মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

বহনক্ষম উন্নয়ন লক্ষ্য, ২০৩০ আৰু অসম

অসমত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ পৰিপালন অৱস্থা

জানুৱাৰী, ২০১৬-জুন,২০১৭লৈ কৰ্মৰ অগ্ৰগতিৰ প্ৰতিবেদন

পাতনি

            বহনক্ষম উন্নয়নৰ লক্ষ্য (SDGs) আঁচনিখন দাৰিদ্ৰতা নিৰ্মূল, আমি বাস কৰা পৃথিৱীখনৰ সুৰক্ষা আৰু জনসধাৰণৰ সকলোৱে যেন শান্তিৰে থাকি উদগতি কৰিব পাৰে, সেই উদ্দেশ্যে দিয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই ২০১৬ চনৰ পাব পৰা ১৭টা লক্ষ্য বিশ্বজনীন পৰামৰ্শৰ মাধ্যমত সহস্ৰাব্দ উন্নয়নৰ লক্ষ্যৰ প্ৰসতুত কৰি তদুপৰি বিশ্ব ভাৱনাৰ আন আন নতুন ধাৰণা, যেনে- বতৰ পৰিৱৰ্তন, সুষম খাদ্য, শান্তি আৰু ন্যায় লগতে আন আন নতুন ধৰণৰ ধ্যান ধাৰণা লগ কৰা হৈছে। অঞ্চলসমূহৰ চাহিদাৰ লগত খাপ খুৱাবলৈ অংশীদাৰিত্বৰ ওপৰত সেইমতে গঢ় দি লক্ষ্য প্ৰাপ্তিৰ বাবে স্থিৰ কৰা নীতিত SDGs প্ৰতিষ্ঠা কৰা হৈছে।

            ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২০১৫ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ মজিয়াত দিয়া তেখেতৰ ভাষণত কৈছিল যে আজি ভাৰতত হোৱা বহুবিলাক উন্নয়নৰ কাৰ্যসূচী বহনক্ষম উন্নয়ন লক্ষ্যত প্ৰতিফলিত হৈছে। অসম চৰকাৰে সেই নিশ্চিতিয়ে খতবান্ধ খাই SDGs আঁচনিক অসমত আগবঢ়াই নিবলৈ যত্নপৰ হৈছে। ২০১৫ চনৰ ২৮ ডিচেম্বৰ তাৰিখে এক চৰকাৰী নিৰ্দেশযোগে অসম চৰকাৰে অসম-২০৩০ শীৰ্ষক এক পদক্ষেপৰ আঁচনিখন বহনক্ষম উন্নয়নৰ লক্ষ্যৰ লক্ষ্যত উপনীত হবলৈ বুলি ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰে। অসম ২০৩০ – আমাৰ সপোন, আমাৰ প্ৰতিশ্ৰুতি নথিত থকা নিৰ্দেশিকাত অসম চৰকাৰৰ নীতি নিৰ্ধাৰণত SDGs আঁচনিক কেনেকৈ সুমুৱাব পাৰি তাৰে কৌশল বৰ্ণনা কৰা আছে। ৰাজ্যৰ নীতি নিৰ্ধাৰণত SDGs আঁচনিক সুমুওৱা এইখনেই বিশ্ব তথা বাৰতৰ প্ৰথম ভাগত পৰা ৰাজ্য। পিছৰ পিনে ২০১৭ চনৰ ৪ মাৰ্চৰ এক চৰকাৰী আদেশযোগে চৰকাৰৰ সকলো বিভাগকে SDGs আঁচনি কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে, যাতে আমাৰ লক্ষ্য তেওঁলোকে অনুধাৱন কৰিব পাৰে।

