মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

কাজিৰঙা

পটভূমি

  • মূলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে ৪৩০ বৰ্গ কি.মি. এলেকা আৱৰি বিস্তৃত হৈ আছে। বন্যপ্ৰাণীবোৰে ভালদৰে অৱস্থান কৰিব পৰাকৈ বৰ্তমান উদ্যানখনক ৮৫৮.৯৮ বৰ্গ কি.মি. লৈ বিস্তাৰিত কৰা হৈছে।
  • সংগঠিত চিকাৰ আৰু আৱাসস্থলৰ অবনতিৰ কাৰণে কাজিৰঙা ভূ-খণ্ডৰ সমৃদ্ধ জৈৱ- বৈচিত্ৰ্য শংকতৰ সন্মুখীন হৈছে।
  • এশিঙ্গীয়া গড়ৰ(যোৱা পিয়ল অনুসৰি ২২৯০টা) উপৰিও কাজিৰঙা উদ্যানখনত অন্য বন্যপ্ৰাণী যেনে-ৰয়েল বেঙ্গল বাঘ, এচিয়াটিক জল ম’হ, এচিয়া হাতী, চাম্বাৰ, বাৰ্কিং হৰিণ, ডাঙৰ শিঙৰ হৰিণ, হোলক গিবন, কেপ্পড লংগোৰ, প্ৰায় ৪৮০ প্ৰজাতিৰ বিভিন্ন চৰাই আদিও পোৱা যায়।
  • প্ৰত্যেক বছৰে হোৱা বানপানী আৰু নিকটবৰ্তী কাৰ্বি আংলং পাহাৰৰ পৰা ভ্ৰমি অহা বন্যপ্ৰাণীৰ দৃশ্য অতি সাধাৰণ।
  • বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংগঠনৰ দ্বাৰা সমৰ্থিত এক সুসংগঠিত বন বিভাগ থকাৰ পাছতো, উদ্যানখনত সম্প্ৰতি বৃদ্ধি পোৱা চোৰাংচিকাৰ আৰু বে-দখলৰ বিপদৰ সন্মুখীন হৈছে।

সমস্যাসমূহঃ

সকলোতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো চিহ্নাক্ত কৰা হৈছে যে চিকাৰীসকলে ভিতৰুৱা গাঁৱ এলেকাৰ দৰিদ্ৰ মানুহবোৰক জড়িত কৰি এক বৃহত্ জালৰ ব্যৱহাৰ কৰিছে। এই গাঁৱৰ লোকসকল জৈৱ বৈচিত্ৰ্যৰ পৰিৱেশগত সেৱা বা বিশ্বৰ ঐতিহ্য স্থান হিচাপে কাজিৰঙাৰ গুৰুত্ব সম্পৰ্কে অজ্ঞাত/ অজ্ঞ।

আন সমস্যাসমূহঃ

  • ঘৰচীয়া ম’হৰ লগত হোৱা মিলনৰ ফলত বনৰীয়া জল ম’হৰ জীনৰ অবক্ষয় হৈছে, ঘাঁহবোৰত অদৰকাৰী ঘাঁহ-বনৰ আক্ৰমণ, ঘৰচীয়া জীৱ-জন্তু চৰোৱাৰ চাপৰ ফলত হোৱা মহামাৰীয়ে বন্যপ্ৰাণী আৰু মানুহৰ সংঘৰ্ষৰ কাৰণে বিপদ বাঢ়ি গৈছে।
  • বিশেষকৈ কঠিন স্থলচিত্ৰৰ ফলত বানৰ সময়ত বন্যপ্ৰাণীসমূহক সুৰক্ষিত ৰখাটো বনাঞ্চলৰ কাৰণে এটা অতি বাস্তৱিক প্ৰত্যাহ্বান। সেইকাৰণে সংৰক্ষণৰ সকলো সংশ্লিষ্ট প্ৰচেষ্টাত সমূদায়ৰ অংশগ্ৰহণ অতি আৱশ্যকীয়।

বন বিভাগৰ  ভাল ইণ্টেলিজেন্স নেটৱৰ্ক থকাৰ পাছতো চোৰাং চিকাৰীসকলে বন্যপ্ৰাণী চিকাৰ আৰু স্মাগল কৰাৰ ক্ষেত্ৰত নতুন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি এতিয়াও সক্ৰিয় হৈ আছে।

ইতিমধ্যে এইটো প্ৰতিষ্ঠিত হৈছে যে আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব্যৱসায়ীসকলে এই অঞ্চলৰ স্থানীয় চিকাৰীসকলৰ সহায়ত তেওঁলোকৰ কাৰ্যক্ৰম চলাই গৈছে।

মৌলিক উদ্দেশ্যসমূহঃ

  • বিদ্যমান জীৱিকা অৰ্থনীতিক আত্মনিৰ্ভৰশীল অৰ্থনীতিলৈ ৰূপান্তৰ কৰিবৰ কাৰণে যি পাৰম্পৰিক পৰিস্থিতি-অনুকূল কাৰ্যক্ৰম আৰু ব্যৱসায়ৰ ওপৰত ভিত্তি কৰি আগবাঢ়িবলৈ সক্ষম হয়।
  • স্থানীয় মানৱ আৰু প্ৰাকৃতিক লক্ষণসমূহৰ অপ্ৰচলিত সূত্ৰসমূহ ব্যৱহাৰ কৰি বিদ্যমান পৰ্যটনৰ সাম্ভাব্যতাক উন্নত কৰা আৰু আগবঢ়াই লৈ যোৱা।
  • পৰ্যটনৰ সম্ভাৱনীয়তাক আগত ৰাখি স্থানীয় জাতি আৰু জনজাতিসমূহ, যেনে- মিচিং, কাৰ্বি আৰু প্ৰাক্তন চাহ/চাহ বাগানৰ সম্প্ৰদায়সমূহৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিক তুলি ধৰা।
  • কৌশল বিকাশ আৰু ক্ষমতা নিৰ্মাণৰ কাৰণে সমল কেন্দ্ৰ প্ৰতিষ্ঠা কৰা।

