষভাৱে যোগাযোগ কৰা আৰু আনহাতে ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক কাম কৰা বিভাগসমূহৰ লগত যোগাযোগ ৰক্ষা কৰাৰ দায়িত্বত আছে।

    কেন্দ্ৰীয় চৰকাৰৰ অ-বাতিলকৃত পুঁজিৰ মুখ্য কাৰ্যসমূহ নিম্ন উল্লেখিত ধৰণৰ –

    • ৰাজ্য তথা আঁচনিসমূহৰ চাহিদা অনুসৰি ক্ষেত্ৰ নিৰ্বাচন কৰা।
    • আঁচনি মতে প্ৰস্তুত কৰা নিৰ্বাচিত প্ৰকল্পৰ নথি পৰীক্ষা কৰা আৰু সেইবিলাকক ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা।
    • ৰৈ যোৱা পৰিকল্পনাসমূহৰ আঁচনিবিলাকৰ পুংখনাপুংখ পৰীক্ষা আৰু সেইবিলাক ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা।
    • আঁচনিসমূহ অনুমোদন কৰা আৰু বিভাগৰ চাহিদা মতে পুঁজি মুকলি কৰি দিয়া। ব্যৱহাৰিক প্ৰমাণ-পত্ৰ, ত্ৰৈমাসিক অগ্ৰগতিৰ খতিয়ান আৰু সম্পূৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা।
    • আঁচনি/প্ৰকল্পসমূহৰ প্ৰতি দুমাহৰ মূৰে মূৰে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিবৰ দ্বাৰা আৰু তিনি মাহৰ মূৰত মুখ্য সচিবৰ দ্বাৰা পুনৰীক্ষণ।
    • পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰীয়েও তেখেতৰ পৰ্যায়ত আঁচনিৰ অগ্ৰগতিৰ পুনৰীক্ষণ কৰিব পাৰে; আনহাতে মাননীয় মুখ্যমন্ত্ৰীয়েও তেখেতৰ যেতিযাই ইচ্ছা তেতিয়াই পুনৰীক্ষণ কাৰ্যত ভাগ লব পাৰে।
    • ক্ষেত্ৰীয় পৰ্যায়তো নিৰীক্ষণ কাৰ্য কৰা হয়।

    বড়োলেণ্ড স্বায়ত্ত শাসিত অঞ্চলৰ অৰ্থনৈতিক পেকেজৰ সন্দৰ্ভত কামসমূহ নিম্নোলিখিত ধৰণৰ –

    • অগ্ৰাধিকাৰৰ ভিত্তিত আঁচনিৰ সংলগ্ন নথিপত্ৰসমূহ ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা হব।
    • নিৰ্বাচিত আঁচনি/প্ৰকল্পসমূহ বিভাগৰ পৰা পোৱা কাৰিকৰী অৰ্থনৈতিক পৰীক্ষণৰ উল্লেখিত প্ৰতিবেদন মতে বিশদভাৱে পৰীক্ষা কৰি অনুমোদনৰ বাবে ষ্টেণ্ডিং কমিটীৰ আগত দাখিল কৰা।
    • বি.টি.চিত যোগান ধৰিবলগীয়া পুঁজিৰ অনুমোদন কৰা আৰু মোকলাই দিয়া।
    • ব্যৱহাৰিক প্ৰমাণ-পত্ৰ, ত্ৰৈমাসিক অগ্ৰগতিৰ খতিয়ান আৰু সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ ড’নাৰ মন্ত্ৰালয়ত দাখিল কৰা।
    • আঁচনিৰ ক্ষেত্ৰীয় নিৰীক্ষণ।

    বিভাগৰ কৰ্ম পদ্ধতি (সদৃশ আঁচনি বিভাগ) –

                অ-বাতিলকৃত কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ (এন.এল.চি.পি.আৰ.) সৃষ্টি হৈছে ভাৰত চৰকাৰৰ মন্ত্ৰালয়সমূহৰ অব্যৱহৃত বাজেটৰ ১০ শতাংশ পুঁজিৰে উত্তৰ-পূৱ অঞ্চলৰ উন্নয়নৰ বাবে ১৯৯৮-৯৯ চনত সৃষ্ট এক পুঁজি। কেন্দ্ৰীয় মন্ত্ৰালয়সমূহে তেওঁলোকৰ এই অব্যৱহৃত পুঁজি ড’নাৰ মন্ত্ৰালয়ে পৰিচালনা কৰা অ-বাতিলকৃত পুঁজিলৈ হস্তান্তৰ কৰে। এই পুঁজিৰ উদ্দেশ্য হৈছে অঞ্চলটোৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰা। এই পুঁজিৰে উন্নয়ন সাধন কৰিবলগীয়া প্ৰকল্প ক্ষেত্ৰকেইটা হৈছে, পথ আৰু দলং, শক্তি, স্বাস্থ্য, শিক্ষা, পানী যোগান, জলসম্পদ, খেল আৰু অসামৰিক উৰণ ইত্যাদি। ইয়াৰে ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰৰ অনুদান আৰু ৰাজ্যিক চৰকাৰে পৰিশোধ কৰিবলগীয়া ১০ শতাংশ ঋণ।