১. বহনক্ষম উন্নয়নৰ লক্ষ্য কাৰ্যকৰীকৰণত লগা অনুষ্ঠানৰ পৰিকাঠামো –

            বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আঁচনিসমূহ আগুৱাই নিবলৈ অস চৰকাৰে ২০১৬ চনৰ জানুৱাৰী মাহত গুৱাহাটীৰ খানাপাৰাত থকা অসম প্ৰশাসনীয় মহাবিদ্যালয়ত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কেন্দ্ৰ (Centre for sustainable Development Goals (CSDGS) স্থাপন কৰে। অনুষ্ঠান হিচাপে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কেন্দ্ৰ  হৈছে এটা প্ৰবুদ্ধ মণ্ডল,  যত অসম চৰকাৰৰ সকলো বিভাগে SDGs আঁচনিসমূহ আগুৱাই নিয়াৰ বাবে প্ৰয়োজনীয় কাৰিকৰী সাহায্য আৰু গৱেষণাসমূহ চিন্তা-চৰ্চা কৰা হয়। ২০১৬ চনৰ জানুৱাৰী মাহৰ পৰা সকলো বিভাগৰ মাজত SDGsৰ কাৰ্যক্ৰমণিকাৰ মাজত সমন্বয় ৰখাৰ বাবে ৰূপান্তৰণ আৰু উন্নয়ন বিভাগক সংযোগী বিভাগ হিচাপে ধৰা হৈছে। ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ ভিতৰত SDG সম্পৰ্কীয় কাৰ্যসমূহৰ সহায় হবলৈ এটা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কোষ স্থাপন কৰা হৈছে। এই কোষে ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঙৰীয়াক পোনপটীয়াকৈ প্ৰতিবেদন দাখিল কৰে। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কেন্দ্ৰই ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ সহযোগত বিভাগবিলাকৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আঁচনিসমূহ কাৰযকৰীকৰণৰ বাবে পৰিকাঠামোৰ উন্নয়নত দৰকাৰ হোৱা নিৰীক্ষণৰ কৌশলসমূহ অৱগত কৰে। ৰাজ্যিক SDG আগভাগ লোৱা পুঁজিৰ বিভিন্ন যোগানকাৰী সকলক এই কেন্দ্ৰটোৱে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সংক্ৰান্তত আৰু সামৰ্থ্য সৃষ্টিৰ বাবে লগা প্ৰশিক্ষণ দিয়ে। ২০১৭ চনৰ ৪ মাৰ্চৰ চৰকাৰী নিৰ্দেশ মৰ্মে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কৌশল সমৰ্থন সমূহ(Strategy Support Groupৰ ((SSSG) এখন semi-formal সন্থা মুখ্য সচিব ডাঙৰীয়াই গঠন কৰে। এই স্বেচ্ছাসেৱী দলটোত তেওঁলোকৰ বিভাগীয় দায়-দায়িত্ব চেৰাই গৈ SDGsৰ কাৰ্যপদ্ধতিত আত্মোত্সৰ্গ কৰা বিষয়াসকল অন্তৰ্ভুক্ত হৈ আছে। এই দলটোৱে মুখ্য সচিব ডাঙৰীয়াক সহায় কৰাৰ লগতে বিভিন্ন বিভাগে SDGs আঁচনিসমূহ কাৰ্যকৰীকৰণত বিভিন্ন ধৰণে অনুঘটকৰ কাম Single Synergized Holistic Initiative (SSHI) হিচাপে সম্পন্ন কৰে, লগতে বৃহত্ আৰম্ভণৰ বাবে শক্তি আৰু গতিবেগৰ সৃষ্টি কৰে।

চিত্ৰ ১.১ অসমত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কাৰ্যকৰীকৰণৰ বাবে লগা আনুসঙ্গিক সাজ

 

পৰিৱৰ্তন আৰু উন্নয়ন বিভাগ আৰু SDG কোষ

 

SDGৰ কৌশলী সহায়ক

SDGsৰ কেন্দ্ৰ

ৰাজ্যিক স্তৰত সকলো বিভাগ

বিভাগ/জিলা/স্বায়ত্ব শাসিত পৰিষদ

অংশীদাৰ – CSOs/আন্তৰ্জাতিক সন্থা

 

২. কৰিবলৈ লোৱা/চলিত হৈ থকা/আঁচনিৰ বাবে কামসমূহ

২.১ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাস্তবায়নৰ প্ৰাথমিক পৰিকল্পনাৰ বাবে কৰ্মী দলসমূহ(জানুৱাৰী ২০১৬- মে ২০১৬)

বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আঁচনিসমূহ কাৰ্যকৰীকৰণৰ বাবে সেইবিলাক বিভাগৰ ১০টা কৰ্মী দলক প্ৰাৰম্ভিক আঁচনি যুগুতাবলৈ দিয়া হৈছিল। এই কৰ্মী দলসমূহে আলোচনা কৰিছিল আৰু সেই আলোচনাৰ ভিত্তিত ৫২টা বিভাগে, বুজাপৰা, আঁচনি আৰু ৰাজ্যিক স্তৰত কাৰ্যকৰী কৰাৰ বাবে আগবাঢ়ি আহিছিল।

২.২ অসম ২০৩০ – আমাৰ সপোন, আমাৰ প্ৰতিশ্ৰুতি দৰ্শন আৰু কৌশলৰ নথি মুকলি  (জুলাই ২০০৬)

            বহনক্ষম উন্নয়নৰ লক্ষ্যৰ লক্ষ্য আৰু স্থাপত্যৰ নথি অসম ২০৩০ – আমাৰ সপোন, আমাৰ প্ৰতিশ্ৰুতি, ২০১৬ চনৰ জুলাই মাহত মুকলি কৰা হয়। এই নথিখন ৰাজ্যই বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আঁচনি প্ৰাপ্তিৰ লক্ষ্য হিচাপে নিটি আয়োগলৈ আগবঢ়ায়।

২.৩ প্ৰশিক্ষণ আৰু সামৰ্থ্যৰ সৃষ্টি (জুলাই ২০১৬-মাৰ্চ,২০১৭)

            বিভিন্ন বিভাগৰ পৰা চৰকাৰী বিষয়া আনি একেৰাহে ৯টা সামৰ্থ্য সৃষ্টিৰ প্ৰশিক্ষণ শিবিৰ খোলা হয়। প্ৰশিক্ষণসমূহৰ কেন্দ্ৰবিন্দু আছিল –

            ১. বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বিষয়ে বুজা

            ২. অসমত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰাসঙ্গিকতা

            ৩. অসমত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ নীতিৰ আঁচনি

            ৪. সমত কৃতকাৰ্য্যতাৰে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কাৰ্যকৰীকৰণ আৰু নিৰীক্ষণৰ বাবে কৌশলৰ উন্নয়ন

২.৪ অসমত অৰ্থনৈতিক জৰীপ (আগষ্ট,২০১৬-মাৰ্চ,২০১৭)

            ২০১৬-১৭ চনৰ অসমৰ অৰ্থনৈতিক জৰীপত অসম,২০৩০ৰ নিৰীক্ষণ আৰু অগ্ৰগামীতাৰ সূচক আৰু লক্ষ্যৰ এটা অধ্যায় অন্তৰ্গত হৈ আছে। এই সূচক আৰু লক্ষ্যসমূহ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সমস্বৰত বনাই লোৱা হৈছে আৰু সেইবিলাক নিৰীক্ষণৰ মঞ্চৰ একে শাৰীতে ঠিকে ঠাকে খুৱাই থোৱা আছে (২.৭ নং দ্ৰষ্টব্য)। বিভিন্ন ধৰণৰ আৰু পুঁজি যোগানকাৰীৰ মতে হোৱা আলোচনা মৰ্মে SDGsৰ বাবে ৫৯টা গধুৰ ধৰণৰ সূচক উন্নীত কৰা হৈছিল। ২০১৭ চনৰ মাৰ্চ মাহৰ অৰ্থনৈতিক জৰীপ; অধ্যায় XX ত এই কথাখিনি প্ৰকাশ কৰা হৈছে।

