মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

বহনক্ষম উন্নয়ন লক্ষ্য, ২০৩০ আৰু অসম

চমুকৈ ঘটনাৰাজি

অসমত SDGsৰ কৰ্মসমূহ

  • সন্মিলিত সন্থাৰ মন্ত্ৰণা সভা-

১১ মে, ২০১৭, গুৱাহাটী – ৰূপান্তৰ আৰু উন্নয়ন বিভাগ CSDGS-এ ONGC আৰু UNDPৰ সহযোগত Synergizing Corporate Social Responsibilities (CSR) and Sustainable Development Goals (SDGs)ৰ ওপৰত এখন এদিনীয়া মন্ত্ৰণা সভা পাতিছিল। সেই এদিনীয়া মন্ত্ৰণা সভাখনৰ উদ্দেশ্য আছিল বৰ্তমানৰ CSR  কৰ্মৰ লগত SDGsৰ সংযোগ স্থাপন কৰাৰ লগতে অসমত SDGs সম্পৰ্কিত কাম সম্পন্ন কৰা আৰু অংশীদাৰিত্বৰ বাবে এখন মঞ্চৰ সৃষ্টি কৰা। সেই মন্ত্ৰণা সভাখনৰ মুখ্য অতিথি আছিল অসম চৰকাৰৰ মুখ্য সচিব শ্ৰী ভি.কে. পিপাৰছেনিয়া; লগতে ভাৰতত থকা চীন, ইণ্ডোনেছিয়াৰ কাৰ্যালয়ৰ প্ৰতিনিধি তদুপৰি NRL, TATA গ্ৰুপৰ লগতে আন আন সংস্থা আৰু MSMEs  আৰু ৰাজ্যত কৰ্মৰত বেচৰকাৰী সন্থাসমূহ।

  • কৌশল সম্বন্ধীয় নথি আৰু কৰ্ম আঁচনি (SPAPs)

২৪ এপ্ৰিল, ২০১৭, গুৱাহাটী – বিভাগীয় SPAPs চূড়ান্ত কৰিবলৈ লক্ষ্য ৩ আৰু লক্ষ্য ৬ৰ বাবে এখন বিভাগীয় মন্ত্ৰণা সভা আহ্বান কৰা হৈছিল। লক্ষ্য ৩ৰ “Ensure healthy lives and promote well-being for all at all ages” সভাখন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আৰু লক্ষ্য-৬ৰ “Ensure availability and sustainable management of water and sanitation for all” সভাখন অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে অনুষ্ঠিত কৰিছিল। এইখন সভা ২৪ এপ্ৰিল তাৰিখে খানাপাৰাৰ AASC ত অনুষ্ঠিত হৈছিল। ভাৰত চৰকাৰ, বেচৰকাৰী সন্থা আৰু আন্তৰ্জাতিক সন্থাসমূহৰ পৰা বিশেষজ্ঞসকলে যোগদান কৰিছিল। সভাত অসম চৰকাৰৰ মুখ্য সচিব শ্ৰী ভি.কে. পিপাৰছেনিয়াই SDGs লক্ষ্যত উপনীত হবলৈ পুঁজিৰ সদব্যৱহাৰৰ ওপৰত লক্ষ্য ৰখা আৰু দায়বদ্ধতা হস্তান্তৰৰ ওপৰত বক্তব্য ৰাখে।

