১. অগ্ৰাধিকাৰ ভিত্তি উন্নয়নৰ বাবে (SFPD) ৰাজ্যই আবণ্টন দিয়া পুঁজি (a) ৰাজ্য আয়ত্বাধীন অগ্ৰাধিকাৰ উন্নয়নৰ আঁচনি (SOPD),(b) (i) কেন্দ্ৰীয় পোষকতা আঁচনি (CSS) (ii) বাতিল নোহোৱা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি (NLCPR) (iii) উত্তৰ-পূৱ পৰিষদ (NEC) (iv) গ্ৰাম্য আম্তঃগাঁথনি উন্নয়ন পুঁজি (RIDF) (v) বাহিৰৰ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ বাবে দৰকাৰ হোৱা সমপৰ্যায়ৰ পুঁজি (EAP) (vi) পাৰ্বত্য অঞ্চল (vii) বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদ (BTC) (viii) জনজাতীয় পৰিষদকে ধৰি জনজাতীয় উপ-আঁচনি (ix) অনুসূচিত জাতি উপ-আঁচনি (SCSP) আৰু (c) একে আন আঁচনিৰ বাবে আবণ্টন।
২. ৰাজ্য চৰকাৰৰ বিভাগসমূহে তেওঁলোকৰ একে শাৰীত পৰা কেন্দ্ৰীয় পোষকতাৰ আঁচনি আৰু কেন্দ্ৰীয় খণ্ডৰ আঁচনিসমূহৰ কাৰ্যকৰণৰ নিৰীক্ষণ কৰা।
৩. ৰাজ্যৰ বিভাগসমূহৰ লগত কেন্দ্ৰৰ সেই একে শাৰীৰ মন্ত্ৰালয়ৰ লগত সহযোগ কৰি সেই কেন্দ্ৰীয় মন্ত্ৰালয়ৰ লগত ৰাজ্যৰ বিভাগৰ দ্বৈত সংযোগ কৰা যাতে আঁচনিৰ সুস্থ ৰূপায়ণ হয়।
৪. SOPD, NEC, NLCPR, RIDF, EAP অন্তৰ্গত সকলো আঁচনিৰ নিৰীক্ষণ আৰু মূল্যায়ন।
৫. মেডিকেল আৰু শিক্ষাৰ বাবে অনুমোদন দিয়া SUHRID আঁচনিৰ অন্তৰ্গত MLAAD আৰু MPLAD সংক্ৰান্তৰ কথাসমূহ।
৬. আনটাইড ফাণ্ডৰ বাবে উপভোক্তা নিৰ্বাচন আৰু কাৰ্যকৰী কৰাৰ বাবে নিৰীক্ষণ।
৭. অসম ভিজন ২০৩০ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আঁচিসমূহৰ একে শাৰীতে থকা সকলো প্ৰশাসনীয় বিভাগৰ আঁচনি আৰু প্ৰকল্পসমূহ মূল্যায়ন আৰু নিৰীক্ষণ।
৮. ‘টীম অসম হাব’ আৰু ‘জ্ঞান আৰু উদ্ভাৱন হাব’ৰ কথাসমূহ।
৯. অসম অৰ্থনৈতিক জৰীপ আৰু অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ কথাসমূহ
১০. জ্ঞানজ্যোতি আৰু ধৰ্মজ্যোতি সম্বন্ধীয় কথাসমূহ
১১. চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ কথাসমূহ