২.৫ SDGsৰ কৌশল সম্পৰ্কে নথি আৰু কৰ্ম আঁচনি (২০১৬ চনৰ অক্টোবৰৰ পৰা এতিয়ালৈ)

            ৭ বছৰীয়া কৌশলৰ বিষয়ে নথি আৰু ৩ বছৰীয়া কৰ্ম আঁচনিৰ (SPAP) নথিসমূহ নিটি আয়োগে বিচৰা মতে ২০১৬ চনৰ মধ্যভাগৰ পৰা প্ৰস্তুত কৰি থকাৰ আৰম্ভ হৈছে। এই বিষয়ে বিভাগসমূহৰ লগত প্ৰথমলানি আলোচনা ২০১৬ চনৰ অক্টোবৰৰ শেষ সপ্তাহত অনুষ্ঠিত হৈছিল। এই দুয়োখন নথি প্ৰস্তুত কৰিবলৈ বিভাগসমূহে নিৰ্দেশিকা আৰু অসম চৰকাৰে প্ৰস্তুত কৰা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ পৰীক্ষামূলক নিৰ্দিষ্ট কেন্দ্ৰীয় সূচকৰ অনুকৰণ কৰিছিল। ২০১৬ চনৰ অক্টোবৰৰ পৰা এতিয়ালৈ বিভিন্ন বিভাগৰ লগত অবিৰতভাৱে মানসিক শ্ৰম আৰু আলোচনা কৰাৰ অন্তত বিভাগসমূহে তেওঁলোকৰ ৭ বছৰীয়া কৌশলৰ বিষয়ে আৰু ৩ বছৰীয়া কৰ্ম আঁচনিৰ নথিসমূহ পুনৰ নিৰীক্ষণ কৰে আৰু সেইবিলাক ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ ওচৰত দাখিল কৰে।

            শেহতীয়াকৈ বিভাগীয় SPAPs  চূড়ান্ত কৰি সেইখিনি ৭ বছৰীয়া অসম উন্নয় কাৰ্যসূচী আৰু ৩-বছৰীয়া অসম কৰ্ম আঁচনিৰ লগত সঞ্চলন কৰা এখন পথ নিৰ্দেশিকা দেখা গৈছে। এই উদ্দেশ্যে ১৭টা SDGsক ৮টা নিৰ্দিষ্ট থূপত ভাগ কৰা হৈছে। সেই হিচাপে সেইবিলাক বিভাগ সংলগ্ন থকা আৰু তেওঁলোকৰ SPAPs আঁচনিৰ চূড়ান্ত পুনৰীক্ষণৰ উদ্দেশ্যে ২০১৭ চনৰ এপ্ৰিলৰ শেষ সপ্তাহৰ পৰা ৮খন থূপ হিচাপে মন্ত্ৰণা সভা পতা হৈছিল। মন্ত্ৰণা সভাখন এবাৰ শেষ হৈ যোৱাৰ পাছত বিভাগসমূহে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অতিৰিক্তভাৱে দৰকাৰ হোৱা তথ্যসমূহ সুমুৱাই তেওঁলোকৰ SPAPsৰ নথি চূড়ান্ত কৰা হব। এই মন্ত্ৰণা সভাসমূহত কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সেই বিভাগসমূহৰ প্ৰতিনিধি আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰৰ ইউএনডিপি, ইউনিচেফ, ডব্লিউএইচও ৰ লগতে আন আন বিলাকো বিশেষজ্ঞ হিচাপে সেই সভাত উপস্থিত থাকে।

২.৬ ২০১৭-১৮ বাজেটৰ ফলাফল (ফেব্ৰুৱাৰী-মাৰ্চ, ২০১৭)

            ২০১৭-১৮ চনৰ বাজেটৰ ফলাফলৰ ওপৰত পুনৰীক্ষণ অনুশীলন কৰি Assam Vision 2030ৰ নথিৰ প্ৰতিখন আঁচনিৰ নিৰ্দিষ্ট অংশ আৰু খৰচ আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ লক্ষ্যসমূহৰ প্ৰতিখন আঁচনিৰ সুৰুঙাসমূহ পৰীক্ষা কৰে। বহনক্ষম উন্নয়নৰ লক্ষ্যক কৌশলগতভাৱে চিহ্নিত কৰি সমগ্ৰ আঁচনিৰ ওপৰত চৰকাৰে কৰা এনে অনুশীলন এইবাৰেই প্ৰথম।

২.৭ নিৰীক্ষণ আৰু অগ্ৰসৰতাৰ নথি (মাৰ্চ,২০১৬ৰ পৰা বৰ্তমানলৈ)