  • বিভাগীয় মন্ত্ৰণা সভা – জিলাসমূহলৈ SDGs নিয়া বিষয়ে-

১ জুন,২০১৭, গুৱাহাটী – জিলাসমূহলৈ SDGsৰ কাৰ্যকলাপ বৃদ্ধিৰ বিষয়ে এটা বুজাপৰাৰ অৱস্থালৈ আহিব পৰাৰ বাবে নামনি অসম বিভাগীয় আয়ুক্তই (LAD) য়ে কামৰূপ মহানগৰ জিলাৰ AASC ৰ অন্তৰ্গত টি এণ্ড ডি. বিভাগ আৰু SDGs কেন্দ্ৰৰ সহযোগিতাৰে ২০১৭ চনৰ ১ জুনৰ দিনা গুৱাহাটীৰ খানাপাৰাৰ AASC ত এখন এদিনীয়াকৈ মন্ত্ৰণাসভাৰ আয়োজন কৰে। SDGsৰ সংজ্ঞা মতে কেনেকৈ এই কামবিলাক বিভাগীয় স্তৰত সংঘটিত হৈ আছে আৰু কামবিলাক কেনেকৈ SDGsৰ লগত সম্পৰ্কিত, সেই কথা জিলা স্তৰৰ বিষয়াখিনিক বুজাই কৰ্মৰ প্ৰতি স্পৃহা সৃষ্টিৰ ওপৰতে এইখন মন্ত্ৰণা সভাই গুৰুত্ব দিছিল। উদ্বোধনী ভাষণত মুখ্য সচিব শ্ৰী ভি.কে. পিপাৰছেনিয়াই জিলাৰ বিভাগীয় বিষয়াসকলক তেওঁলোকৰ নিৰ্দিষ্ট কামসমূহৰ লক্ষ্যৰ প্ৰতি দায়িত্ব লবলৈ আহ্বান জনায়। নামনি অসম বিভাগৰ বিভাগীয় আয়ুক্ত শ্ৰীআহমেদ হুছেইন ডাঙৰীয়াই SDGsৰ কৰ্মসমূহ অসমত কেনেকৈ অগ্ৰগামী হৈ আছে আৰু এই লক্ষ্যসমূহ কেনেকৈ ৰাজ্যত অগ্ৰাধিকাৰ ভিত্তিত কৰা হৈছে, তাকে কয়। চাৰিখনৰ ভিতৰত এইখনেই হৈছে প্ৰথম মন্ত্ৰণা সভা, যি মন্ত্ৰণা সভাই প্ৰশাসনৰ নিম্নতম স্তৰলৈ SDGsৰ দায়িত্ব লোৱা আৰু লৈ যোৱাত কেন্দ্ৰীভূত কৰিব।

বহনক্ষম উন্নয়নৰ লক্ষ্য লক্ষ্য-১ (দাৰিদ্ৰতাহীন) আৰু লক্ষ্য-২ (শূণ্য ক্ষুধা)ৰ চূড়ান্ত কৌশল আৰু কৰ্ম আঁচনি

৮ জুন, গুৱাহাটী – ৰাজ্যৰ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ বাবে এক উন্নয়নশীল কৌশল উদ্ভাৱনৰ দ্বাৰা SDG লক্ষ্য-১ আৰু ২ত উপনীত হবলৈ পুংখানুপুংখভাৱে লক্ষ্য কৰিব লাগে। লক্ষ্য-১ৰ উদ্দেশ্য হৈছে দৰিদ্ৰতা কমোৱা আৰু সকলোৰে বাবে সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা আৰু লক্ষ্য-২ৰ উদ্দেশ্য হৈছে ক্ষুধা নিবাৰণ আৰু সকলো ধৰণৰ অপুষ্টি নিবাৰণ কৰাৰ লগতে বছৰৰ সকলো সময়তে সকলোকে নিৰাপত্তা আৰু সুষম খাদ্য বিশ্বজনীনভাৱে যোগান ধৰাৰ প্ৰতিশ্ৰুতি। লক্ষ্য-১ৰ বাবে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ আৰু লক্ষ্য-২ৰ বাবে কৃষি বিভাগেই হৈছে এই ক্ষেত্ৰত আগৰণুৱা। দুয়োটা বিভাগেই ২০০৭ চনৰ ৮ জুন তাৰিখে লগালগি হৈ তেওঁলোকে লব লগা কৌশল আৰু কৰ্ম আঁচনিৰ ওপৰত এখন মন্ত্ৰণাসভাৰ আয়োজন কৰে। এই বিভাগ দুটাৰ উপৰিও আন আন সহায়কাৰী বিভাগসমূহেও সেই সভাখনত ভাগ লয়। এই সভাৰ বিষয়সমূহ বিভাগসমূহৰ আৰু ৰাজ্যৰ কৰ্ম আঁচনিৰ লক্ষ্য-১ আৰু ২ৰ বাবে সূত্ৰ উলিওৱাত সহায় কৰিব।

