মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

বহনক্ষম উন্নয়ন লক্ষ্য, ২০৩০ আৰু অসম

হোম

প্ৰত্যেকৰে বাবে সকলো – লক্ষ্যপ্ৰাপ্তিৰ সৈতে বহনক্ষম উন্নয়ন

            ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৫ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে ১৭টা বহনক্ষম, উন্নয়নৰ লক্ষ্য (SDGs) লগতে ১৬৯ লক্ষ্য আৰু ৩০৪ সূচকৰ আমাৰ পৃথিৱীৰ পৰিৱৰ্তন – ২০৩০ৰ বহনক্ষম উন্নয়নৰ এক কাৰ্যক্ৰমণিকাৰ বাবে প্ৰস্তাৱ লয়। ভাৰত চৰকাৰো সেই প্ৰস্তাৱৰ এখন স্বাক্ষৰকাৰী ৰাষ্ট্ৰ। অসম চৰকাৰে এই কথাত স্বীকৃতি দিছে যে ১৭টা SDG, ১৬৯ লক্ষ্য আৰু ৩০৪ সূচকে বিশ্বৰ জনগণৰ মগলৰ বাবে বিভিন্ন দেশৰ চৰকাৰে কৰিব লগা কৰ্মৰাজি বুলি ঐক্যমতত উপনীত হৈছে।

            অসম চৰকাৰে আকৌ এই কথাটোকো স্বীকৃতি দিছে যে এই লক্ষ্যসমূহৰ থূপতে পোৱা লাভসমূহ অসমৰ জনতাৰ স্বাস্থ্য, সুখ, উন্নতিৰ লগতে ৰাজ্যৰ অতুলনীয় প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ বাবে অতি প্ৰয়োজন, যিটোৱে ৰাজ্যৰ বহনক্ষম উন্নয়ন আৰু অৰ্থনৈতিক সংৰক্ষণৰ বাবে দৰকাৰী।

            এইখিনিকে সাৰোগত কৰি অসম চৰকাৰে ২০১৬ চনৰ পহিলা জানুৱাৰীৰ পৰা SDGsক ৰাজ্যত কাৰ্যক্ষম কৰি তুলিবলৈ সিদ্ধান্ত লৈছে আৰু  বহনক্ষম উন্নয়ন লক্ষ্যৰ আলোকত অসম-২০৩০ (Assam-2030 in the light of SDGs) ৰ সূত্ৰপাত কৰিছে।

            বহনক্ষম উন্নয়নৰ লক্ষ্যই (SDGs) এই কথাটোত স্বীকৃতি দিছে যে অৰ্থনৈতিক উন্নয়ন, আন্তঃগাঁথনি আৰু শক্তিৰ সুগমতাই উন্নয়নৰ ভেটি। সকলো স্তৰৰ দাৰিদ্ৰ্য মোচনেই হৈছে আমাৰ কাৰ্যক্ৰমণিকাৰ শীৰ্ষ বিষয়। সেই কথাষাৰ আমাৰ মূলমন্ত্ৰ সবকা সাথ সবকা বিকাশ প্ৰতিফলিত হৈছে।

            ২০১৬ চনৰ ২৪ মে তাৰিখে কাৰ্যভাৰ লোৱাৰ পিছতে নতুন চৰকাৰে অসমৰ বাবে ভিজন ডকুমেণ্ট ২০১৬-২০২৫ বিধানসভা নিৰ্বাচনত প্ৰাক্-মুহূৰ্তত SDGsৰ লগত একে সুৰত ঘোষণা কৰিছিল যে আটাইতকৈ দুখীয়া মানুহজনক আমাৰ কাৰ্যক্ৰমণিকাৰ কেন্দ্ৰবিন্দুত ৰাখি সময়ৰ লগে লগে পাঠ শিকি সংস্কাৰ সাধন কৰি উন্নত কৰিম যাতে প্ৰতিজনে আমাৰ এই যাত্ৰাত যোগদান কৰিব পাৰে।

Downloads
TitleSizeDetail
PDF icon SDGs Vision Document5.68 MBswf-image