            অসম চৰকাৰে চৰকাৰে বিশিষ্ট কেন্দ্ৰীয় SDG সূচক আৰু SDGsৰ লক্ষ্যৰ আৰ্হিৰ চিহ্নিতকৰণ নিৰ্ণয় কৰি আছেষ ৰাজ্যৰ বিশিষ্ট কেন্দ্ৰীয় সূচকৰ ৫৯টা এটা গোট চিহ্নিত কৰা হৈছে আৰু নিয়মিতভাৱে খণ্ডিত স্তৰত নিৰীক্ষণৰ আঁচনি লৈছে। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কেন্দ্ৰই আন আনবিলাকৰ সহযোগত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কাৰ্যকৰীকৰণ কৰি ৰাজ্য চৰকাৰক শক্তিশালী কৰা কামত পৰ্য্যবেক্ষণ, শিকণ আৰু মূল্যায়ন (Monitoring, Learning and Evaluation) পদ্ধতিত কাম কৰি আছে। আৰু লগতে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কেন্দ্ৰক এটা নিৰীক্ষণ, মূল্যাংকন আৰু পুঁজি যোগানৰ সন্থা হিচাপে সামৰ্থ্য সৃষ্টি কৰিবলৈ কাম কৰি আছে। চৰকাৰে ৰাজ্যিক স্তৰত দাচবোৰ্ড এখন সৃষ্টি কৰিবলৈ প্ৰস্তাৱ লৈছে যত বিভিন্ন উত্সৰ পৰা অহা যেনে- লোকপিয়ল, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য গণনা, অসমৰ পৰিসংখ্যাৰ হাতপুঁথি আদিৰ প্ৰাথমিক আৰু দ্বিতীয় স্তৰৰ যুক্তযুক্ত তথ্যসমূহ একে সূৰীয়া হৈ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অগ্ৰগতি নিৰীক্ষণ আৰু চৰকাৰৰ আঁচনি সম্পৰ্কিত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকৰ সৰ্বাঙ্গীন অগ্ৰগতি নিৰীক্ষণ কৰিব পাৰিব। বভাগীয় নিৰীক্ষণ পদ্ধতি আৰু বৰ্তমানেও বাহাল থকা বিভাগীয় MIS হব কেন্দ্ৰীয় বহনক্ষম উন্নয়নৰ লক্ষ্যৰ দাচবোৰ্ডৰ প্ৰাথমিক তথ্য দিয়াৰ উত্স। বিভিন্ন বিভাগৰ বৰ্তমানেও বাহাল থকা তথ্য সংগ্ৰহ MIS পদ্ধতি, সময়-সূচী ইত্যাদিৰ কাৰ্যকৰী অৱস্থাৰ বুজ লবলৈ চেষ্টা কৰি থকা হৈছে আৰু এইবিলাকৰ দ্বাৰা এখন সংযুক্ত সাধাৰণ মঞ্চ উন্নীত কৰিবলৈ চেষ্টা কৰা হৈছে। বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকে বহুওৱা আঁচনিৰ বিপৰীতে এই চিহ্নিতবিলাক হব বৰ দৰকাৰী আঁচনি, যিবিলাক বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অধীনত বহুওৱা লক্ষ্যতকৈ বিশেষ ধৰণৰ হব। নিৰ্বাচিত ব্লকসমূহত নিৰ্বাচিত SDGsৰ কাম প্ৰাৰম্ভিক স্তৰত গুৰিয়াল হিচাপে কৰা যাব।

৩. ঘটনা প্ৰবাহ

            ১. লক্ষ্য-৩ আৰু লক্ষ্য-৬ৰ ওপৰত মন্ত্ৰণা সভা

            ২. সন্থাসমূহৰ সামাজিক দায়বদ্ধতাৰ ওপৰত মন্ত্ৰণা সভা (CSR)

            ৩. লক্ষ্য-১ আৰু লক্ষ্য-২ৰ ওপৰত মন্ত্ৰণা সভা

            ৪. লক্ষ্য-৪ৰ ওপৰত মন্ত্ৰণা সভা

            ৫. লক্ষ্য-১২, ১৩, ১৪ আৰু ১৫ৰ ওপৰত মন্ত্ৰণা সভা

 