  • মানসম্পন্ন শিক্ষাৰ বাবে বহনক্ষম উন্নয়নৰ লক্ষ্য, লক্ষ্য-৪ উন্নীত কৰা –

১৬ আৰু ১৭ জুন, গুৱাহাটী – মানসম্পন্ন শিক্ষা (লক্ষ্য-৪)য়ে ৰাজ্যৰ শিক্ষা খণ্ডত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ মোকাবিলাত সহায় কৰিব। এই লক্ষ্যই নিশ্চয়তা দিছ যে ২০০৩ চনৰ ভিতৰত ল’ৰা-ছোৱালীয়ে বিনামূলীয়া প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰিব। ইয়াৰ লক্ষ্য হৈছে সমানে পাব লগা ব্যৱসায়িক আৰু কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ আৰু লিংগ আৰু সম্পদৰ বৈষম্যৰ বিপৰীতে উচ্চ পৰ্যায়ৰ শিক্ষালৈ সাৰ্বজনীনভাৱে আগবঢ়া। এই উদ্দেশ্য আগত ৰাখিয়ে শিক্ষা বিভাগে “All Children in School and learning with quality within and outside school” নাম দি  strategy paper & Action Plan (SPAP) আঁচনিখনৰ খচৰা প্ৰস্তুত কৰিছে। SPAPs আঁচনিখনৰ আলোচনাসমূহ আগবঢ়াই নিবলৈ শিক্ষা বিভাগে UNICEF আৰু CSDGsৰ লগতে T&D বিভাগৰ সহযোগিতা গ্ৰহণ কৰিছে।

এই মন্ত্ৰণা সভাখনত যোগদানকাৰী সকলৰ মাজত দল হিচাপে স্কুলীয়া শিক্ষাৰ ওপৰত আলোচনা কৰিবলৈ বুলি ৫টা দলত ভাগ কৰা হৈছিল, সেইবিলাক হৈছে বিনামূলীয়া, নিৰপেক্ষ আৰু মানদণ্ড থকা শিক্ষা, প্ৰাক্-প্ৰাথমিক শিক্ষা, স্কুলৰ পাৰিপাৰ্শ্বিকতা আৰু সুবিধাসমূহ, ব্যৱসায়িক আৰু কাৰিকৰী প্ৰশিক্ষণ আৰু ICT শিকা আৰু শিকোৱা। উচ্চ শিক্ষাৰ ওপৰত আলোচক দলে শিক্ষা এক আজীৱন প্ৰৱহমান কাৰ্যপ্ৰণালী, ICT হৈছে পৰিৱৰ্তন আৰু উচ্চ শিক্ষাৰ বাবে পুঁজি যোগান ধৰা প্ৰণালী বুলি কয়।

মাননীয় শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই আলোচক দলসমূহৰ গোটেইখিনি প্ৰধান উপায় শুনি লৈ কোনো এজনো যাতে পিছ পৰি নাথাকে, তাৰ বাবে আদৰ্শনীয় উপায় উলিওৱাত গুৰুত্ব দিয়ে। তেখেতে অলপতে কৰে পশ্চিম কাৰ্বি আংলঙৰ ভ্ৰমণত হাবং আৰু হামৰেণ চহৰৰ বিষয়ে মন্তব্য দি কৈছিল যে এই ঠাইবিলাক উন্নয়নৰ গ্ৰাফখনত কেনেকৈ মূল ভূ-খণ্ড অসমৰ পৰা প্ৰায় ৩০ বছৰ পিছুৱাই আছে। এইখিনিয়ে এই কথাটোৱেই দেখুৱাইছে যে SDG কৰ্মসূচীয়ে ভেদ কৰিব পৰা দাঁতি কাষৰৰ কোনখিনিৰ পৰা যাত্ৰা আৰম্ভ কৰিব লাগিব।