প্ৰণালীবিদ্যাঃ

  • কাজিৰঙা ভূ-খণ্ডৰ নিৰ্বাচিত পিছপৰা এলেকাৰ অৰ্থ-সামাজিক অৱস্থাৰ মূল্যায়ন কৰা।
  • জি.আই.এছ. আৰু আৰ.এছ. প্লেটফৰ্মত এলেকাৰ সম্পদ মানচিত্ৰণ। ভূমি জৰীপ কৰা যাতে উপযুক্ত কৃষি কাৰ্যক্ৰম গ্ৰহণ কৰিব পৰা যায়।
  • পিছপৰা এলেকাবোৰত সজাগতা কাৰ্যসূচী আয়োজন কৰা।
  • স্থানীয় গাওঁ পঞ্চায়ত আৰু সুবিধাকৰ্তা আৰু এলেকাত সক্ৰিয় অন্য সমাজ কৰ্মীৰ সহায়ত নিৰ্বাচিত গাওঁসমূহত পৰিবেশ অনুকূল জীৱিকাক বিকশিত কৰা। সামাজিক আৰু আৰ্থিকভাৱে পিছপৰা হিতাধিকাৰীসকলক লক্ষ্য হিচাপে লৈ মহিলা আৰু যুৱকসকলক সহায় কৰাৰ কাৰণে বিশেষ জোৰ দিয়া হৈছে। যিসকলে জীৱিকা অৰ্জনৰ বাবে বে-আইনী কাৰ্যকলাপৰ লগত জড়িত হয় তেনে লোকসকলক উপকৃত কৰিব পৰাকৈ কাৰ্যকলাপ প্ৰস্তুত কৰা হয়।

কাৰ্য পৰিকল্পনাঃ

  • লক্ষ্য হিচাপে লোৱা গ্ৰামীণ দৰিদ্ৰসকলৰ মাজত আত্মবিশ্বাসৰ নিৰ্মাণ কৰা। গ্ৰামীণ দৰিদ্ৰসকলৰ কাষ চপাৰ কাৰণে স্বাস্থ্য আৰু পশু চিকিত্সা টীকা শিৱিৰৰ লগত সজাগতা শিৱিৰ।
  • গাওঁ পঞ্চায়ত, স্থানীয় বে-চৰকাৰী সংস্থা আৰু চৰকাৰী বিষয়া/ এজেঞ্চীৰ সহায়ত এক বিশদ সামাজিক- অৰ্থনৈতিক জৰীপ কৰা। কৃষি, পশু চিকিত্সা আৰু বন বিভাগে তেওঁলোকৰ পূৰ্ণ সহযোগিতা আগবঢ়াব।
  • সম্পূৰ্ণ এলেকাৰ জি.আই.এছ./আৰ.এছ. মেপিং কৰা।
  • পিছপৰা গাওঁৰ স্থানীয় লোকসকলৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰাৰ কৌশলৰ কাৰণে অধ্যয়ন কৰা হব।
  • উদ্দেশ্যত উপনীত হবৰ কাৰণে নিৰ্দিষ্ট অৰ্থনৈতিক আৰু কল্যাণকাৰী উপায়সমূহক আকোৱালি লব লাগে যি পৰম্পৰাগত, জৈৱ-অনুকূল প্ৰকৃতিৰ আৰু অত্যাধিক লাভজনক হয়।
  • এই দুই উদ্দেশ্যক আগত ৰাখি কাজিৰঙা অভয়াৰণ্যৰ ৫ টা গাওঁ পঞ্চায়তৰ আওতাত মুঠ ৪০ খন গাওঁৰ দৈৰ্ঘ্য আৰু প্ৰস্থক সামৰি অৰ্থনৈতিক কাৰ্যকলাপসমূহ গ্ৰহণ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে।
  • অঞ্চলসমূহত বিশেষকৈ কৃষি আৰু কৃষি সম্বন্ধীয় এছ.আই.আৰ.ডি. ৰ অৰ্থনৈতিক কাৰ্যকলাপসমূহক লোকপ্ৰিয় কৰা।
Downloads
TitleSizeDetail
Introduction1.72 MBswf-image
Our approach4.91 MBswf-image
Acknowledgement640.67 KBswf-image
Our team640.66 KBswf-image
Socio-economic survey2.04 MBswf-image
Students block placement report2.45 MBswf-image
Life: women and children2.87 MBswf-image
Agriculture scenario2.7 MBswf-image
Health scenario2.22 MBswf-image
Ex-tea tribes community937.23 KBswf-image
Birding as a part-time job2.5 MBswf-image
Detailed population survey report3.82 MBswf-image
Points to ponder1.1 MBswf-image
Forest, Hills and Bio-diversity643.79 KBswf-image
Human animal conflict4.39 MBswf-image