৪. কৰ্মসমূহৰ সময় নিৰূপন –

৪.১ কৰ্মৰ তালিকা

            ১. বহনক্ষম উন্নয়নৰ লক্ষ্যৰ লক্ষ্য পাবলৈ অনুষ্ঠানৰ পৰিকাঠামো (সম্পূৰ্ণ হোৱা, আকৌ বৃদ্ধি কৰিবলৈ ব্যৱস্থা ৰখা)

            ২. বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আশ্ৰিত আঁচনি আৰু (বৰ্দ্ধিত) প্ৰকল্প কৃতকাৰ্যতাৰে সম্পন্ন কৰিবলৈ কাৰো লগত অংশীদাৰিত্ব।

            ৩. বহনক্ষম উন্নয়নৰ লক্ষ্যৰ (ৰাজ্যিক স্তৰত সম্পূৰ্ণ হোৱা, উপ-জিলা স্তৰত চলি থকা)ৰ বাবে চৰকাৰী কৰ্মচাৰী নিয়োজিত কৰা।

            ৪. দীৰ্ঘকালীন লক্ষ্য নিৰীক্ষণ সূচকৰ সৈতে লোৱা অসম ২০৩০ (সম্পূৰ্ণ)

            ৫. ভেঁটি স্তৰ আৰু লক্ষ্য থকা লগতে অসম অৰ্থনৈতিক জৰীপ ২০১৬-১৭ত সুমুওৱা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচক কেন্দ্ৰৰ উন্নয়ন (সম্পূৰ্ণ)

            ৬. বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ভেঁটিত স্থাপিত বাজেটৰ ফলাফলৰ উন্নয়ন (সম্পূৰ্ণ, তাৰ বাদেও শুদ্ধিকৰণ চলি আছে)

            ৭. কৌশল সৃষ্টিৰ নথি আৰু কৰ্ম আঁচনি তদুপৰি বিশেষজ্ঞৰ ফীডবেক পাবলৈ মন্ত্ৰণা সভাৰ আয়োজন চূড়ান্ত কৰা (চলিত অৱস্থাত আছে)

            ৮. বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কাৰ্যকৰীকৰণ শক্তিশালী কৰিবলৈ ক্ষেত্ৰীয় স্তৰত মন্ত্ৰণা সভাৰ আয়োজন কৰা (চলিত অৱস্থাত আছে)

            ৯. বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকৰ পথৰ অগ্ৰগতিৰ উচিত সময় নিৰীক্ষণ কৰিবলৈ নিৰীক্ষণ পদ্ধতি প্ৰস্তুত কৰা (চলিত অৱস্থাত আছে)

            ১০. মন্ত্ৰণা সভাৰ ফলশ্ৰুতিত বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ভেঁটিত অসম উন্নয়ন কাৰ্যক্ৰমণিকাৰ কৌশল সৃষ্টিৰ নথি প্ৰস্তুতকৰণ (চলিত অৱস্থাত আছে

৪.২ কৰ্মসমূহৰ সময়সূচী

            ১. ২৮ ডিচেম্বৰ,২০১৫ – ১৭টা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আঁচনিক অসম চৰকাৰৰ আঁচনিৰ নীতিৰ ভিতৰত সুমুৱাবলৈ চৰকাৰী আদেশ।

            ২. ১ জানুৱাৰী, ২০১৬ – অসম ২০৩০ পদক্ষেপ  উদ্ভাৱন

            ৩. জানুৱাৰী,২০১৬ – ৰূপান্তৰ আৰু উন্নয়ন (তেতিয়া প্ৰকল্প আৰু উন্নয়ন) বিভাগক সহযোগী বিভাগ হিচাপে নামাকৰণ কৰা।

            ৪. জানুৱাৰী, ২০১৬ – CDGsৰ বাবে কেন্দ্ৰ স্থাপন

            ৫. জানুৱাৰী, ২০১৬ – বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আঁচনিসমূহৰ কাৰ্যকৰণৰ বাবে বিভাগসমূহৰ সেইবিলাক ক্ষেত্ৰৰ আঁচনি প্ৰস্তুতৰ বাবে বিভাগসমূহৰ ১০টা কৰ্মী দল গঠন।