  • বতৰ পৰিৱৰ্তন আৰু পাৰিপাৰ্শ্বিকত ৰক্ষণাবেক্ষণ –

১৪ আৰু ১৫ জুলাই, ২০১৭ – এই মন্ত্ৰণা সভাখন অনুষ্ঠিত কৰা হৈছিল বহনক্ষমভাৱে ক্ষয় আৰু উত্পন্ন (লক্ষ্য-১২), বতৰ পৰিৱৰ্তন (লক্ষ্য-১৩), জলসম্পদ সংৰক্ষণ (লক্ষ্য-১৪) আৰু অসমৰ মাটিৰ ওপৰত থকা প্ৰাণীৰ ওপৰত বহনক্ষম উন্নয়নৰ ওপৰত আলোচনা কৰিবলৈ। এই মন্ত্ৰণা সভাৰ প্ৰাসঙ্গিকতাৰ সীমা অসমত কাৰ্বৰ নিৰ্গমন ৰোধ কৰা আৰু বতৰৰ পৰিৱৰ্তন উপশম কৰা, অসমখন প্ৰদূষণ মুক্ত কৰা, বতৰৰ সলনি হোৱাটো উপযোগীকৈ ৰখা আৰু আগৰ অৱস্থালৈ ঘূৰাই অনা, পানী আৰু নদীবিলাক পৰিচালনা আৰু সংৰক্ষণ কৰা, ভূ-পৃষ্ঠ পৰিচালনা কৰা, মাটি সংৰক্ষণ আৰু জলচ্ছেদ পৰিচালনা আৰু উন্নয়ন আৰু নষ্ট হোৱা বস্তুবিলাক কমোৱা, পুনৰব্যৱহাৰ আৰু পুনৰব্যৱহাৰযোগ্য কৰি তোলা, -বস্তু উত্পন্ন হওঁতে আৰু যোগানত নষ্ট হোৱাটো কমোৱাৰ পৰিচালনা। এই মন্ত্ৰণা সভাখনত বহুবিলাক বাহিৰৰ পৰা অহা বিশেষজ্ঞৰ লগতে চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা অহা সদস্যসকলে যোগদান কৰিছিল। এই মন্ত্ৰণা সভাখনক সম্বোধন কৰি AASCৰ উপদেষ্টা আৰু মেণ্টৰ শ্ৰী অনুৰাগ গোৱেল ডাঙৰীয়াই বিভাগসমূহক SPAPsক এখোজ আগুৱাই লৈ যাবলৈ কয় আৰু কোনে, কত, কেতিয়া আৰু কেনেকৈ কাম কৰিছে এনে ধৰণৰ মূল প্ৰশ্নবোৰ সোধে, তদুপৰি তেখেতে যোগ দি কয় যে SPAPsক আকৌ উধাবলৈ দি ২০৩০ চনৰ বাবে কৌশলখিনি আগতীয়াকৈ প্ৰস্তুত কৰাটো বৰ দৰকাৰ। CSDGsৰ উপদেষ্টা শ্ৰী শিলাদিত্য চেটাৰ্জী ডাঙৰীয়াইও এই কথাটো যোগ দিছে যে প্ৰতিটো লক্ষ্যৰ গৰাকীকে বিভাগবিলাকে চিনাক্ত কৰিব লাগে, আৰু তাৰে প্ৰত্যেকৰে সহায়কখিনিক PPP আৰ্হিত (People-Project-Partnership) চিহ্নিত কৰিব লাগে।

