মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

ক্ৰিয়া তথা কাৰ্যকলাপসমূহ

১. বিকাশৰ অগ্ৰাধিকাৰৰ ৰাজ্যিক নিধিৰ ওপৰত ভিত্তি কৰি নিম্নলিখিত ক্ষেত্ৰসমূহত ই ধনৰ আৱণ্টন দিয়ে-

            ক. ৰাজ্যৰ নিজা বিকাশ অগ্ৰাধিকাৰৰ আঁচনিসমূহ,

            খ. (i)  কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিসমূহৰ ৰাজ্যিক অংশসমূহৰ লগতে

                (ii) সংসাধনৰ অ-হস্তান্তৰযোগ্য কেন্দ্ৰীয় গোট,

                (iii) উত্তৰ-পূব পৰিষদ,

                (iv) গ্ৰামীণ বুনিয়াদী আন্তঃগাঁথনিৰ বিকাশ নিধি,

                (v) বাহ্য সহায়তা প্ৰাপ্ত পৰিযোজনাৰ তহবিলৰ বাবে প্ৰয়োজনীয় ধন,

                (vi) পাহাৰীয়া অঞ্চলসমূহ,

                (vii) বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ,

                (viii) জনজাতীয় উপ-যোজনাৰ লগতে জনজাতীয় পৰিষদ,

                (ix)  অনুসূচিত জাতি উপ-যোজনা আৰু

            গ. অন্য এনে ধৰণৰ আৱণ্টনসমূহ      

২. ৰাজ্যিক চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ দ্বাৰা কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিসমূহৰ লগতে কেন্দ্ৰীয় ক্ষেত্ৰৰ যোজনাসমূহৰ ৰূপায়ণৰ পৰ্যবেক্ষণ।

৩. সংশ্লিষ্ট মন্ত্ৰালয়সমূহ আৰু ৰাজ্যিক চৰকাৰৰ মাজত সঠিক যোগাযোগৰ জৰিয়তে আঁচনিসমূহৰ সফল ৰূপায়ণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰৰ সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ লগত ৰাজ্যিক বিভাগসমূহৰ সু-সমন্বয় ৰক্ষা কৰা