            ৬. ফেব্ৰুৱাৰী,২০১৬ – অসম ভিজন ২০৩০ উন্মোচন

            ৭. ফেব্ৰুৱাৰী –মে, ২০১৬ – কৰ্মীৰ দলগত হিচাপে আলোচনা আৰু অসমৰ মুখ্য সচিবৰ সভাকক্ষত প্ৰতিবেদন দাখিল কৰা।

            ৮. জুলাই,২০১৬ – লক্ষ্য আৰু কৌশল সৃষ্টিৰ নক্সা নথি অসম ২০৩০ – আমাৰ সপোন, আমাৰ প্ৰতিশ্ৰুতিৰ প্ৰস্তুতি আৰু মুকলি কৰি নিটি আয়োগক দাখিল।

            ৯. জুলাই, ২০১৬-মাৰ্চ,২০১৭ – এই সময়চোৱাত চৰকাৰী বিষয়াসমূহৰ বাবে ৯টা প্ৰশিক্ষণ শিবিৰৰ যোগেদি সামৰ্থ্য সৃষ্টিৰ প্ৰশিক্ষণ প্ৰদান।

            ১০. আগষ্ট-ছেপ্টেম্বৰ,২০১৬ – বহনক্ষম উন্নয়নৰ লক্ষ্যৰ লক্ষ্যৰ সৈতে ২০১৬-১৭ৰ বাজেটৰ বিশেষভাৱে চিহ্নিত কৰা বিষয়সমূহ চিহ্নিতকৰণ।

            ১১. আগষ্ট,২০১৬-মাৰ্চ,২০১৭ – ৫৯টা বিশেষ কেন্দ্ৰীয় বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকৰ চূড়ান্তকৰণ।

            ১২. অক্টোব,২০১৬-মাৰ্চ,২০১৭ – বিভাগীয় SPAP প্ৰস্তুতি আৰু অবিৰত পুনৰীক্ষণ

            ১৩. অক্টোবৰ,২০১৬ – UNDPৰ সহযোগত ন-কৈ পৰীক্ষাগাৰ সজোৱা

            ১৪. ফেব্ৰুৱাৰী-মাৰ্চ,২০১৭ – বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ২০১৭-১৮ বাজেটৰ ফলাফলৰ প্ৰস্তুতি।

            ১৫. মাৰ্চ,২০১৭ – বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আঁচনিখনৰ কাৰ্যকৰীকৰণত সকলো চৰকাৰী বিভাগকে সহায় কৰিবলৈ মুখ্য সচিবৰ দ্বাৰা চৰকাৰী আদেশ প্ৰেৰণ

            ১৬. এপ্ৰিল,২০১৭ৰ পৰা বৰ্তমানলৈ – SPAPs চূড়ান্ত কৰিবলৈ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ভাগে ভাগে মন্ত্ৰণা সভা অনুষ্ঠিত কৰা আৰু অসম উন্নয়নৰ কাৰ্যক্ৰমণিকাত সঞ্চলন।

            ১৭. এপ্ৰিল,২০১৭ৰ পৰা বৰ্তমানলৈ – বহনক্ষম উন্নয়নৰ লক্ষ্যৰ নিৰীক্ষণ আৰু মূল্যায়নৰ বাবে সঞ্চৰ প্ৰস্তুতি – আগবাঢ়ি আছে।

            ১৮. মে,২০১৭ – CSR ক বহনক্ষম উন্নয়নৰ লক্ষ্যৰ লগত Synergising কৰিবলৈ কৰা মন্ত্ৰণা সভা।

            ১৯. জুন,২০১৭ৰ পৰা বৰ্তমানলৈ – বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ৫-১৭ৰ মন্ত্ৰণা সভা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ আঁচনিৰ বিষয়ে জিলা কাৰ্যবাহীসকলক সজাগ কৰাৰ বাবে বিভাগীয় মন্ত্ৰণা সভা।

অধিক জানিবৰ বাবে খবৰ কৰক –

            বহনক্ষম উন্নয়নৰ লক্ষ্যৰ কেন্দ্ৰ

            অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়

            খানাপাৰা,গুৱাহাটী- ৭৮১০০২