  • নগৰীয়া জনতাকে ধৰি বহনক্ষম চহৰসমূহৰ আগৰ অৱস্থালৈ প্ৰত্যাৱৰ্তন –

৯ আগষ্ট, ২০১৭ – বৰ্তমানে পৃথিৱীৰ মুঠ জনসংখ্যাৰ আধাতকৈ বৈছি মানুহ চহৰত বাস কৰে আৰু এইটো কল্পনা কৰা হৈছে যে ২০৩০ চনলৈ প্ৰতি ১০জন মানুহৰ ৬জনেই চহৰীয়া বাসিন্দা হৈ উঠিব। গুৱাহাটী আৰু অসমৰ আন আন চহৰসমূহলৈ ৰাজ্যৰ ভিতৰত আৰু দেশৰ আন ঠাইৰ পৰা প্ৰব্ৰজন হোৱা বাবে এইসমূহ দ্ৰুতগতিত নগৰীকৰণ হৈছে। SDGৰ লক্ষ্য-১১এ নগৰীকৰণৰ প্ৰথম পদক্ষেপত পানী যোগান, পয়ঃপ্ৰণালী আৰু স্বাস্থ্য বিষয়ক, ধুমুহা-প্ৰাকৃতিক দুৰ্যোগৰ পানী নিষ্কাষণ, নগৰীয়া পৰিবহন, নগৰীয়া গৃহ নিৰ্মাণ, ষ্ট্ৰীট লাইট, পৰ্যাপ্ত আহল-বহল ঠাই, মাষ্টাৰ প্লেনৰ সূত্ৰ আৰু কাৰ্যকৰীকৰণ আৰু আৰবান লোকেল বডিৰ ক্ষমতা বৃদ্ধিকৰণ, সৌৰ শক্তি স্থাপন, বৰষুণৰ পানী সংগ্ৰহ আৰু আন আন তেনে ধৰণৰ কামত দৃষ্টি নিবদ্ধ কৰিলে। মন্ত্ৰণা সভাত বক্তব্য প্ৰদান কৰি মুখ্য সচিব শ্ৰী ভি.কে. পিপাৰছেনিয়া ডাঙৰীয়াই উপস্থিত সদস্যসকলক সুধিছে, এটা কমিউনিষ্ট মানে কি? –কমিউনিষ্ট মানে হল কমন। এখন ভাল চহৰৰ সৃষ্টি কৰিবলৈ তাৰ জনসাধাৰণক যোগদান কৰোৱাটো যে মূল চাবি-কাঠি, তাৰ ওপৰত তেখেতে জোৰ দিছে। যোগদান কৰা বিভাগসমূহক পৌৰ নিগমৰ আৰু আন আন আনুসঙ্গিক আইনসমূহ চাই তাৰ কোনবিলাক আইন কামত লগা নাই, সেইবিলাকক আকৌ কামত লগাবলৈ তেখেতে উপদেশ দিয়ে। স্থানীয় স্ব-শাসিত চৰকাৰখনক উন্নীত কৰিবলৈ তেখেতে জোৰ দি কয় যে, পৃথিৱীৰ আটাইতকৈ ভাল নগৰখন হৈছে ভালদৰে শাসিত চৰকাৰ। প্ৰাসঙ্গিক দলসমূহক নগৰ পৰিবহন, নগৰ গৃহ নিৰ্মাণ, নগৰ প্ৰশাসন আৰু নগৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত ভাগ ভাগ কৰি দিয়া হৈছে। দলীয় আলোচনাৰ ওপৰত ভিত্তি কৰি ২০৩০ চনৰ ভিতৰত বহনক্ষম ঠাই সৃষ্টি কৰিবলৈ কি ব্যৱস্থা লোৱা হব তাক অনুোমদন কৰা হয়।