মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

মূল্যায়ন আৰু নিৰীক্ষণ


বিভাগৰ কৰ্ম পদ্ধতি:

ৰাজ্যিক মূল্যায়ন কমিটী আৰু লগে লগে আন আন বিভাগৰ লগতে চৰকাৰৰ শীৰ্ষ নেতৃত্বই কৰা অনুৰোধ মৰ্মে মূল্যায়ন আৰু নিৰীক্ষণ বিভাগক বিভিন্ন আঁচনি/প্ৰকল্পৰ বাবে মূল্যায়ন অধ্যয়নৰ কাম কৰিবলৈ দিয়া হয়। একে সময়তে বিভিন্ন উন্নয়ন আঁচনিৰ ক্ষেত্ৰীয় নিৰীক্ষণৰ কামো নিয়ম মতে কৰা হয়। তাৰোপৰি উন্নয়ন বিভাগ আৰু চৰকাৰৰ অধীনস্থ পৰিষদ/নিগমসমূহে দাখিল কৰা মাহিলী আৰু ত্ৰৈমাসিক অগ্ৰগতিৰ খতিয়ানসমূহ নিয়মীয়াকৈ বিশদভাৱে পৰীক্ষা কৰা হয়। যোৱা কেইবছৰমানৰ পৰা ক্ষেত্ৰীয় নিৰীক্ষণ কঠোৰভাৱে কৰা হৈছে।

ডি.ডি.চি সভাৰ প্ৰস্তাৱসমূহ আৰু ভৈয়ামৰ জিলাসমূহৰ বিভিন্ন স্তৰৰ নিৰীক্ষণ কমিটীৰ প্ৰস্তাৱসমূহো পৰীক্ষা কৰা হয় আৰু দৰকাৰী সিদ্ধান্তসমূহ নিৰ্দিষ্ট বিভাগলৈ উপযুক্ত ব্যৱস্থা লোৱাৰ বাবে যোগাযোগ কৰা হয়। অন্য বিভাগৰ থকাৰ দৰেকৈ এই বিভাগৰ পৰিপালন কৰিবলগীয়া নিজা কোনো আঁচনি বা আয়োজন নাই।

সাংগঠনিক গাঠনি:

মূল্যায়ন আৰু নিৰীক্ষণ বিভাগটো হৈছে প্ৰকল্প আৰু উন্নয়ন বিভাগৰ প্ৰশাসনিক এক্তিয়াৰৰ অন্তৰ্গত। অসম চৰকাৰৰ প্ৰকল্প আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিবজনাই হৈছে মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ একমাত্ৰ প্ৰাধিকাৰী।

মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ শীৰ্ষ নেতৃত্বত ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া এজন আছে (তেওঁ যুটীয়া সচিবতকৈ নিম্ন পদাধিকাৰী নহয়), তেওঁ বিভাগৰ সঞ্চালক, তেওঁৰ সাহায্যকাৰীসকল হল অতিৰিক্ত সঞ্চালক, বিভাগৰ প্ৰধান, বিভাগৰ উপ-প্ৰধান, গৱেষণা বিষয়া, সহকাৰী গৱেষণা বিষয়া আৰু কনিষ্ঠ কাৰিকৰী কৰ্মচাৰী।

মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ যোৰহাট, শিলচৰ, তেজপুৰ আৰু ডিফুত চাৰিটা আঞ্চলিক ক্ষেত্ৰীয় কাৰ্যালয় আছে। ক্ষেত্ৰীয় কাৰ্যালয়ৰ মুৰব্বী হৈছে বিভাগৰ মুৰব্বীজন (তেওঁ যুটীয়া সঞ্চালক সমপৰ্যায়ৰ), তেওঁৰ সহায়ক হৈছে এজন গৱেষণা বিষয়া, সহঃ গৱেষণা বিষয়া আৰু কনিষ্ঠ কৰ্মচাৰীবৃন্দ।

মুখ্য কাৰ্য্যদক্ষতাসমূহ

এই বিভাগৰ মুখ্য কাম হৈছে মূল্যায়ন অধ্যয়ন আৰু ক্ষেত্ৰীয় নিৰীক্ষণ কৰি তাৰ ওপৰত চৰকাৰক প্ৰতিবেদন দাখিল কৰা যাতে আঁচনিসমূহ কাৰযকৰী কৰোতে ৰৈ থকা সুৰুঙা/অসুবিধাসমূহ শুদ্ধিকৰণৰ বাবে ব্যৱস্থা লব পৰা যায়। এনে অধ্যয়নে আঁচনিৰ আকৌ পুনৰাগমনত ব্যৱহাৰ হব। এনেকৈয়ে মূল্যায়ন আৰু কেন্দ্ৰীয় নিৰীক্ষণৰ প্ৰতিবেদনে উন্নয়ন বিভাগক আঁচনি কাৰ্যকৰীকৰণত সহায়ক হব।

বিভাগৰ কাৰ্য সম্পাদন:

  • বিভাগটোৰ আৰম্ভণীৰে পৰা ২০৫খন মূল্যায়ন অধ্যয়ন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু আন ১৫খন অধ্যয়নৰ প্ৰতিবেদন ৰাজ্যিক মূল্যায়ন কমিটীৰ সভাত গৃহীত হবলৈ বাকী আছে।
  • আঁচনি আৰু প্ৰকল্পসমূহৰ ক্ষেত্ৰীয় নিৰীক্ষণ কাৰ্য্য ১৯৮৬-৮৭ৰ পৰা কৰা হৈছে। ২০০৮ চনৰ মাৰ্চ মাহলৈকে ১২০০ প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰা হৈছে।
  • বিভাগটোৱে ২০০৮-০৯ সময়ছোৱাত এন.এল.চি.পি.আৰ আৰু অসম বিকাশ যোজনাকে ধৰি ৬৯৭টা ক্ষেত্ৰীয় নিৰীক্ষণ সম্পূৰ্ণ কৰিছে।
  •  ২০০৯-১০ সময়চোৱাত বিভাগটোৱে ১৫টা উন্নয়ন বিভাগ/খণ্ডৰ প্ৰায় ১২০০টা ক্ষেত্ৰীয় নিৰীক্ষণ সম্পূৰ্ণ কৰিছে।
  •  ২০০৯-১১ সময়চোৱাত ২৫টা বশেষ নিৰীক্ষণ পৰিচালনা কৰি প্ৰতিবেদন দাখিল কৰা হৈছে।
  •  ২০১০-১১ সময়চোৱাত এম.পি.এল.এ.ডি., এম.এল.এ.এ.ডি আৰু এ.বি.ৱাইকে ধৰি ৯৩২টা ক্ষেত্ৰীয় নিৰীক্ষণ সম্পূৰ্ণ কৰা হল; ইয়াৰ বাবে আংশিকভাৱে প্ৰতিবেদন দাখিল কৰা হৈছে আৰু বাকীখিনিও দাখিল কৰাৰ পথত আছে।
  •  এন.এল.চি.পি.আৰৰ ক্ষেত্ৰীয় নিৰীক্ষণ চলি আছে।
  • বিভাগটোৱে ২০০৯-১০ সময়চোৱাত মূল্যায়ন আৰু নিৰীক্ষণৰ ওপৰত এখন সহায়ক পুথি সঞ্চলন কৰে।
  •  সম্পূৰ্ণ হোৱা মূল্যায়ন অধ্যয়নৰ প্ৰতিবেদনৰ ওপৰত গৃহীত/অনুধাৱন কৰা কাৰ্য্যৰ বিষয়ে ৰাজ্যিক মূল্যায়ন কমিটীৰ সভাখন হবলগীয়া হৈ আছে।

২০১০ৰ পৰা ২০১১ সময়ছোৱাত বিষয়া আৰু কৰ্মচাৰীৰ প্ৰশিক্ষণ –

তৃণমূলল পৰ্য্যায়ৰ আঁচনি অধ্যয়নৰ বাবে মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ সঞ্চালকে ২০১০ চনৰ নৱেম্বৰৰ মাহত গুজৰাটলৈ আৰু ই. এণ্ড এম. বিভাগৰ অতিৰিক্ত সঞ্চালকে ২০১০ চনৰ অক্টোবৰত ত্ৰিপুৰা ভ্ৰমণ কৰে। ভাৰত চৰকাৰৰ ডি.অ’.পি.টিয়ে ২০১০ চনৰ আগষ্ট মাহত অসম প্ৰশাসনীয় মহাবিদ্যালয়, গুৱাহাটী-২২ত আয়োজন কৰা ৰাজ্যিক মধ্যমানৰ বিষয়াবৰ্গৰ বাবে যুগুতোৱা একাউণ্টছ মেনেজমেণ্ট অৱ অফিচ প্ৰচিডিয়ৰ পাঠ্যক্ৰমৰ পাঁচ-দিনীয়া প্ৰশিক্ষণ শিবিৰত তেজপুৰ আৰু ডিফু আঞ্চলিকে ক্ষেত্ৰীয় মূল্যায়ন গোটৰ গৱেষণা বিষয়া যথাক্ৰমে মিছ মৌচুমী দাস আৰু ডঃ ডেইজী বৈশ্যই প্ৰশিক্ষণ গ্ৰহণ কৰে। বিভাগীয় মুৰব্বী শ্ৰীমতী কমলা গোস্বামীয়ে হায়দৰাবাদৰ ষ্টাফ কলেজত প্ৰজেক্ট মেনেজমেণ্ট পাঠ্যক্ৰমৰ ওপৰত প্ৰশিক্ষণ লয়।

মূল্যায়ন কমিটী:

মুখ্য সচিব অধ্যক্ষতাত ৰাজ্যিক স্তৰৰ মূল্যায়ন কমিটী এখন আছে। বিত্ত বিভাগৰ আয়ুক্ত, কৃষি উত্পাদন বিভাগৰ আয়ুক্ত, পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব আকু পাৰ্বত্য অঞ্চলৰ উন্নয়ন আয়ুক্ত হৈছে সদস্য আৰু মূল্যায়ন আৰু নিৰীক্ষণ বিভাগৰ সঞ্চালক এই কমিটীৰ সদস্য সচিব।

বিভিন্ন স্তৰত নিৰীক্ষণ কমিটী – ১৯৮২ চনত পি. এণ্ড ডি. বিভাগে এই নিৰীক্ষণ কমিটী স্থাপনৰ বাবে প্ৰথম পদক্ষেপ লৈছিল আৰু ভৈয়ামৰ জিলাসমূহৰ উপায়ুক্তলৈ পি.ডি.এছ. ২৭/৮২/৭ তাৰিখ ২৮/৮/৮২ নং চিঠিৰ মৰ্মে জিলা উন্নয়ন কমিটী গঠন কৰিবলৈ পৰামৰ্শ দিছিল। কমিটীখনৰ অধ্যক্ষ হিচাপে উপায়ুক্ত ডাঙৰীয়া আছিল আৰু জিলা স্তৰত উন্নয়ন বিভাগৰ মুৰব্বীসকল জিলা উন্নয়ন কমিটীৰ সদস্য আছিল। ২০০২ চনত চৰকাৰী অধিসূচনা নং পি.ডি. (এম.ই.) ৭৫/২০০২/৩ তাৰিখ ১০/১০/২০০২ মৰ্মে স্তৰত নিৰীক্ষণ কমিটী এখন বেচিকৈ গঠন কৰা হয়।.

২০০২ চনত চৰকাৰী অধিসূচনা নং যথাক্ৰমে পি.ডি.(এম.ই.) ৭৫/২০০২/৩ তাৰিখ ১০/১০/২০০২ আৰু পি.ডি.(এম.ই.) ৭৫/২০০২/৩ তাৰিখ ১০/১০/২০০২ মৰ্মে মুখ্য সচিবৰ অধ্যক্ষতাত ৰাজ্যিক স্তৰৰ নিৰীক্ষণ কমিটী আৰু বিভাগীয় আয়ুক্তৰ অধ্যক্ষতাত চাৰিখন নিৰীক্ষণ কমিটী গঠন কৰা হয়। চৰকাৰী অধিসূচনা নং পি.ডি.ইউ. ২১/৬৯ পি.টি-২/২ তাৰিখ ১/১১/১৯৭৫ মৰ্মে মুখ্য সচিবৰ অধ্যক্ষতাত গঠন হোৱা ৰাজ্যিক স্তৰৰ মূল্যায়ন কমিটীখন এতিয়াও বাহাল আছে যদিও ১৯৮৮ চনৰ পৰা কোনো নিয়মীয়া সভা বহা অনুমোদনৰ বাবেহে গঠন কৰা হৈছিল।

ই. এণ্ড. এম. বিভাগৰ অধীনস্থ বৰ্তমানে থকা কমিটীসমূহ –

ৰাজ্যিক মূল্যায়ন কমিটী –:
ক. মূল্যায়ন আৰু বিভাগীয় প্ৰতিবেদনবিলাক বিবেচনা কৰা আৰু প্ৰতিবেদনত অনুমোদন দিয়া মতে কাৰ্যব্যৱস্থা লবলৈ চৰকাৰক পৰামৰ্শ দিয়া।

খ. মূল্যায়ন কৰা কাম সহজসাধ্য কৰিবলৈ বিভিন্ন বিভাগৰ পৰা সমন্বয় আৰু সহযোগিতা লাভ কৰা।

ৰাজ্যিক স্তৰত নিৰীক্ষণ কমিটী –
ৰাজ্যিক স্তৰত কৰ্ম বিভাগৰ বাবে নিৰীক্ষণৰ কৌশল উদ্ভাৱন কৰা।

বিভাগীয় নিৰীক্ষণ কমিটী –:
সকলো কৰ্ম বিভাগৰ বিভাগীয় আয়ুক্তৰ বাবে নিৰীক্ষণ কৌশল উদ্ভাৱন কৰা।

জিলা উন্নয়ন কমিটী –
আঁচনিসমূহৰ সূত্ৰ, অনুমোদন, কাৰ্যকৰীকৰণ আৰু নিৰীক্ষণ কাৰ্যৰ চোৱাচিতা কৰা আৰু আন্তঃবিভাগীয় কথাসমূহ বিধে বিধে ভাগ কৰা।

জিলা স্তৰত নিৰীক্ষণ কমিটী –
জিলা স্তৰত নিৰীক্ষণ কৌশল উদ্ভাৱন কৰা আৰু কৰ্ম বিভাগৰ দ্বাৰা মুকলি কৰা ফাণ্ড ব্যৱহাৰ কৰাটো পৰীক্ষা কৰা।